কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শেঙুনśeṅunaNoun
নাকৰপৰা ওলোবা বীজলীয় মল
the mucus or phelgm of the nose
- শেঙূনীয়াśeṅūnīẏāNoun
এবিধ আওকাঠী গছ
a kind of forest tree
- শেজśejaNoun
গঢ়; আধাৰ।
- শেজাśejāNoun
নৈৰ সোঁতে লোবা দ বাট; নৈৰ সোঁতৰ ধাৰ
the bed or current of a river
- শেঠśeṭhaNoun
ধনী ব্যবসায়ী; মহাজন
a rich businessman
- শেঠীxe.thiCommon Noun
লাভৰ বাবে বস্তু বেচা-কিনা কৰা ব্যক্তি; ব্যৱসায় কৰি জীৱিকা অৰ্জন কৰা ব্যক্তি|
a person who buys and sells commodities for profit
- শেণীśeṇīNoun
শণী; ধানখেৰৰ ভিতৰৰ ঠাৰি
the inner stalk of the paddy straw
- শেত-কপৌśeta-kapauNoun
এবিধ গোমোখা বগা বা ছাই-বৰণীয়া কপৌ চৰাই
the grey dove
- শেত-ভেদালিśeta-bhedāliNoun
দৰবত লগা এবিধ লতা
a medicinal creeper
- শেত-মদাৰśeta-madāraNoun
বগা ফুল ধৰা মদাৰ [ইয়াৰ কুঁহিপাতৰ ৰস পতিত দি খুবালে জহনী বেমাৰলৈ ভাল বুলি কয়।]
a variety of the coral tree bearing white flowers
- শেতুবাśetubāNoun
নৰিয়া পৰা মানুহৰ হাত ভৰি উখহা বেমাৰ
Dropsical swelling of the limbs
- শেতেলিśeteliNoun
শোবা ঠাই; বিচনা
a bed
- শেতেলীxe.te.liMaterial Noun
শুবলৈ যতন কৰা এখন আসন; বিশেষত কাঠেৰে বনোৱা দেখা যায়|
A piece of furniture that provides a place to sleep.
- শেনśenaNoun
এবিধ হিংসুক চৰাই
a falcon; a hawk
- শেন চৰাইxen so.raiCommon Noun
এবিধ ডাঙৰ চিকাৰী চৰাই।
Kite is a common name for birds of the family Accipitridae.
- শেনচকুxen.so.kuAbstract Noun
কিহবাৰ প্ৰতি লোলুপ দৃষ্টি; যেনেঃ অসমৰ খনিজ সম্পদৰ ওপৰত বহুজাতিক কোম্পানীৰ শেনচকু
looking at something with greed
- শেনচকুৱাxen.so.ku.waCommon Noun
এক তীব্ৰ দৃষ্টি শক্তি থকা ব্যক্তি
Having a sharp vision
- শেনচোবাNoun
আহোম ৰজাৰ দিনৰ এটা ফৈদৰ মানুহ [এওঁলোকৰ শেন পুহি আন চৰাইক ধৰাই ৰজাক ৰং দেখুবাবৰ বাব আছিল।]
a falconer of the Āhom king
- শেবালśebālaNoun
শেলুবৈ।
- শেবালিśebāliNoun
হালধীয়া ঠাৰিৰ মূৰত বগা পাহিৰে সৰু সৰু সুগন্ধি এবিধ ফুল আৰু তাৰ মজলীয়া আকাৰৰ গছ [ইয়াৰ পাতৰ ৰস বৰ তিতা আৰু জ্বৰত খুবায়; ফুলৰ হালধীয়া ৰসেৰে কাপোৰ আৰু মিঠাই বোলায়; ফুল তিতা আৰু তাৰে আঞ্জা খায়]
a kind of flower; Nyctanthes Arbortristis