কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাইকুতMaterial Noun
The hollow space under the arm at the shoulder
- কাইকুতিkāikutiNoun
ভাকুট্কুটনি
tickling sensation; titilation
- কাইচাCommon Noun
দলিচা হি়চাপে শুৱনী কৰিবলৈ ৰোৱা ঘাঁহ৷
A grass species which is often used as permanent pasture. Common names include caratao grass, common carpet grass, and Louisiana grass in United States, and mat grass, narrow-leaved.
- কাইটিkāiṭiNoun
ককাই; ককাইটি
elder brother
- কাইথkāithaNoun
কায়স্হ।
- কাইন্ধাAbstract Noun
কোনো বস্তু বা জ্যামিতিক আকৃতিৰ সীমাৰ এক পৃষ্ঠ।
one of the surfaces forming the outside of or bounding a thing, or one of the lines bounding a geometric figure.
- কাইৰোkai.ro`Proper Noun
ইজিপ্টৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ৷ ইজিপ্টৰ নীল নদীৰ ব দ্বীপ অঞ্চলত৷
is the capital of Egypt and the largest city in the Middle-East and second-largest in Africa after Lagos. Its metropolitan area is the 16th largest in the world. Located near the Nile Delta,[
- কাউ থেকেৰাkau the.ke.raCommon Noun
কুঁজী থেকেৰাতকৈ অলপ ডাঙৰ-দীঘল, মূৰৰ ফালে অলপ আৰু পাছৰফাললৈ বেছি জোঙা কলাফুল বা আঠীয়া কলৰ সদৃশ এবিধ টেঙা ফল আৰু তাৰ গছ; ই পকিলে হালধীয়া হয়; ইয়াৰ বাকলি ডাঠ আৰু মঙহাল; আঞ্জা খাবৰ নিমিত্তে তাক কাটি শুকাই ৰাখে; ভিতৰৰ টান গুটিবোৰৰ বাহিৰে কোমল মঙহ লাগি থাকে; পকিলে সোৱাদ হয়, তাক কেঁচায়ো খায় ৷
One kind of gamboge bigger than the size of Kuji thekera (<i>Garcinia cowa</i>). The fruit is slightly pointed on the side connected to the peduncle (connecting part of fruit to the stem) and more pointed on the rear side. The seed is covered with a thick mesocarp. Its color becomes yellow when ripe. The fruit is used to cut into small pieces and dried. The dry fruit is used to make curry (especially in Assam and NE states).
- কাউ-থেকেৰাkāu-thekerāNoun
কুঁজী থেকেৰাতকৈ অলপ ডাঙৰ-দীঘল, মূৰৰ ফালে অলপ আৰু পাছৰফাললৈ বেছি জোঙা কলাফুল বা আঠীয়া কলৰ সদৱশ এবিধ টেঙা আৰু তাৰ গছ [ই পকিলে হালধীয়া হয়; ইয়াৰ বাকলি ডাঠ আৰু মঙহাল; আঞ্জা খাবৰ নিমিত্তে তাক কাটি শুকাই ৰাখে; ভিতৰৰ টান গুটিবোৰৰ বাহিৰে কোমল মঙহ লাগি থাকে; পকিলে সোবাদ হয়, তাক কেঁচায়ো খায়।]
a kind of acid fruit and its tree; carallia intigerrima
- কাউচাkāucāNoun
কাউচ্ কাউচ্ কৰি মতা পাতি-কাউৰীতকৈ অলপ সৰু এবিধ নীল-বৰণীয়া চৰাই
the blue jay; garrulus cristatus
- কাউঞ্চিলৰka.un.si.lorProper Noun
পৰিষদৰ সদস্য
a member of a council
- কাউণীয়াkāuṇīẏāNoun
একাওণ কড়িৰ মূল্যৰ সমান
worth or valued one rupee
- কাউবাউkāubāuNoun
কাকূতি; সেও হৈ কৰা প্ৰাৰ্থনা, নম্ৰ হৈ কৰা মিনতি বা বিনয়
earnest supplications or entreaties
- কাউৰkāuraNoun
কাউৰী চৰাই
the crow
- কাউৰঘুমতিAbstract Noun
অলপ অলপকৈ ধৰা টোপনি ৷
A light fitful and short sleep.
- কাউৰবাজিCommon Noun
এটা সন্তানৰ পিছত আৰু সন্তান জন্ম দিব নোৱাৰা তিৰোতা
woman that doesn`t have the capacity to give birth again after giving birth to a child
- কাউৰবাহাkaur.ba.haProper Noun
নলবাৰী জিলাৰ এখন ঠাই৷
A place in Nalbari district.
- কাউৰীkāurīNoun
এবিধ ক'লা চৰাই; পাতি-কাউৰী; ইয়াৰ আৰু এজাতি আছে-"ঢোঁৰা কাউৰী"
the crow
- কাউৰী ওকণীka.u.ri o’.ko.niProper Noun
চাউল, ঘেঁহু আদি শস্যৰ দানাৰ ভিতৰত উৎপত্তি হোৱা এবিধ ওকণীৰ দৰে পোক ৷ ই আকাৰত নিচেই সৰু আৰু উৰিব নোৱাৰে ৷ ইয়াৰ বৰণ কলা বা পাতল মুগা ৷
Rice, wheat or grain weevil is a beetle formed herbivorous bug of Curculionoidea superfamily. They are very small in shape and size, less than 6 mm. The grain or wheat weevil damages stored grain. They are also known as grain weevils. The females lay many eggs and the larvae inside the grain kernels. Weevils are reddish-brown or black in colour. Adult wheat weevils are not capable of flight.
- কাউৰী মণিka.u.ri mo.niCommon Noun
দেখাত গোমধানৰ দৰে এবিধ গুটি ধৰা উদ্ভিদ ৷ কিন্তু, ইয়াৰ গুটিবোৰ গোমধানৰ দৰে একেতা ডিলতে নালাগে আৰু ই খাদ্যৰ বাবে উপযোগী নহয় ৷ ইয়াৰ গুটিবোৰ পাতল বগা বা ধোঁৱা বৰণীয়া হয় ৷
Job's tears is a grain-bearing tropical plant similar to maize/corn of the family Poaceae. But its grains are dissimilar to maize/corn and are not edible. Grains are light white or ash colour to look.