কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ন খোৱাno kho’.waAbstract Noun
শস্য চপোৱাৰ পাচত উৎযাপন কৰা এক উৎসৱ, যি উৎসৱত নতুনকৈ চপোৱা শস্যৰ পৰা তৈয়াৰ কৰা খাদ্য ৰাজহুৱাভাৱে গ্ৰহণ কৰা হয়।
A festival celebrated at the end of the harvest season, on the occasion of the harvest of the last sheaf of grain.
- ন গোসাঁইna, gosām̐iNoun
লক্ষ্মীসিংহ ৰজাই পতা এক গোসাঁই-বংশ।
- ন দিহিংNo Di.hingCommon Noun
লোহিতjৰ উপনৈ৷নদীখনে চাংলাং জিলাৰ চৌখাম গিৰিপথৰ ওচৰৰ পৰা ওলাই দিয়ুন নৈ নামেৰে নামদফা হৈ ২৫ কি:মি: পশ্চিম মুৱাহৈ মেওঁ চহৰ পায়৷ ইয়াত নৈখৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম৷ মেওঁৰ পৰাই নৈখনক ন-দিহিং নামে জনা যায়৷ এই নৈখনে তিনিচুকীয়া জিলাৰ পূব সীমাৰে মাত্ৰ তিনি কি:মি: আহি ধনেখনা নামৰ ঠাইৰ কিছু উত্তৰত লোহিতত পৰিছে৷
Tributary of Lohit.
- ন-কইনাno-koi.naCommon Noun
নতুনকৈ বিয়া হৈ অহা ছোৱালী৷
a newly married woman.
- ন-খোবাna-khobāNoun
নতুন ধানৰ চাউলেৰে খোবা ভোজ; নবান্ন
the harvest-home
- ন-গুণna-guṇaNoun
আচাৰ, বিনয়, বিদ্যা, প্ৰতিষ্ঠা (মৰ্য্যাদা); তীৰ্থ-দৰ্শন, নিষ্ঠা, বেদপাঠ, তপ আৰু দান, এই নটা লক্ষণ।
- ন-ঘোষাna-ghoṣāNoun
মাধবদেবৰ নাম-ঘোষাৰ পাছত পুৰুষোত্তম ঠাকুৰে ৰচনা কৰা এখন নতুন ঘোষা-পুথি।
- ন-ছোৱালীno.so’.wa.liCommon Noun
নতুনকৈ বিয়া হৈ অহা ছোৱালী৷
a newly married woman.
- ন-জোৱানno.jo’.wanCommon Noun
১৮ বছৰৰ ওপৰৰ অবিবাহিত পুৰুষ।
young unmarried people of both sexes usually above 18 years.
- ন-ধেমালিna-dhemāliNoun
"ধেমালি" চোবাঁ।
- ন-পুৰুষৰ শ্ৰাদ্ধno-pu.ru.xor srad.dhoAbstract Noun
বিয়া আদি গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আগেয়ে নজনা পূৰ্বপুৰুষক সুৱঁৰি কৰা বিশেষ পূজা বা শৰাধ (হিন্দু প্ৰথামতে)।
a special prayer in honour of nine predecessors performed before an important event like marriage ceremony (according to Hindu rites).
- ন-পুৰুষৰ শৰাধno-pu.ru.xor xo.radhAbstract Noun
বিয়া আদি গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আগেয়ে নজনা পূৰ্বপুৰুষক সুৱঁৰি কৰা বিশেষ পূজা বা শৰাধ (হিন্দু প্ৰথামতে)।
a special prayer in honour of nine predecessors performed before an important event like marriage ceremony (according to Hindu rites).
- ন-বোৱাৰীno-bo`.wa.riCommon Noun
নতুনকৈ বিয়া হৈ অহা ছোৱালী৷
a newly married woman.
- ন-ভগনীয়াCommon Noun
চৰকাৰী ভূমিত নতুনকৈ বসতি স্থাপন কৰা লোক৷
one who settles newly on Government land.
- ন`ভাCommon Noun
বিষ্ফোৰিত তৰা, যাৰ উজ্জলতা হঠাৎ বাঢ়ি যায়৷
star that suddenly increases its luminosity and gradually returns to its original brightness
- নংnamNoun
"নম্বৰ" শব্দৰ সংক্ষিপ্ত ৰূপ।
- নংগড়nong.gorMaterial Noun
এখন নাও স্থিতিশীল অৱস্থাত ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা গধূৰ ধাতৱ সঁজুলি
heavy metallic tool to keep a boat stationary
- নইnaiNoun
এনিমিষ কালৰ তিনি ভাগৰ এভাগ; যেনে-"সিখানি কালক বোলয় নই" (মিশ্ৰ-গীতা)।
- নকছাৰীno.ko.sa.riProper Noun
শিৱসাগৰ জিলাৰ এখন উল্লেখযোগ্য ঠাই৷
A place in Sibsagar district of assam.
- নকলnakalaNoun
অনুকৰণ
imitation