কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শৈৱলিনীxoi.wo.li.niMaterial Noun
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।
A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
- শৈৱীxoi.biProper Noun
জৰৎকাৰু মুনিৰ ভাৰ্য্যা, বাসুকীৰ ভনীয়েক আৰু আস্তিক মুনিৰ মাক; নাগৰাণী
the snake-goddess, i.e. the goddess of the serpent tribe
- শোঁটাxo`~.taMaterial Noun
ঠাই লিপা বা মছাৰ কাৰণে ব্যৱহাৰ কৰা ফটাকানিৰ সোপা৷
a bundle of coarse yarn, a sponge, or other absorbent material, fastened at the end of a stick or handle for washing floors, dishes, etc.
- শোঁবাহী পৰুবাśom̐bāhī, parubāNoun
ৰঙা মূৰ আৰু ক'লা পাখিৰে জাক পাতি হোবা এবিধ পোক [তাৰ ৰস মানুহৰ গাত লাগিলে ঢৌ উঠে আৰু সি যি শস্য বা বননিত পৰে তাক টকলা কৰি খাই নষ্ট কৰে।]
the blister fly
- শোকśokaNoun
সন্তাপ; বেজাৰ; মনৰ কষ্ট
sorrow; grief
- শোক প্ৰকাশxo`k pro.kaxAbstract Noun
ভাল অৱস্থাত নাথাকোতে হোৱা অনুভূতি
emotions experienced when not in a state of well-being
- শোকগাঁথাxo’k.ga~.thaAbstract Noun
প্ৰিয়জনৰ বিয়োগত ৰচিত সুখ সূচক গান বা কবিতা৷
A form of poetry or song that mourns the loss of someone who has died or something that has deteriorated.
- শোকগীতxo’k.gitAbstract Noun
প্ৰিয়জনৰ বিয়োগত ৰচিত সুখ সূচক গান বা কবিতা৷
A form of poetry or song that mourns the loss of someone who has died or something that has deteriorated.
- শোকপ্ৰকাশxo’k.pro.kaxVerbal Noun
the act of lamenting on something
- শোকসংগীতxo’k.xong.gitAbstract Noun
প্ৰিয়জনৰ বিয়োগত ৰচিত সুখ সূচক গান বা কবিতা৷
A form of poetry or song that mourns the loss of someone who has died or something that has deteriorated.
- শোকসভাxo’k.xo.bhaProper Noun
কোনো লোকৰ মৃত্যুত শোক প্ৰকাশ কৰিবৰ কাৰণে পতা সভা ৷
a meeting for expression of sympathy with another in sorrow or grief.
- শোকাগ্নিśokāgniNoun
শোকৰ জুই; অন্তৰ পোৰা শোক; অতিপাত শোক
burning, severe grief
- শোকানলśokānalaNoun
শোকৰ জুই; অন্তৰ পোৰা শোক; অতিপাত শোক
burning, severe grief
- শোকোতাśokotāNoun
তিতামৰাৰ শুকান পাত [আঞ্জা আৰু ঔষধত ব্যবহাৰ হয়।]
the dried and preserved leaves of the jute plant
- শোগśogaNoun
ইচ্ছামতে কোনো বস্ত্ত নোপোবাত হোবা অসন্তোষ বা বেজাৰ
discontent; dissatisfaction
- শোচিষ্কেশxo`.sir.kexMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- শোটকানিxo’t.ka.niMaterial Noun
ঠাই লিপা বা মছাৰ কাৰণে ব্যৱহাৰ কৰা ফটাকানিৰ সোপা৷
a bundle of coarse yarn, a sponge, or other absorbent material, fastened at the end of a stick or handle for washing floors, dishes, etc.
- শোটাśoṭāNoun
খেৰৰ ঠাই সৰা সঁজুলি; ঠাই সাৰিবলৈ বান্ধি লোবা খেৰৰ মুঠি
a broom made of grass
- শোটাকানিNoun
ঠাই মচা বা লিপা ফটাকানি বা খেৰৰ সোপা
a mass of rags or straw used for plastering or washing a mud floor; a mop
- শোণśoṇaNoun
অমৰকণ্টক পৰ্ব্বতৰপৰা ওলাই পাটনাৰ ওচৰেদি গঙ্গাত পৰা এখন ডাঙৰ নৈ [ই সাতখন নদ বা ডাঙৰ নৈৰ এখন।]
the Sona, one of the seven great rivers of India