কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কka
ব্যঞ্জন বৰ্ণৰ প্ৰথম আখৰ
the first letter of the consonants
- ক'লা জামুka'lā, jāmuNoun
এজাতি জামু [ইয়াৰ গছ ওখ ডাঙৰ; অলপ দীঘলীয়া গুটি ধৰে; পকিলে ঘন পূৰৈয়া (ক'লা) বৰণ ধৰে আৰু অলপ সোবাদ হয়।]; বৰজামু
black plum or berry; Eugenia Jambolana
- ক'লা জীৰাka'lā, jīrāNoun
কাল্জীৰা।
- ক'লা লোণka'lā, loṇaNoun
স্বাভাবিকতে হোবা এবিধ ক'লা ডুখৰীয়া লোণ
a kind of rock-salt
- ক'লা শালিka'lā, śāliNoun
এবিধ ক'লা বৰণৰ ধান
a kind of paddy
- ক'লা-জহাka'lā-jahāNoun
এবিধ ক'লা-বৰণীয়া সৰু লাহী ধান [তাৰ সুগন্ধি চাউল হয়।]
a kind of paddy
- ক'লা-জ্বৰka'lā-jbaraNoun
গাত বহুতদিন থকা এবিধ জ্বৰ; ক'লা-বেমাৰ
Kala-azar
- ক'লা-পুৰাNoun
ক'লা বৰণৰ পুৰা-কুঁহিয়াৰ।
- ক'লা-বেমাৰka'lā-bemāraNoun
ক'লা-জ্বৰ।
- ক'লা-বৰাka'lā-barāNoun
এবিধ ক'লা বৰণৰ কোমল চাউল হোবা ধান
a kind of paddy
- ক'লা-লাইka'lā-lāiNoun
"লাই" চোবাঁ।
- ক'লা-হালধীয়াka'lā-hāladhīẏāNoun
শঁৰুচূৰ-সাপ।
- ক'লায়াজিka'lāẏājiNoun
ক'লা আঁচ বা গাঁৰি; যেনে-"মাজে ক'লায়াজি দিয়া
- ক'লীka'līNoun
ক'লা স্ত্ৰী।
- ক'লী-ফেঁটীka'lī-phem̐ṭīNoun
ক'লা-বৰণীয় ফেঁটী সাপ
the black cobra
- ক'লীয়াka'līẏāNoun
ক'লা; ক'লা-বৰণীয়া
black
- ক'লীয়া-কচুka'līẏā-kacuNoun
ক'লা বাউ আৰু পাতেৰে এবিধ বনৰীয়া কচু।
- ক'লীয়া-কেঁতুৰীka'līẏā-kem̐turīNoun
ক'লা আলু ধৰা এবিধ কেঁতুৰী; ই ঔষধত ব্যবহাৰ হয়
the black zedoary; curcuma caesia
- ক'লীয়া-খাগৰিka'līẏā-khāgariNoun
"খাগৰী" চোবাঁ।
- ক'লীয়া-জাৰka'līẏā-jāraNoun
ৰৌ জাতিৰ আৰু গঢ়ৰ কিন্ত্ত তাতকৈ অনেক গুণে সৰু এবিধ গাছ [বয়সত প্ৰায় এহাত মান দীঘল হয়; ছাই-বা অলপ ক'লা-বৰণীয়া; গাৰ বাকলিত দুটা এটা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰঙা ফোঁট থাকে; ইয়াক কোনোবে মালি মাছ বোলে]
a kind of fish having blackish colur Labeo Calbasu