কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হৰিণীho.ri.niCommon Noun
প্রজননৰ বাবে উপযুক্ত মাইকী হৰিণা
the female of the deer, antelope, goat, rabbit, and certain other animals
- হৰিতকীho.ri.to.kiCommon Noun
a large tree bearing oval, shiny green fruit known to have anti fungal and antibacterial properties
- হৰিতালিকাho.ri.ta.li.kaCommon Noun
আমাৰ সৌৰজগৎ থকা তাৰকাৰাজ্যখন৷
The galaxy containing the solar system
- হৰিদেৱho.ri.debProper Noun
অসমৰ প্ৰথম বৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ "শ্ৰী শ্ৰী হৰিদেৱ" মহাপুৰুষ চাৰিজনৰ ভিতৰত অসমতবৈদিক বৈষ্ণৱ ধৰ্মৰ প্ৰথম প্ৰচাৰক ``শ্ৰী শ্ৰী হৰিদেৱ``১৪২৬ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা পঞ্চমী তিথিতলক্ষীমপুৰৰ নাৰায়ণপুৰত মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰজন্ম হয় ৷মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে ভগৱানৰপূজাত কোনো ধৰণৰ বলি-বিধানৰ বিপৰীতে বেদ,গীতা, ভাগৱত আদিত উল্লিখিত ধৰণে শ্ৰীকৃষ্ণকেইসকলো ভগৱানৰ মূল বুলি মানি কৃষ্ণৰ পূজা-অৰ্চ্চনা কৰাতহে বিশ্বাস কৰিছিল ৷
A vaishavite saint in Assam of fifteenth century.
- হৰিদ্বাৰharidbāraNoun
উত্তৰ প্ৰদেশৰ যি ঠাইত গঙ্গা পৰ্ব্বতৰপৰা ভৈয়ামলৈ নামিছে সেই ঠাই [ই হিন্দুৰ এখন তীৰ্থ।]
the town of Hardwar in U.P.
- হৰিদ্ৰাভhori.drabhAbstract Noun
সূৰ্য্য-ৰশ্মিৰ কমলা আৰু সেউজীয়াৰ মাজত থকা দৃশ্যমান ৰং, প্ৰায় ৫৭০ৰ পৰা ৫৯০ নেন’মিটাৰ তৰঙ্গ দৈৰ্ঘ্যৰ বিকিৰিত ৰশ্মি; পকা নেমু, কণীৰ কুহুমৰ দৰে ৰঙৰ, কিন্তু গাঢ়তা বিভিন্ন হ’ব পাৰে৷
The hue of that portion of the visible spectrum lying between orange and green, evoked in the human observer by radiant energy with wavelengths of approximately 570 to 590 nanometers; any of a group of colors of a hue resembling that of ripe lemons, yolk of an egg and varying in lightness and saturation; one of the subtractive primaries; one of the psychological primary hues.
- হৰিধ্বনিharidhbaniNoun
আশীৰ্ব্বাদ বা মঙ্গল আচৰণৰ পাছত মানুহে মিলি ডাঙৰকৈ উচ্চাৰণ কৰা হৰি-নাম
a loud and simultatneous utterance of the name of Hari
- হৰিধ্বনীয়াharidhbanīẏāNoun
কেবল হৰি-নাম গাই অশৌচ আদি গুচোবা মত- বিশেষ।
- হৰিনামho.ri.namVerbal Noun
ভগবান, দেৱতা বা কোনো পূজ্যপাদক শ্ৰদ্ধাৰে গোহাৰি জনোৱা কাৰ্য্য।
The act of making a reverent petition to God, a god, or another object of worship.
- হৰিনেত্ৰনিৱাসিনীho.ri.net.ro.ni.ba.xi.niProper Noun
হিন্দু বিশ্বাস অনুসৰি ধন সম্পত্তিৰ দেৱী৷ ভগৱান বিষ্ণুৰ পত্নী৷
the goddess of wealth according to Hindu faith. Wife of Lord Vishnu and daughter of Lord Shiva and Parvati, thus sister of Ganesh and Saraswati.
- হৰিপ্ৰিয়াho.ri.pri.yaProper Noun
হিন্দু বিশ্বাস অনুসৰি ধন সম্পত্তিৰ দেৱী৷ ভগৱান বিষ্ণুৰ পত্নী৷
the goddess of wealth according to Hindu faith. Wife of Lord Vishnu and daughter of Lord Shiva and Parvati, thus sister of Ganesh and Saraswati.
- হৰিবংশharibaṃśaNoun
ব্যাসে ৰচনা কৰা মহাভাৰতৰ পৰিশিষ্ট এখন পুথি
a supplement to Mahabhārata written by Vyasa
- হৰিবল্লভাho.ri.bol.lo.bhaCommon Noun
হিবিস্কাচ্ জাতীয় যিকোনো প্ৰজাতিৰ প্ৰধানকৈ উষ্ণ-মণ্ডলীয়, বিভিন্ন ৰঙৰ ফুল ফুলা এবিধ জোপোহা গছ৷
Any of various chiefly tropical shrubs or trees of the genus Hibiscus, having large, showy, variously colored flowers with numerous stamens united into a tube surrounding the style.
- হৰিব্যাসharibyāsaNoun
এজন বৈষ্ণব ধৰ্ম্ম-প্ৰচাৰক
a Vaisnava reformer of Northern India
- হৰিবৰ্ষharibarṣaNoun
জম্বুদ্বীপৰ এক বিভাগ
a division of Jambudvīpa
- হৰিভক্তCommon Noun
ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি নিষ্ঠাবান ব্যক্তি
a person who is devoted to Lord Krishna
- হৰিল-গৰিলharila-garilaNoun
হৰি-গলি; আলাপ; মিলা-প্ৰীতি
familiarity
- হৰিশ্চন্দ্ৰhariścandraNoun
পৌৰাণিক যুগৰ এজন উদাৰ আৰু ধাৰ্ম্মিক সূৰ্য্য বংশৰ ৰজা
name of a pious and liberal king of the Solar race
- হৰিশয়নhariśaẏanaNoun
আহাৰ মাহৰ শুক্লা দ্বাদশীৰপৰা কাতি মহাৰ শুক্লা দ্বাদশীলৈকে চাৰি মাহ কাল [এই সময়ত বিষ্ণু নিদ্ৰা গৈ থাকে বুলি কয় আৰু কোনো কোনো শুভ কাৰ্য্য নিষিদ্ধ।]
the four months commencing on the light twelfth lunar day of Āsādha and ending with the same day of Kārtika, during which period Visnu is supposed to remain asleep
- হৰিষhariṣaNoun
হৰ্ষ বিণ. হৰিষিত হৰ্ষিত; আনন্দিত
pleased; glad