কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কক্কোলkakkolaNoun
এবিধ সুগন্ধি গুট্
an aromatic berry; cocculus indicus
- কক্বকkakbakaNoun
কিবা পানীত পৰাত হোবা অস্হিৰতা বা অস্হিৰ আৰু অস্পষ্ট মাত।
- কক্ষkakṣaNoun
গাৰ কাষ বা দাঁতি; কাবলতি; যেনে-কক্ষত লৈয়া শিক্ষা বেত বাড়ি (কীৰ্ত্তন)
the side of the body; the arm-pit
- কক্ষপথko.khyo.pothAbstract Noun
সূৰ্য্যৰ দৰে মহাজাগতিক কোনো অস্তিত্বক গ্ৰহ, উপগ্ৰহ, মহাকাশ যান আদিয়ে প্ৰদক্ষিণ কৰা, সাধাৰণতে অধিবৃত্তাকাৰ এক পথ
the path, usually elliptical, described by a planet, satellite, spaceship, etc., around a celestial body, as the sun.
- কক্ষলতিko.khyo.lo.tiMaterial Noun
The hollow space under the arm at the shoulder
- কক্ষাkakṣāNoun
দৱঢ় প্ৰতিজ্ঞা; কথাৰ জিদ
determination
- কক্ষাপটko.khya.potMaterial Noun
পুৰুষে কঁকালত পিন্ধা আৰু পদসন্ধিলৈকে ঢকা সৰু কাপোৰৰ টুকুৰা৷
a small-piece male garment, sometimes kept in place by a belt, which covers the genitals and, at least partially, the buttocks.
- কক্ষীয় বেগko.khyi.yo begAbstract Noun
কোনো এটা বস্তু, যেনে উপগ্ৰহ, যি বেগত থাকিলে কক্ষ পথত থাকিব পাৰে৷
Orbital velocity, velocity sufficient to cause a natural or artificial satellite to remain in orbit. Inertia of the moving body tends to make it move on in a straight line, while gravitational force tends to pull it down. The orbital path, elliptical or circular, thus represents a balance between gravity and inertia.
- ককৰাkakarāNoun
তাঁতশালৰ গৰকাৰ বাজ মূৰ দুটা মাটিত লগাই ধৰি থকা দুফেৰেঙনীয়া বাঁহৰ খুঁটি; নিগনি-খুঁটি।
- ককৰ্তনীয়াkakartanīẏāAdjective
যিমান ডাঙৰ-শকত হ'ব লাগে সিমান নোহোবা; খীণ; পাতল; লেহুকা (কাঠী-কামী আদি)
slender; weak
- ককৰ্ত্তনীয়াkakarttanīẏāAdjective
যিমান ডাঙৰ-শকত হ'ব লাগে সিমান নোহোবা; খীণ; পাতল; লেহুকা (কাঠী-কামী আদি)
slender; weak
- ককৰ্থনাkakarthanāNoun
কটু কথা; গালি; নিন্দা; তিৰস্কাৰ; দুৰ্ব্বাক্য
abuse; reproach
- কখkokhMaterial Noun
কৰঙনৰ জোৰাৰ চুক ।
the part of the body where the legs join at the top including the area around the Genitals
- কঙালী বিহুko.nga.li bi.huProper Noun
আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু (ইংৰাজী মাহ মতে অক্টোবৰ মাহত)৷ এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়, সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে৷ কাতি বিহুৰ সময়ত খেতিয়কৰ ভঁৰাল প্ৰায় শূন্য হৈ থাকে বাবে এই বিহুত বিশেষ ৰং-ৰহইচ কৰা নহয় ৷ গতিকে অভাৱ-অনাটনৰ সময়ত হোৱা বাবে এই বিহুৰ আন এটা নাম কঙালী বিহু৷ কৃষিজীৱী অসমীয়া মানুহে কাতি বিহুৰ সন্ধিয়া ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধুলি তাৰ গুৰিত আৰু ভঁৰালঘৰৰ দুৱাৰত সভক্তিৰে চাকি জ্বলাই নাম গাই সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলাই৷
The second Assamese Bihu is known as Kati Bihu or Kangali Bihu and is usually held in the month of Kartik or Sankranti (falling in October according to the English calendar). This Bihu is not celebrated with gaiety; this is a Bihu of prayer and meditation. During the month of October people are preparing for the winter crop; there is no harvest- the seeds are being sown and consequently there is no money to splurge on fun. People practise the art of being thrifty and the young ones also learn that money is not just for the asking and that they must refrain from too much spending even on festivity.Kati Bihu is celebrated at the timeof sowing the crop.Goddess Lakshmi is invoked by lighting an oil lamp (deep) every night in the paddy fields, where the people have toiled all day for a month. At home, after a good day's work, the old and the young gather and pray to the goddess and ask her to bless their land with a bountiful crop, and the home and family and livestock with health, wealth and strength.
- কঙ্কkaṅkaNoun
এবিধ ঠোঁট, ডিঙি আৰু ঠেং দীঘল চৰাই; যেনে -"কোণ্ডা কঙ্ক বক; বিবিধ চটক; ভ্ৰমন্ত নিৰ্ভয়ভাবে" (কীৰ্ত্তন)
a bird of the heron family
- কঙ্কণkaṅkaṇaNoun
হাতৰ ঠাৰিত পিন্ধা অলঙ্কাৰ; এবিধ খাৰু
a bracelet
- কঙ্কনkon.gonMaterial Noun
হাতত পিন্ধা এবিধ অলঙ্কাৰ |
Jewellery worn around the wrist for decoration.
- কঙ্কপত্ৰNoun
কণুবাৰ পাখি বন্ধা বা কণুবাৰ পাখিৰ নিচিনা এবিধ কাঁড়; যেনে-"কঙ্কপত্ৰ শৰ হানি সবাকো ভেদিলা" (দ্ৰোণ-পৰ্ব্ব)
a kind of tailed arrow
- কঙ্কালkaṅkālaNoun
কঁকাল
the waist
- কঙ্কুkaṅkuNoun
পৰ্ব্বতত পোবা এবিধ টান বগা মাটি
a kind of hard chalk found in the hills