কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শ্বেতবাহswe.to.bahProper Noun
পঞ্চপাণ্ডৱৰ তৃতীয় ভ্ৰাতৃ৷ এখেতৰ দেৱপিতৃ ইন্দ্ৰদেৱ আৰু মাক কুন্তী৷ তেওঁ ’মহাভাৰত’ৰ সময়ত সৰ্বশ্ৰেষ্ঠ ধনুধৰ আছিল৷ দুয়োহাতে সমানে ধনু চলাব পাৰিছিল বাবে তেওঁক সব্যসাচী বুলিও কয়৷
the third brother of the Pandavas; the greatest archer of his time.
- শ্বেতবাহনśbetabāhanaNoun
অৰ্জ্জুন।
- শ্বেতভুজাswe.to.bhu.jaProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, শিক্ষা, সংগীত আৰু কলাৰ দেৱী৷
Hindu goddess of knowledge, learning, music and all forms of creative art.
- শ্বেতমাধবśbetamādhabaNoun
জগন্নাথ ক্ষেত্ৰত থকা বিষ্ণুৰ এটা মূৰ্তি।
- শ্বেতসাৰśbetasāraNoun
ধান, আলু আদি বস্ত্তৰ বগা মঙহ অংশ
starch
- শ্বেতাśbetāNoun
অগ্নি-জিহ্বা।
- শ্বেতাঙ্গśbetāṅgaNoun
বগা বৰণৰ মানুহ (ইউৰোপ, আমেৰিকা দেশৰ)
a white man
- শ্বেতাম্বৰswe.tam.borProper Noun
শ্বেতাম্বৰ(বগা কাপোৰ পিন্ধোতা) জৈনসকলৰ এটা ভাগ৷ আনটো ভাগ দিগম্বৰ (নাঙঠ)৷
One of the two main sects of Jainism. It is a term describing its ascetics practice of wearing white clothes, which sets it apart from the Digambara whose ascetic practitioners go naked. ?v?t?mbaras, unlike Digambaras, do not believe that ascetics must practice nudity.
- শ্বেমপেইনsam.painMaterial Noun
কোনা বিশেষ উপলক্ষত পান কৰা, বুৰবুৰণি উঠা এবিধ বগা ফৰাছী সুৰা৷
one kind of sparkling white wine from the district of Champagne in France, drunk in special occasions.
- শ্বেৰৱানীser.wa.niMaterial Noun
আঠুলৈকে জুৰি থকা দীঘল এবিধ চোলা।
A long coat worn by men, especially in northern India and Pakistan.
- শ্মশানśmaśānaNoun
মৰিশালি; বি. বিণ. শ্মশানবাসী যি মৰিশালিত থাকে
residing in the cremation ground; a resident of a cemetery
- শ্মশানকৃত্যsmo.xan.kri.tyoAbstract Noun
মৃত ব্যক্তিৰ শৰীৰ পোৰা বা পোতাৰ এক আনুষ্ঠানিক আৰু ধৰ্মীয় ৰীতি৷
a religious, ceremonial process of burning(cremating)or burying a dead person.
- শ্মশ্ৰুśmaśruNoun
ডাঢ়ি বা গোঁফ
beard or moustache
- শ্যামśyāmaNoun
অসমৰ বৌদ্ধধৰ্মাবলম্বী জাতি-বিশেষ।
- শ্যাম দেশProper Noun
দক্ষিণ পূব এচিয়াৰ এখন দেশ৷
Thailand, officially the Kingdom of Thailand, formerly known as Siam, is a country at the centre of the Indochina peninsula in Southeast Asia.
- শ্যামকানুsyam.ka.nuProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- শ্যামগড়াśyāmagaṛāNoun
এটা (বৰগীতৰ) ৰাগ
a tune (in bargit)
- শ্যামবছাśyāmabachāNoun
মানুহৰ গাত খুঁচি ক'লা বা আন ৰং লগাই লোবা ফুল বা আন কোনো চিন
tattooing
- শ্যামবৰণীয়াsyam.bo.ro.ni.yaAbstract Noun
দৃশ্যমান ৰশ্মিৰ হালধীয়া আৰু নীলাৰ মাজত থকা ৰশ্মিৰ ৰং, যি ৪৯০ ৰ পৰা ৫৭০ নেন’মিটাৰ তৰঙ্গদৈৰ্ঘ্যৰ বিকিৰিত শক্তি হিচাপে মানুহৰ চকুত ধৰা দিয়ে৷ কলপাতৰ দৰে ৰঙৰ, গাঢ়ত্ব কম-বেছ হ’ব পাৰে৷
The hue of that portion of the visible spectrum lying between yellow and blue, evoked in the human observer by radiant energy with wavelengths of approximately 490 to 570 nanometers; any of a group of colors that may vary in lightness and saturation and whose hue is that of the emerald or somewhat less yellow than that of growing grass; one of the additive or light primaries; one of the psychological primary hues.
- শ্যামলাAbstract Noun