কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভট্টাbhot.taMaterial Noun
ইটা বা খাপৰি পুৰি টান কৰিবৰ বাবে বিশেষ ভাবে তৈয়াৰ কৰা এবিধ ডাঙৰ চৌকা ৷
Kilns are big thermally insulated chambers, or ovens. They are used to harden, burn or dry bricks, ceramics etc.
- ভট্টাচাৰ্যbhaṭṭācāryaNoun
বেদাধ্যাপক; বৰ পণ্ডিত লোক
a great scholar
- ভট্টাচাৰ্য্যbhaṭṭācāryyaNoun
বেদাধ্যাপক; বৰ পণ্ডিত লোক
a great scholar
- ভঠেলিbhaṭheliNoun
কামৰূপত ব'হাগ মাহৰ প্ৰথম পক্ষত কৰা উৎসব; এই উৎসবত সজা বাঁহ; "পাউৰা-বাঁহ" চোবাঁ।
- ভডকাbhod.kaMaterial Noun
আলু আৰু ঘেঁহু জাতীয় এবিধ শস্যৰ পৰা তৈয়াৰ কৰা সুৰা৷
a wiine from rye and potatoes originally from Russia.
- ভণনNoun
ৰচনা কৰা কাৰ্য্য
act of writing or composing
- ভণীয়েকbho.ni.yekCommon Noun
বক্তাৰ বয়সতকৈ সৰু, একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ স্ত্ৰী সন্তান
A younger female having the same parents or one parent in common with the speaker
- ভণোতাbho.no’.taCommon Noun
যি বৃত্তিগতভাৱে গল্প, উপন্যাস, নাটক আদি ৰচনা কৰে।
one who writes story, novel, drama etc in a professional manner.
- ভণ্টাbhaṇṭāNoun
ল'ৰা-ছোবালীয়ে হাতত লৈ ধেমালি কৰা গুটি বা ঘূৰণীয়া বস্ত্ত; যেনে-"ঊৰ্দ্ধৰক ক্ষেপন্ত ভণ্টাঃ কৰন্ত কটাক্ষ ছটা" (কীৰ্ত্তন)।
- ভণ্টীbhon.tiCommon Noun
বক্তাৰ বয়সতকৈ সৰু, একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ স্ত্ৰী সন্তান
A younger female having the same parents or one parent in common with the speaker
- ভণ্ডbhaṇḍaNoun
যি মানুহে তাৰ আচল স্বভাবটো ঢাকি লোকক অইন এটা স্বভাব দেখুবাব খোজে; বঞ্চক; ছলাহী মানুহ
a hypocrite; a pretender; a deceiver
- ভণ্ডামিbhon.da.miAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- ভণ্ডামি-(-লি)Noun
ভণ্ডৰ স্বভাব।
- ভণ্ডালিbhon.da.liAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- ভণ্ডাৰbhaṇḍāraNoun
ভঁৰাল।
- ভণ্ডাৰীNoun
ভঁৰালী।
- ভতাৰbhatāraNoun
স্বামী
a husband
- ভতিজাbhatijāNoun
ভাই বা ককাইৰ পুতেক
a brother's son
- ভতিজা-ছোৱালীbho.ti.ja-so`.wa.liCommon Noun
ককায়েক-ভায়েক অথবা বায়েক, ভনীয়েকৰ ছোৱালী
the daughter of a brother or sister
- ভতিজীbho.ti.jiCommon Noun
ককায়েক-ভায়েক অথবা বায়েক, ভনীয়েকৰ ছোৱালী
the daughter of a brother or sister