কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আইজাক নিউটনai.jak niu.tonProper Noun
মাধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক বিজ্ঞানী
A scientist famous for discovering gravity.
- আইটনāiṭanaNoun
বহুদিন পূৰ্ব্বে অসমলৈ অহা শ্যামদেশীয় বৌদ্ধ-ধৰ্ম্মাবলম্বী এজাতি মানুহ।
- আইটনীয়াāiṭanīẏāNoun
বহুদিন পূৰ্ব্বে অসমলৈ অহা শ্যামদেশীয় বৌদ্ধ-ধৰ্ম্মাবলম্বী এজাতি মানুহ।
- আইটিāiṭiNoun
মৰমেৰে ছোবালীক মতা মাত
a term of affection used in addressing or speaking of a girl
- আইঠাāiṭhāNoun
ভেঁটি, উপঢৌকন; যেনে-"কেহো বোলে ইটো ভৰতৰ আইঠা খাইলে। সিকাৰণে চণ্ডালে ৰামক এৰি আইলে।" (মা. ক. অযোধ্যাকাণ্ড)।
- আইতাāitāNoun
মাকক মতা মাত
a word used in addressing or speaking of one's mother
- আইথাকলCommon Noun
উত্তৰ-পূব ভাৰতত পোৱা এবিধ ডাঙৰ বিধৰ কল, ভিতৰত গুটি থাকে, অতি পুষ্টিকৰ শিশু খাদ্য
a type of big banana with small seeds inside, a very nutritious baby food, found in North East India.
- আইদেইৰাCommon Noun
যাৰ পৰা সহায় বা লাভ হয়৷ যেনে- আইদেইৰা কামলা ৷
a term used for someone from which we gain some sort of profit
- আইদেউai.dewCommon Noun
সন্মানীয় আৰু বয়স্ক মহিলাৰ কৰা সম্বোধন৷ আহোম ৰজাৰ দিনত ৰাণীক কৰা সম্বোধন৷
It is used to address older and honorable woman.
- আইদেওāideoNoun
আহোম ৰজাৰ বা ডাঙৰীয়াৰ বিবাহিতা বা আবিবাহিতা জীয়েকৰ উপাধি; আন ডাঙৰ লোকৰ জীয়েককো সম্মান দেখুবাবৰ কাৰণে এইদৰে কোনোবে মাতে
a princess; the title given to a daughter of an Āhom nobleman
- আইধাāidhāNoun
আধা; অধ্যায়
chapter; section
- আইনāinaNoun
ৰজাৰ বিধি-ব্যবস্হা
laws; regulations; statute
- আইনজীৱীa.in.ji.biCommon Noun
আইন সেৱা আগবঢ়োৱা আৰু আদালত বা ন্যায়ালয়ত ওকালতি কৰা লোক|
a person who is trained and qualified to advise people on legal issues and can represent them in the court, a person who is engaged in the legal professon
- আইনজ্ঞāinajñaNoun
আইন জনা লোক
one versed in the law
- আইনতāinataNoun
বাঁহৰ কাঠীৰে কৰা এবিধ মাছ ধৰা বান বা যন্ত্ৰ
fish-trap made of bamboo
- আইনবিহীনProper Noun
Refers to a place or situation where there is no regulary authority.
- আইনষ্টাইনিয়ামain.stai.ni.yamMaterial Noun
এক তেজস্কিয় মৌল৷ পাৰমাণবিক সংখ্যা ৯৯৷ ইউৰেনিয়াম উত্তৰ মৌল৷
A synthetic element with symbol Es and atomic number 99. It is the seventh transuranic element, and an actinide.
- আইনাāināNoun
কাচ বা বেলোলৰ পাতল পতা
a glass pane
- আইফালai.falProper Noun
নিজ মাতৃৰ ফালৰ
relations on one's mother's side.
- আইবেCommon Noun
মাক বা দেউতাকৰ মাক
mother of ones father or mother