← ফুৰি যাওক

তাল

tāla

অৰ্থ

1.

নাচ, গীত আদিৰ কাল-ক্ৰিয়াৰ ছেও আৰু পৰিমাণ নিৰুপণ কৰিবলৈ বাদ্য-যন্ত্ৰত কৰা আঘাত; গীতৰ সুৰৰ তাৰতম্য দৰ্শাবলৈ কৰা চপৰিয়াই বজোবা বাদ্যৰ বাজন

control or regulation of musical time or rate of movement

বি.

2.

দুই হাতত লৈ গীত আদিৰ লগত চপৰিয়াই বজোবা এবিধ কাহৰ চেপেটা বাদ্য [ইয়াৰ তিনি ৰকম, যেনে-ভোৰ- তাল, পাতি-তাল আৰু খুটি-তাল।]

a cymbal

বি.

3.

(পু. অ.) আঘাত; কোব; যেনে-"আঁজোৰ লাগিয়া দুয়ো বৱক্ষ সেই তালে। উভৰি পৰিল চণ্ড শবদ আস্ফালে" (দশম)

a dash; a violent blow

বি.

4.

টকৌ গছৰ গঢ়ৰ আৰু তাৰ পাতৰ নিচিনা কিন্ত্ত তাতকৈ ডাঙৰ-বহল পাতেৰে এবিধ গছ [দীঘল দীঘল থোপা বান্ধি লমালমে বেল একোটাৰ সমান ফল ধৰে; কোমলতে তাৰ শাহটো কেঁচায় খায়; পকিলে তাৰ বাকলিৰ ৰস খায় আৰু পিঠা আদিৰ লগত মিহলাই ভাজি খায়।]

the fan palm; the palmyra tree; Barassus flabelli formis (Gamble)

বি.

5.

খলপা; মহল; খাপ; থাক

a storey of a house; a stratum

বি.

সমাৰ্থক শব্দ

6.

বৰ ডাঙৰ শব্দৰ আঘাত বা কোব লাগি কাণত সোপা লগা যেন বোধ

a feeling of dumbness caused by a loud sharp noise

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

তাল · অসমীয়া অভিধান