কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ত'তta'taPronoun
তেখেত
he; that person
- ত'ৰta'raPronoun
সেই ঠাইৰ
of that place
- তংtamNoun
তামোলৰ গামোচা মলিয়ন নহ'বৰ কাৰণে তাৰ এমূৰত পাৰি ল'বলৈ কেইবাতৰপো কাপোৰ জাপি সি লোবা সৰু তলিচা; পখৰু
a pad or small mat of cloth used as a cover for a cloth in which betel-nut is carried abou
- তংকAbstract Noun
তীব্ৰ, আগ্ৰাসী ভয়
Intense, overpowering fear
- তংলতিtaṃlatiNoun
বৰ খহটা পাতেৰে এবিধ সুগন্ধি ক্ষুদ্ৰ গছ; ইয়াৰ পাতেৰে গোসাঁইঘৰীয়া মালা কৰা হয়
a kind of fragrant plant
- তইtaiPronoun
আপোনাতকৈ বয়সত বা মানত সৰু মানুহক মতা শব্দ
thou
- তই নিজকেtoi ni.jo.kePronoun
তুমি, তই বা আপুনিৰ আত্মবাচক ৰূপ৷ বাক্যত যাৰ বিষয়ে কোৱা হয় তেৱেঁই যদি কিবা কাম কৰে বা/আৰু সেই কামটোৰ দ্বাৰা প্ৰভাৱান্বিত হয় তেতিয়া ইয়াৰ ব্যৱহাৰ হয়৷
the reflexive form of 'you'. It is used when the person being spoken to both causes and is affected by an action.
- তই নিজেtoi ni.jePronoun
তুমি, তই বা আপুনিৰ আত্মবাচক ৰূপ৷ বাক্যত যাৰ বিষয়ে কোৱা হয় তেৱেঁই যদি কিবা কাম কৰে বা/আৰু সেই কামটোৰ দ্বাৰা প্ৰভাৱান্বিত হয় তেতিয়া ইয়াৰ ব্যৱহাৰ হয়৷
the reflexive form of 'you'. It is used when the person being spoken to both causes and is affected by an action.
- তকtakaNoun
অকস্মাৎ বেছিকৈ উঠা খং; জঁক; প্ৰবল কাম-ভাব; জমক
a fit of anger or carnal desire
- তকতাMaterial Noun
গছৰ ছালৰ তলত থকা কঠিন আঁহযুক্ত বস্তু
the hard fibrous lignified substance under the bark of trees
- তকন্Material Noun
বাঁহ বা কাঠৰ শকত, দীঘল, গোল মাৰি|
A relatively long and slender piece of wood or bamboo.
- তকম্বৰিtakambariAdjective
ধন-সম্পত্তি ঢুকাই দৰিদ্ৰ হোবা
reduced to poverty
- তকলতিtakalatiNoun
বাচ্যা-বাচ্যি; বাদানুবাদ; উখনা-উখনি; মুখেৰে কৰা বিবাদ
altercation; an oral dispute
- তকলিফtakaliphaNoun
কষ্ট; অসুবিধা
trouble; difficulty
- তকিলাMaterial Noun
ৰোগ নিৰাময় কৰিবলৈ ব্যৱহাৰ কৰা দ্ৰৱ্য
a substance used to cure diseases
- তকুনাtakunāNoun
ভাত-ঘিল।
- তক্তাtaktāNoun
ডাঙৰ কাঠ চাঁচি বা ফালি কৰা চেপেটা কাঠ; কাঠৰ চুলা
a plank
- তক্তা-পোছNoun
তক্তাৰে কৰা দীঘল-ৰহল বহা বা শোবা খুৰা লগা আসন
a platform made of planks for sitting or sleeping on
- তক্তিtaktiNoun
মাটি জৰিপ কৰোঁতে ব্যবহাৰ কৰা দীঘল খুৰা লগা তক্তাৰ এবিধ সৰু মেজ
a plane-table
- তক্ষকtakṣakaNoun
পৰীক্ষিত ৰজাক খুঁটি মৰা এটা বিখ্যাত সাপৰ নাম
a famous snake who bit King Parīkṣita to death