কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বগbagaNoun
বক; দীঘল ঠেং; দীঘল ডিঙি আৰু দীঘল ঠোঁটেৰে এবিধ বগা বৰণৰ মাছ খোবা চৰাই [ঠোঁটৰ বৰণৰ হিছাপে ইয়াৰ দুজাতি; হালধীয়া ঠোঁট থকা জাতিক গৰু-বগ আৰু ক'লা ঠোঁট থকা জাতিক ম'হ-বগ বোলে; আকাৰৰ হিছাপেও দুবিধ; ডাঙৰ বিধক বৰ-বগ আৰু সৰু বিধক সৰু-বগ বোলে; ইয়াৰ বাহিৰেও আৰু এটা উপজাতি আছে; তাৰ ঠোঁটটো ক'লা আৰু আঁকোৰা; তাক আঁকুৰি-বগ কয়।]; বিণ. বগ-ঠুঁটীয়া বগলীৰ ঠোঁটৰ নিচিনা দীঘল, আগ-জোঙা আৰু অলপ ঘোৰ-খোবা
(heron) ; (eagret) ; resembling the bill of a heron
- বগলbagalaNoun
কাষলতি
the armpit
- বগলাbo.go.laProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- বগলা দেৱীbo.go.la de.biProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- বগলীbagalīNoun
বক; দীঘল ঠেং; দীঘল ডিঙি আৰু দীঘল ঠোঁটেৰে এবিধ বগা বৰণৰ মাছ খোবা চৰাই [ঠোঁটৰ বৰণৰ হিছাপে ইয়াৰ দুজাতি; হালধীয়া ঠোঁট থকা জাতিক গৰু-বগ আৰু ক'লা ঠোঁট থকা জাতিক ম'হ-বগ বোলে; আকাৰৰ হিছাপেও দুবিধ; ডাঙৰ বিধক বৰ-বগ আৰু সৰু বিধক সৰু-বগ বোলে; ইয়াৰ বাহিৰেও আৰু এটা উপজাতি আছে; তাৰ ঠোঁটটো ক'লা আৰু আঁকোৰা; তাক আঁকুৰি-বগ কয়।]; বিণ. বগ-ঠুঁটীয়া বগলীৰ ঠোঁটৰ নিচিনা দীঘল, আগ-জোঙা আৰু অলপ ঘোৰ-খোবা
(heron) ; (eagret) ; resembling the bill of a heron
- বগলী-বাঁহbagalī-bām̐haNoun
ঘৰৰ চাল শকত কৰিবৰ নিমিত্তে তাৰ তলত বান্ধি দিয়া গোটা বা ফলীয়া ডাঙৰ বাঁহ।
- বগলী-ভকতbo.go.li-bho.kotCommon Noun
যি ব্যক্তিয়ে প্ৰবঞ্চনা কৰে বা মিছা ভাও দি আনক ঠগে|
a person who makes deceitful pretences.
- বগলীটিকাbo.go.li.ti.kaProper Noun
গোলাঘাট জিলাৰ বোকাখাটৰ ওচৰৰ এখন ঠাই৷
A place near Bokakhat of Golaghat district.
- বগলীমাৰিbo.go.li.ma.riProper Noun
গোৱালপাৰা চহৰৰ সমীপত `বগলীমাৰি` নামৰ গাঁও আছে৷
A village in Goalpara district.
- বগা ঘৰbo.ga.ghorMaterial Noun
ন্যায়সঙ্গতভাৱে ব্যক্তিক আৱদ্ধ কৰি ৰখা স্থান, বিশেষকৈ যিসকল ব্যক্তি স্থানীয়ভাৱে ন্যায়িক বিচাৰাধীন হৈ আছে
A place for the confinement of persons in lawful detention, especially persons awaiting trial under local jurisdiction.
- বগা জৱাbo.ga jo.baCommon Noun
প্ৰায় ১৫-২০ ফুট ওখ, ডাঙৰ পাতৰ (৪-৬ ইঞ্চিৰ) বগা ফুল ফুলা গছ৷
Hibiscus arnottianus is a shrub or small tree generally 15 to 20 feet in height though a few individuals will grow to 30 feet tall. These specimens can be up to 20 feet in diameter. Individual plants vary in appearance from open and airy to compact. The leaves are oval with a smooth upper surface and smooth or slightly toothed edges. The leaves are 4 to 6 inches long and often have red veins and stems.
- বগা ডাঁৰbo.ga da~rAbstract Noun
প্ৰতিদিনে ৰাতিপুৱা যিটো সময়ত পোহৰ হয়।
The time each morning at which daylight first begins.
