কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ট’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- টাটীṭāṭīNoun
বাৰী বা খেত ৰক্ষা কৰিবৰ নিমিত্তে বাঁহৰ কামী, খাগৰি আদি ঘনকৈ বৈ দিয়া ডাঠ বেৰা; আবুৰ ৰাখিবৰ নিমিত্তে দিয়া সেই নিচিনা বেৰৰ আঁৰ; চকোবা
a thick fence of split bamboos or reeds
- টাটৰṭāṭaraNoun
গাত হৈ লাগি ধৰা বা বন্ধ যোবা মলি; কৰপা মৰি ধৰা মলি
dirt accumulated on the skin
- টাটৰিṭāṭariNoun
গাত হৈ লাগি ধৰা বা বন্ধ যোবা মলি; কৰপা মৰি ধৰা মলি
dirt accumulated on the skin
- টানṭānaAdjective
কঠিন; কোমল নোহোবা
hard
- টানকাঠtan.kathCommon Noun
টানকাঠৰ গছ, যেনেঃ নাহৰ বা এনে গছৰ কাঠ৷
trees of very hard wood.
- টানি-মানিṭāni-māniVerb; Noun
টানি-টুনি; বহু কষ্টকৈ।
- টাপ-টিপṭāpa-ṭipaNoun
অনুষ্টূপীয়াকৈ কৰা; অলয় ব্যয় কৰি নাম মাত্ৰকৈ কৰা কাৰ্য্য; সকলভাবে বা উচিত পৰিমাণে নকৰা কাম
a mere semblance of doing a thing; something alone in a miserly way or in a very small scale
- টাপলিṭāpaliNoun
কাপোৰৰ ফাট বা ফাটি ওলোবা বিন্ধাৰ ওপৰত সি দিয়া এটুকুৰা কাপোৰ বা ঢাকনি; কোনো বস্ত্ত ঢাকিবলৈ লগাই দিয়া সৰু খণ্ড
a patch
- টাপি-টুপাṭāpi-ṭupāNoun
অনুষ্টূপীয়াকৈ কৰা; অলয় ব্যয় কৰি নাম মাত্ৰকৈ কৰা কাৰ্য্য; সকলভাবে বা উচিত পৰিমাণে নকৰা কাম
a mere semblance of doing a thing; something alone in a miserly way or in a very small scale
- টাবṭābaNoun
নফটা খুৰা
an undivided hoof
- টাব-চিলিঙিṭāba-ciliṅiNoun
গুৰুৰ আজ্ঞাৰে সমাজৰপৰা বাজ কৰা মানুহৰ ঘৰৰ আগত পোতা খুঁটা
a post erected as a sign of ex-communication before the house of a person
- টাবাস্ক’Proper Noun
এবিধ অতি জলা চ’চ
a red spicy sauce made from peppers
- টাবুৰি-ভাবুৰিṭāburi-bhāburiNoun
ফাকটি-ফুকুটা; ছলনা; প্ৰতাৰণা
deceit; falsehood
- টাবেলṭābelaNoun
গামোচা।
towel
- টামচিং বৰশীṭāmacim, baraśīNoun
ডাঙৰ মাছ মৰা বৰশী।
- টালিṭāli
দুষ্ট; টটাটিঙা; যেনে-"পাৰ্ব্বতী বোলয় শিশুগোট বৰ টালি। পৰশুইৰ কথা কহে কালিব ছবালি" (ভীম-চৰিত্ৰ)
cunning; wicked
- টালি-টোপোলাṭāli-ṭopolāNoun
বন্ধা আৰু মুকলি বস্ত্ত; বস্ত্ত-বাৰি; বস্ত্ত- বেহানি; টোপোলা-টাপলি
bag and baggage
- টালি-বাজিṭāli-bājiNoun
প্ৰতাৰণা; প্ৰবঞ্চনা; ফাকি
deceit; fraud
- টালি-ভুলিṭāli-bhuliNoun
চালুকীয়া ল'ৰাই হাত-ভৰি জোকাৰি কৰা ধেমালি; সৰু ল'ৰাৰ ধেমালি
childish frolic
- টালিটোপোলাta.li.to`.po`.laMaterial Noun
নিজৰ কাপোৰ আৰু অন্যান্য সামগ্ৰী একেলগে বন্ধা টোপোলাৰ সমষ্টি৷
with all one's personal property, cloths and other property.