কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাকৈশিৰাka.koi.xi.raCommon Noun
মাছৰোকা গোত্ৰৰ সৈতে সম্বন্ধ থকা এবিধ চৰাই।
A bird related to the kingfisher family
- কাকৈহীৰাka.koi.hi.raCommon Noun
মাছৰোকা গোত্ৰৰ সৈতে সম্বন্ধ থকা এবিধ চৰাই।
A bird related to the kingfisher family
- কাকৈয়াkākaiẏāNoun
এটা বৰ্গ ক্ষেত্ৰৰ ভিতৰত বহুতো আঁক টানি তাৰ ভিতৰত গুটি বুলাই বুলাই কৰা এবিধ খেল।
- কাকোদৰka.ko`.dorCommon Noun
উষ্ণ তথা নাতিশীতোষ্ণ অঞ্চলত বাস কৰা চাৰ্পেন্টিছ উপ-বৰ্গৰ বিভিন্ন প্ৰজাতিৰ অন্তৰ্ভুক্ত, ভৰি-হাত নথকা, বাকলিযুক্ত, বিষ থকা বা নথকা, এবিধ দীঘলীয়া সৰীসৃপ৷
any of numerous limbless, scaly, elongate reptiles of the suborder Serpentes, comprising venomous and nonvenomous species inhabiting tropical and temperate areas.
- কাকোনkākonaNoun
সোণাৰিয়ে সোণৰ কাম কৰোঁতে ব্যবহাৰ কৰা চেপেনা
the pinchers used by a goldsmith
- কাকৰাCommon Noun
পানীৰ দাঁতিৰ গাঁতত বাস কৰা এবিধ দহ ঠেঙীয়া জন্তু৷
a ten-footed crustacean, with the first pair of legs as pincers.
- কাখতলিkākhataliNoun
কাষলতি
the armpit
- কাগkāgaNoun
সোপা
cork
- কাগজkāgajaNoun
তুলাপাত; কাকত
paper
- কাগজ পত্ৰka.goj po.troMaterial Noun
কোনো এটা বিষয় সম্বন্ধীয় লিখিত কাগজ-পত্ৰৰ এক সংগ্ৰহ।
a collection of written papers on a subject.
- কাগজ-পাতিka.goj-pa.tiMaterial Noun
কোনো এটা বিষয় সম্বন্ধীয় লিখিত কাগজ-পত্ৰৰ এক সংগ্ৰহ।
a collection of written papers on a subject.
- কাগজী মুদ্ৰাMaterial Noun
কাগজৰ ৰূপত মুদ্ৰা
currency in paper form
- কাঙ্কু মাটিkāṅku, māṭiNoun
কঙ্কু।
- কাঙ্কৰাkang.ko.raCommon Noun
পানীৰ দাঁতিৰ গাঁতত বাস কৰা এবিধ দহ ঠেঙীয়া জন্তু৷
a ten-footed crustacean, with the first pair of legs as pincers.
- কাঙ্কৰীkāṅkarīNoun
মাইকী কেঁকোৰা; কেঁকুৰী; যেনে-"পুত্ৰক আশয়ে গৰ্ভ ধৰন্ত কাঙ্কৰী। সেই পুত্ৰ খুলি খাই কাঙ্কৰী যাই মৰি" (বিৰাটপৰ্ব্ব)
a female crab
- কাচkācaNoun
বালি আৰু এবিধ খালোণেৰে তৈয়াৰ কৰা ফট্ফটীয়া, খুব টান অথচ ঠুনুকা বস্ত; বেলোল
glass
- কাচনkācanaNoun
সাজ-পাৰ; যেনে-"ৰণে যাইবাক বীৰ কাচনে কাচিলা" (মা. ক. অৰণ্য-কাণ্ড)
dress
- কাচনমতীkācanamatīNoun
পুৰণি সাধু-কথাবিলাকৰ এজনী সুন্দৰী তিৰোতা; সুন্দৰী তিৰোতা (বিদ্ৰুপত)
a beautiful woman (in joke)
- কাচনিkācaniNoun
কবচ
an amulet
- কাচমণিkācamaṇiNoun
ৰঙা লাতুমণি; যেনে-"কৰ্ণত বলয় গাবে কাচ- মণি গান্হি" (বনপৰ্ব্ব)।