কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফাঁকিবাজpha.ki-bajProper Adj.
মিছা কথা কোৱা মানুহ ৷
A person who has lied or who lies repeatedly.
- ফাঁকুpha~.kuMaterial Noun
ফাকুৱাত ব্যৱহাৰ কৰা এবিধ ৰঙীন গুড়ি
A type of red powder sprinkled in the <b>Holi </b>festival.
- ফাঁকুগুৰিpha~.ku.gu.riMaterial Noun
ফাকুৱাত ব্যৱহাৰ কৰা এবিধ ৰঙীন গুড়ি
A type of red powder sprinkled in the <b>Holi </b>festival.
- ফাঁচphām̐caNoun
অপৰাধীৰ ডিঙিত লগাই প্ৰাণ বধ কৰা খোৰোচা জৰী
halter for hanging men
- ফাঁচী বজাৰpha~.si bo.jarProper Noun
গুৱাহাটী মহানগৰৰ পশ্চিম অংশত গুৰুত্বপূৰ্ণ অঞ্চল এটা৷
An important place in west of Guwahati city
- ফাঁচী-কাঠpha~.si-kathMaterial Noun
অপৰাধীৰ ডিঙিত ৰচীৰে বান্ধি ওলোমাই ৰাখি মৃত্যুদণ্ড দিয়াৰ কাৰণে ব্যৱহাৰ কৰা কাঠৰ গাঁথনি
a wooden frame used for killing criminals by hanging them from it with a rope around their neck
- ফাঁচী-শালpha~.si-xalMaterial Noun
অপৰাধীৰ ডিঙিত ৰচীৰে বান্ধি ওলোমাই ৰাখি মৃত্যুদণ্ড দিয়াৰ কাৰণে ব্যৱহাৰ কৰা কাঠৰ গাঁথনি
a wooden frame used for killing criminals by hanging them from it with a rope around their neck
- ফাংphāmNoun
চিপ্ৰাং; খূৰ্পী
a small iron tool for digging
- ফাং-ফুংphang-phungAbstract Noun
মিছা কথাৰে ভৰা বা সত্য নোহোৱা গুণ।
Lack of real value; not truth.
- ফাং-বাজীphang-ba.jiAbstract Noun
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
the act of fooling others by using dishonest method
- ফাংক্phankAbstract Noun
১৯৬০ ৰ দশকত কৃষ্ণবৰ্ণীয় আমেৰিকানসকলৰ মাজত আৰম্ভ হোৱা এবিধ সাংগীতিক ধাৰা, যিয়ে পাছলৈ ডিস্ক’ আৰু হিপহপ সংগীতৰ বিকাশত প্ৰভূত বৰঙণি যোগায়
An African American musical style that originated in the 1960 leading to the development of disco and hip hop music
- ফাংচালিphang.sa.liAbstract Noun
মূৰ্খামি অথবা গাম্ভীৰ্য্যহীনতাৰ পৰিচায়ক কোনো আচৰণ।
an act that is perceived as foolish or frivolous.
- ফাংফুং বেজphang.phung bejCommon Noun
প্ৰয়োজনীয় শিক্ষা নথকা চিকিৎসক
a person who claims to have knowledge or skills that they do not really have.
- ফাইphāiNoun
উত্তেজনা
excitement
- ফাইদাphai.daAbstract Noun
দৰমহা, ভাড়া, কেঁচামালৰ বাবে হোৱা ব্যয় আদি বাদ দিয়াৰ পাছত উত্পাদক বা নিয়োগকাৰীৰ হাতত ৰৈ যোৱা অতিৰিক্ত ধন
The monetary surplus left to a producer or employer after deducting wages, rent, cost of raw materials.
- ফাইলphāilaNoun
দৰ্খাস্ত, নথি-পত্ৰ আদি সাবধানে ৰাখিব পৰা দুফলীয়া ডাঠ কাগজৰ যতন; তেনেকৈ ৰখা নিৰ্দ্দিষ্ট কাগজপত্ৰ
file
- ফাউণ্টেনপেনphāuṇṭenapenaNoun
ভৰাই লোবা চিয়াহি জোঙেদি নিজৰি ওলাই থকা কলম
foutain pen
- ফাউণ্ড্ৰিMaterial Noun
ধাতু সাঁচত ঢালি গঢ়াপিটা কৰা ঠাই৷
a factory where metal is melted and poured into specially shaped containers to produce objects.
- ফাউলfaulVerbal Noun
খেলত খেলুৱৈয়ে বিধি উলঙ্ঘা কৰা কাৰ্য ।
an action that is against the rules of the game.
- ফাওphāoNoun
কিনা বেচা কৰাত জোখ বা লেখত বাজে এনেই লগাই দিয়া অতিৰিক্ত বস্ত্ত; ভচি
a small quantity given gratis over and above what is actually purchased