কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘেৰ্ঘেৰাIntransitive verb; Adjective
A Aঘেৰ্ঘেৰীয়া ঘেৰ ঘেৰ্ কৰা; ডিঙিত কফৰ কাৰণে বা পানী লাগি ভগা আৰু কৰ্কশ (মাত)
hoarse
- ঘৈয়াghaiẏāTransitive verb
ঘা মাৰ্; কটা অস্ত্ৰেৰে কোব মাৰ্ বা প্ৰহাৰ কৰ্
to strike with a cutting weapon
- ঘোঁকট্ghom̐kaṭTransitive verb
গাঁত বা কোনো বস্ত্তৰ ভিতৰত থকা বস্ত্ত মাৰি আদি সুমাই ৰোক্ বা খোঁচ্
to stir or shake with a stick, etc.; thrust into anything
- ঘোঁকা-ঘোঁকেAdverb
খামোচা-খামোচে; চপৰা-চপৰে
handful by handful
- ঘোঁক্ghom̐kTransitive verb
গাঁত বা ঠেক ঠাইৰপৰা আঙুলি বা জোঙা বস্ত্তৰে ৰুকি বাহিৰলৈ আন্; জোঙা বস্ত্তৰে ৰোক্
to gouge out; to scoop
- ঘোঁটনgho`~.tonVerbal Noun
(গাখীৰ বা দৈ) ঘুঁটি বা লৰাই মাখন প্ৰস্তুত কৰা কাৰ্য্য।
the act of agitating (milk or curd) in order to make into butter.
- ঘোঁট্ghom̐ṭTransitive verb
মাৰিৰে ঘূৰাই ঘূৰাই পিহ; মাৰিৰে মিহলাই মথ্ বা পিঠা কৰ্
to mix by stirring with a stick; to reduce to a paste by a rod; to stir up; to churn
- ঘোকোটgho`.ko`tVerb-Trans.
খৰিকাৰে ঘুকটি মলি গুচা; আঙুলি বা মাৰিৰে অলপকৈ খোঁচা বা ঠেলা মাৰ্৷
to cleanse with a pick; shake or stir with a stick or finger thrust into something.
- ঘোচ দেVerb-Trans.
প্ৰাপ্য নোহোৱা বা অবৈধ সুবিধা আদায় কৰাৰ বাবে ধন অথবা উপহাৰ দে
To pay money or give gift in return of undue favour
- ঘোচা মাৰ্gho.sa marVerb-Trans.
হাতৰ বন্ধ মুঠিৰে আঘাত কৰ্
Strike with a closed fist
- ঘোটনgho`.tonVerbal Noun
জুলীয়া বস্তু কোনো সঁজুলিৰে লৰোৱা কাৰ্য্য
the act of agitating a liquid with an implement
- ঘোট্gho`tVerb-Trans.
জুলীয়া বস্তুৰ সৈতে মিহলাই বোকা বা জেলিৰ দৰে অৱস্থালৈ নে।
to stir and mix to the consistency of mud or jelly.
- ঘোদালghodālaTransitive verb
ঘাঁটি বোকা কৰ্; খঁচি মলিন কৰ্
to make muddy by stirring or pudding
- ঘোদাল্gho’.dalVerb-Trans.
to move one's hand or an implement vigorously through a liquid in order to cool, mix, agitate, dissolve, etc
- ঘোপ মৰাghop mo.raVerbal Adj.
চাৰিওফালৰ পৰা ঢাকি বা বেৰি ধৰা (আন্ধাৰ)
closed on all sides (darkness)
- ঘোপা চাৱনিgh`.pa sa.wo.niVerbal Noun
খং বা বিৰক্তি প্ৰকাশ কৰোঁতে চেলাউৰি কোঁচ খোৱা কাৰ্য্য |
A facial expression of dislike or displeasure.
- ঘোপাকৈ চাVerb-Intran.
to roll the eyes up as an expression of anger.
- ঘোল্gholTransitive verb
খঁচি বা সানি বোকাৰ নিচিনা বা লেউলেবা কৰ্
to reduce to the consistency of mud or jelly
- ঘোষণা কৰ্gho`.xo.na korVerb-Trans.
ৰাজহুৱাভাৱে অৱগত কৰা ৷
To make known publicly.
- ঘোষ্ghoṣTransitive verb
লোকক শুনাই প্ৰকাশ কৰ্
to proclaim