- বগা বঙালbo.ga bo.ngalCommon Noun
ইংলেণ্ড দেশৰ বাসিন্দা।
primarily inhabitants of Britain.
- বগা বাউনাbo.ga bau.naCommon Noun
বহুত ঘনত্ব সম্পন্ন সৰু মৃত তৰা৷ তৰাবোৰৰ ইন্ধন শেষ হোৱাৰ পিচত সিহঁতৰ নিজৰ মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত সেইবোৰ ক্ৰমান্বয়ে সংকুচিত হ’বলৈ ধৰে, যাৰ ফলত সিহঁতৰ ঘনত্ব বহু গুণে বাঢ়ি যায়৷ যিবোৰ তৰাৰ ভৰ সূৰ্যৰ ভৰৰ ১.৫ গুণতকৈ কম হ্য় সিহঁতৰ ইলেক্ট্ৰণবোৰৰ বিপৰীতমুখী গতিৰ কাৰণে এই সংকোচন এটা সময়ত বন্ধ হ্য় আৰু তৰাটোৱে এটা স্থায়ী অৱস্থা লাভ কৰে৷ এনে অৱ্স্থা প্ৰাপ্ত তৰাবোৰকে বগা বাউনা বা বগা মৃত তৰা বোলে৷
A faint star of enormous density, a small star composed mostly of electron-degenerate matter. They are very dense; its mass is comparable to that of the Sun and its volume is comparable to that of the Earth. Its faint luminosity comes from the emission of stored thermal energy.
- বগা বাহকbagā, bāhakaNoun
অলপ বহল আৰু দীঘলীয়া পাতেৰে এবিধ সৰু গছ [ইয়াৰ ফুল বগা, পাত আৰু শিপা কফৰ বেমাৰত ব্যবহৱত হয়।]
a medicinal plant; adhatoda vasica
- বগা বেমাৰbo.ga be.marAbstract Noun
চালত বগা দাগ পৰা এবিধ বেমাৰ
A skin disease that whiten patches of the skin
- বগা ভালুকbo.ga bha.lukCommon Noun
মেৰু অঞ্চলত বাস কৰা এবিধ ভালুক।
The polar bear (Ursus maritimus) is a carnivorous bear whose native range lies largely within the Arctic Circle, encompassing the Arctic Ocean, its surrounding seas and surrounding land masses.
- বগা মৃত তৰাbo.ga mri.to to.raCommon Noun
বহুত ঘনত্ব সম্পন্ন সৰু মৃত তৰা৷ তৰাবোৰৰ ইন্ধন শেষ হোৱাৰ পিচত সিহঁতৰ নিজৰ মধ্যাকৰ্ষণ বলৰ প্ৰভাৱত সেইবোৰ ক্ৰমান্বয়ে সংকুচিত হ’বলৈ ধৰে, যাৰ ফলত সিহঁতৰ ঘনত্ব বহু গুণে বাঢ়ি যায়৷ যিবোৰ তৰাৰ ভৰ সূৰ্যৰ ভৰৰ ১.৫ গুণতকৈ কম হ্য় সিহঁতৰ ইলেক্ট্ৰণবোৰৰ বিপৰীতমুখী গতিৰ কাৰণে এই সংকোচন এটা সময়ত বন্ধ হ্য় আৰু তৰাটোৱে এটা স্থায়ী অৱস্থা লাভ কৰে৷ এনে অৱ্স্থা প্ৰাপ্ত তৰাবোৰকে বগা বাউনা বা বগা মৃত তৰা বোলে৷
A faint star of enormous density, a small star composed mostly of electron-degenerate matter. They are very dense; its mass is comparable to that of the Sun and its volume is comparable to that of the Earth. Its faint luminosity comes from the emission of stored thermal energy.
- বগা মেদেলুবাbagā, medelubāNoun
আঁৰৰ নিমিত্তে বাৰীৰ ঢাপত ৰোবা এবিধ সৰু গছ [ইয়াৰ আৰু এটা উপজাতি আছে; তাৰ ফুল ৰঙা-হালধীয়া; আৰু তাক ৰঙা- মেদেলুবা বোলে]; "মেদেলুবা" চোবাঁ
a kind of plant; tephorosia candila
- বগা হাতীbo.ga ha.tiMaterial Noun
অযথা খৰচ বঢ়োৱা বস্তু ।
A thing that is useless and no longer needed ,although it may have cost a lot of money.