কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিৰাশাবাদni.ra.xa.badAbstract Noun
সকলোৰে বেয়া বা ঋণাত্মক দিশটোলৈহে চকু দিয়াৰ প্ৰৱণতা।
tendency to look at the negative side of the things.
- নিৰাশ্ৰয়nirāśraẏaAdjective
অসহায়; সহায় নথকা; ৰক্ষাৰ উপায় নথকা
helpless
- নিৰাহাৰnirāhāraNoun
আহাৰ নকৰা অবস্হা; লঘোন; শুদা পেট
fast
- নিৰিখnirikhaNoun
কোনো নিৰ্দ্দিষ্ট পৰিমাণ কাম বা বস্ত্তৰ বেচ; দৰ; হাৰ
rate of wages for task; rate
- নিৰীক্ষকnirīkṣakaNoun
যিজনে নিৰীক্ষণ কৰে
an observer
- নিৰীক্ষণnirīkṣaṇaNoun
দূৰৰপৰা ভালকৈ চোবা কাৰ্য্য; দৱষ্টি
the act of looking at, specially from a distance
- নিৰীক্ষাnirīkṣāNoun
পৰ্য্যবেক্ষণ; পৰীক্ষা
scrutiny
- নিৰীতni.ritMaterial Noun
গা বা বিচনা ঢকা কাপোৰ, যেনে এড়ী চাদৰ, বিচনা চাদৰ
Sheet of cloth, used for covering something, typically upper part of body or bed
- নিৰীশ্বৰবাদni.ri.swor.ba.diAbstract Noun
ঈশ্বৰ নাই বোলা মতবাদ।
1. The doctrine or belief that there is no God.2. A lack of belief in the existence of God or gods.
- নিৰীশ্বৰবাদীni.ri.swor.ba.diCommon Noun
ঈশ্বৰ অথৱা ধৰ্ম নমনা লোক
An unbeliever with respect to a particular religion, especially Christianity or Islam; Someone who denies the existence of god
- নিৰীহnirīhaNoun
শান্ত; কাৰো সৈতে বিৰোধ নকৰা
mild
- নিৰুক্তিniruktiNoun
শব্দৰ ব্যুৎপত্তি-নিৰ্দ্দেশ।
- নিৰুদ্বেগni.rud.begAbstract Noun
উদ্বেগ বা আশংকা নোহোৱা অৱস্থা|
lack of concern or anxiety.
- নিৰুপকnirupakaNoun
যি নিৰ্ণয় কৰে।
- নিৰুপকNoun
নিৰুপণ কৰোঁতা।
- নিৰুপণnirupaṇaNoun
স্হিৰ কৰা কাৰ্য্য
the act of determining or settling
- নিৰুপায়nirupāẏaAdjective
উপায়হীন; কোনো কাৰ্য্য কৰাৰ বুদ্ধি বা দিহা নথকা; সহায়হীন
not knowing the means of doing a thing; helpless
- নিৰুৎসাহnirutsāhaNoun
উৎসাহ বা উদ্যোগৰ অভাব; উৎসাহ নথকা অবস্হা; এলাহ
absence of zeal; indolence
- নিৰুৎসুকnirutsukaNoun
নিৰুৎসাহী।
- নিৰূপণni.ru.ponAbstract Noun
প্ৰশ্ন কৰি ছাত্ৰ, প্ৰাৰ্থী আদিৰ জ্ঞান বা পাৰদৰ্শিতা জুখি চোৱা কাৰ্য্য বা প্ৰক্ৰিয়া
the act or process of testing pupils, candidates, etc., as by questions