কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অকপটচিত্ততাo.ko.pot.sit.to.taAbstract Noun
the quality which makes people simple
- অকপটতাo.ko.po.to.taAbstract Noun
the quality which makes people simple
- অকলবিহo.kol.bihCommon Noun
এডাল গা-গছ হোৱা, দীঘল, জোঙা পাতৰ এবিধ বনৰীয়া উদ্ভিদ।
a wild, medicinal plant having long pointed leaves.
- অকলবিৰo.kol.birCommon Noun
এডাল গা-গছ হোৱা, দীঘল, জোঙা পাতৰ এবিধ বনৰীয়া উদ্ভিদ।
a wild, medicinal plant having long pointed leaves.
- অকল্যাণakalyāṇaNoun
অশুভ; অমঙ্গল; পদ; বিঘিমি
evil; harm; misfortune
- অকলৰিবakalaribaNoun
ডাল নথকা এডলীয়া গা-গছেৰে আৰু ঠেক দীঘলীয়া। আগ-জোঙা পাতেৰে এবিধ ঈষৎ ক'লীয়া বৰণৰ বনৰীয়া সৰু গছ
a wild plant having certain medicinal properties
- অকহিakahiNoun
একৈশ
twenty one
- অকহি পুৰুষNoun
একৈশ পুৰুষ; পুৰ্ব্বপুৰুষসকল; . "অকহি পুৰুষ নৰকত পেলাই জীবৰো মাৰিলি কণ" (বিহুনাম)।
ancestors
- অকহি-পুৰুষo.ko.hi-pu.ruxCommon Noun
ব্যক্তি, প্ৰাণী বা উদ্ভিদ, যাৰ পৰা আন এক ব্যক্তি, প্ৰাণী বা উদ্ভিদৰ জন্ম বা সৃষ্টি হৈছে।
Person, animal or plant from which another has descended or evolved.
- অকাই-পকাইakāi-pakāiVerb; Noun
বেঁকা-বেঁকিকৈ; পোনে পোনে নকৈ বা নগৈ
in a round about way; unstraightforwardly
- অকাজakājaNoun
অনৰ্থ; বিসঙ্গতি; দুৰ্ঘটনা
trouble
- অকাজ্যakājyaNoun
অনৰ্থ; বিসঙ্গতি; দুৰ্ঘটনা
trouble
- অকাডেমিo.ka.de.miAbstract Noun
এখন বিজ্ঞলোকেৰে গঠিত সমিতি বা সভা (ভাৰতীয় প্ৰয়োগ)
(in India) a learned society
- অকালakālaNoun
অসময়; আবতৰ; যি বস্ত্তৰ যি সময়, তাতকৈ পৱথক কাল
not proper time or season
- অকাল বোধনo.kal bo’.dhanVerbal Noun
অসময়ত জগোৱা
The rousing of a deity at an unusual hour or time
- অকাল মৃত্যুo.kal mri.tyuAbstract Noun
অসময়ত হোৱা মৰণ, কম বয়সত মৰণ
death of a person at an early age or at an unexpected time
- অকাল-বোধনNoun
পূজাৰ কাৰণে অকালত দেব- দেবীক জাগৱত কৰা কাৰ্য্য।
- অকাল-মৰণNoun
অসময়ত ঘটা মৱত্যু
premature death
- অকালপক্কতাo.ka.pok.ko.taAbstract Noun
অকালতে, অৰ্থাৎ স্বাভাৱিক সময়তকৈ আগতে বিকশিত হোৱা; যেনেঃ মানসিক বা গুণগতভাৱে।
the property of being prematurely developed, as the mind, faculties, etc.
- অকালবৃষ্টিo.kal.bris.tiAbstract Noun
বহুদিন ধৰি বৰষুণ নোহোৱা অৱস্থা ৷
A long period of abnormally low rainfall, especially one that adversely affects growing or living conditions.