কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খং উঠ্khong uthVerb-Intran.
নিজে খঙৰ ভাৱ প্ৰকাশ কৰ্
To become angry by oneself.
- খং তোল্khong.to`lVerb-Trans.
কাৰোবাক খং তুলি দে
To make somebody angry or furious.
- খক্খকাIntransitive verb; Noun
খক্খকনি খক্ খক্ কৰা কাৰ্য্য; ক্ৰি. বিণ. খক্ খক্ কৰে, খক্ খক্কৈ খঁকুবাৰ দৰে
greedily
- খক্মককৈAdverb
লৰালৰিত আগ-গুৰি হেৰুবাই; খৰ-খেদাত বিতত হৈ।
- খকৰ কৰেkho.kor ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- খকৰাইkho.ko.raiAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- খকৰাই, খকৰ কৰেAdverb
হঠাৎ; গিৰিসাই; নেভাবি-নিচিন্তি (খুন্দা বা মাত মতা)
suddenly; unexpectedly
- খঙত অগ্নিশৰ্মা হkho.ngot og.ni.xor.ma hoVerb-Intran.
নিজে খঙৰ ভাৱ প্ৰকাশ কৰ্
To become angry by oneself.
- খচকাkhacakāTransitive verb
খচা; গচকা; গৰকা; আনৰ হতুবাই ভবিৰে মোহৰা
to cause to be trampled
- খচকৈkhos.koiAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- খচকৈ কkhos.koi koVerb-Trans.
নভবা-নিচিন্তাকৈ তৎক্ষনাৎ কোৱা কথা ।
to say something suddenly and without thinking carefully enough.
- খচক্khacakTransitive verb
গচক্; গৰক্ ; ভৰিৰে মোহাৰ্ ; ভৰিৰে ঘনাই ঘনাই গৰক্
to tread; to trample repeatedly
- খচক্kho.sokVerb-Trans.
কিহবাত ভৰি পেলা
to step on something
- খচকৰেkhos.ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- খচকৰে কkho.so.ko.re koVerb-Trans.
নভবা-নিচিন্তাকৈ তৎক্ষনাৎ কোৱা কথা ।
to say something suddenly and without thinking carefully enough.
- খচখচাkhos.kho.saVerb-Trans.
চকুত কোনো বস্তু পৰি খজতিৰ দৰে অনুভৱ কৰ্
to cause (especially the eyes) to become excessively stimulated, resulting in inflammation, tenderness, etc.
- খচাAdjective; Adverb
খচি খচি
excessively
- খচাkhacāTransitive verb
আনৰ হতুবাই মোহৰাই-পিটিকাই মিহলি কৰা; গৰকা; গচকা
to cause to be crushed, kneaded or trampled
- খচিত কৰ্kho.sit korVerb-Trans.
কোনো বস্তুক আকৰ্ণিয় কৰি তুলিবলৈ আন কোনো বস্তু তাৰ ওপৰত লগাই দে৷যেনে- বিক্ৰমাদিত্যৰ সিংহাসন মনি মুক্তাৰে খচিত/খটোৱা৷
to decorate an item with other decorative objects by engraving them on the surface.
- খচ্khacTransitive verb
হাত বা ভৰিৰে মোহাৰি-সামৰি ভাঙি-ছিঙি গুৰি বা লেউ-সেউ কৰ্; মোহাৰি মিহি বা মিহলি কৰ্
to soften or mix up by repeated treading or squeezing; to tread