কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ষটপদxot.podCommon Noun
ইন্সেক্টা শ্ৰেণীৰ অন্তৰ্গত সৰু সন্ধিপদী প্ৰাণী, যাৰ পূৰ্ণবয়স্ক অৱস্থাত তিনি যোৰ ঠেং আৰু দুযোৰ পাখি থাকে, আৰু শৰীৰটো মূৰ, বক্ষ আৰু পেট অংশত বিভক্ত কৰিব পাৰি৷
Any of numerous usually small arthropod animals of the class Insecta, having an adult stage characterized by three pairs of legs and a body segmented into head, thorax, and abdomen and usually having two pairs of wings.
- ষট্কৰ্মṣaṭkarmaNoun
বামূণৰ কৰিব লগীয়া ছটা কৰ্ম্ম; যেনে-"যজন (পুজা), যাজন (আনৰ পূজাকৰণ), বেদ পঢ়া, বেদ পঢ়োবা, দান আৰু প্ৰতিগ্ৰহ (উপযুক্ত দান-গ্ৰহণ)"
the six principal duties of a Brāhaman- performing sacrifice for one's own sake, performing sacrifice as a priest for others, sacred study, teaching the scriptures, alms-giving and accepting suitable gifts
- ষট্কৰ্ম্মṣaṭkarmmaNoun
বামূণৰ কৰিব লগীয়া ছটা কৰ্ম্ম; যেনে-"যজন (পুজা), যাজন (আনৰ পূজাকৰণ), বেদ পঢ়া, বেদ পঢ়োবা, দান আৰু প্ৰতিগ্ৰহ (উপযুক্ত দান-গ্ৰহণ)"
the six principal duties of a Brāhaman- performing sacrifice for one's own sake, performing sacrifice as a priest for others, sacred study, teaching the scriptures, alms-giving and accepting suitable gifts
- ষট্চক্ৰṣaṭcakraNoun
ৰোগমতে শৰীৰৰ ভিতৰত থকা ছটা ঘূৰণীয়া কাল্পনিক স্হান; যেনে-মূলাধাৰ (গুহ্য-দেশত), স্বাধিষ্ঠান, (লিঙ্গমূলত), মণিপুৰ (নাভি-মূলত), অনাহত (হৱদয়ত), বিশুদ্ধ (কণ্ঠত) আৰু আজ্ঞা (চেলাউৰিত)
the six mystic circles in the human body according to the Tantras
- ষট্চত্বাৰিংশxot.so.twa.ring.xoProper Noun
চল্লিছকৈ ছয় বেছি ৷
six more than forty; the symbol denoting 46. (৪৬ in Assamese)
- ষট্চত্বাৰিংশত্তমxot.sot.twa.ring.xot.tomProper Noun
চল্লিছকৈ ছয় বেছি ৷
six more than forty; the symbol denoting 46. (৪৬ in Assamese)
- ষট্ত্ৰিংশxot.trisProper Noun
ত্ৰিশতকৈ ছয় বেছি ৷
six more than thirty; the symbol denoting 36. (৩৬ in Assamese)
- ষট্ত্ৰিংশত্তমxot.tring.xot.tomProper Noun
ত্ৰিশতকৈ ছয় বেছি ৷
six more than thirty; the symbol denoting 36. (৩৬ in Assamese)
- ষট্পঞ্চাশত্তমxot.pon.sas.tomProper Noun
পঞ্চাশতকৈ ছয় বেছি ৷
six more than fifty; the symbol denoting 56. (৫৬ in Assamese)
- ষট্ষষ্ঠিতমxot.xos.thi.tomProper Noun
ষাঠিতকৈ ছয় বেছি ৷
six more than sixty; the symbol denoting 66. (৬৬ in Assamese)
- ষট্সপ্ততিতমxot.xop.to.ti.tomProper Noun
সত্তৰতকৈ ছয় বেছি ৷
six more than seventy; the symbol denoting 76. (৭৬ in Assamese)
- ষণ্ডṣaṇḍaNoun
ষাঁড়; ভতৰা গৰু
a bull
- ষণ্ডযোদ্ধাxon.do.jo`d.dhaCommon Noun
ষাঁড়ৰ লগত হোৱা যুঁজত যিজন মানুহে ষাঁড়ক বধ কৰে৷
a person who fight and kills the Bull in a Bullfight.
- ষণ্ডামৰ্কṣaṇḍāmarkaNoun
ষণ্ড আৰু অমৰ্ক; শুক্ৰাচাৰ্য্যৰ পুতেক; প্ৰহ্লাদৰ শিক্ষা- গুৰু; বিণ. অতি দুৰ্বৱত্ত আৰু বলবান; গোঁয়াৰ প্ৰকৱতিৰ।
- ষণ্ণৱতিxon.no.wo.tiAbstract Noun
নব্বৈতকৈ ছয় বেছি৷
six more than ninety.
- ষণ্ণৱতিতমxon.no.wo.ti.tomAbstract Noun
নব্বৈতকৈ ছয় বেছি৷
six more than ninety.
- ষত্ববিধিxo.two bi.dhiProper Noun
অসমীয়া শব্দৰ বানানত ঠাই ভেদে একেটা শব্দৰে দন্ত্য স মূৰ্ধন্য ষ লৈ বদলি হোৱাৰ নিয়মসমূহকে ষত্ববিধি বোলা হয়৷
the set of rules governing the change of 'স' to 'ষ' in the spelling of certain Assamese words.
- ষষ্ঠ ইন্দ্ৰিয়Abstract Noun
পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা অনুভূত হোৱাতকৈ অধিক সংবেদনশীল অৱস্থা
the ability to sense beyond the normal five senses
- ষষ্ঠদশxos.tho.doxAbstract Noun
পোন্ধৰতকৈ এক ডাঙৰ সংখ্যাটো বা তাৰ চিনটো
One after fifteen or the symbol for it
- ষষ্ঠভূজxos.tho.bhujAbstract Noun
ছয়টা বাহু আৰু কোণ থকা এক সামতলিক চিত্ৰ৷
Plane figure with six sides and angles.