কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কসাইko.saiCommon Noun
খাদ্য অথবা ব্যৱসায়ৰ বাবে কোনো জন্তু, কুকুৰা আদি বধ কৰা ব্যক্তি |
A person who slaughters certain animals, or who dresses the flesh of animals, fish, or poultry, for food or market.
- কসাইখানাko.sai kha.naAbstract Noun
কসাইবোৰে জন্তু/কুকুৰা আদি বধ কৰা ঘৰ |
A building where animals are killed/butchered for food.
- কস্তুৰkos.turMaterial Noun
কেতবোৰ মৃগ জাতীয় জন্তুৱে উৎপাদন কৰা অতি তীব্ৰ গোন্ধ থকা এবিধ দ্ৰব্য
a secretion produced by animals having a strong smell
- কস্তুৰিকাkos.tu.ri.kaMaterial Noun
কেতবোৰ মৃগ জাতীয় জন্তুৱে উৎপাদন কৰা অতি তীব্ৰ গোন্ধ থকা এবিধ দ্ৰব্য
a secretion produced by animals having a strong smell
- কস্তুৰীkos.tu.riMaterial Noun
কেতবোৰ মৃগ জাতীয় জন্তুৱে উৎপাদন কৰা অতি তীব্ৰ গোন্ধ থকা এবিধ দ্ৰব্য
a secretion produced by animals having a strong smell
- কস্তূৰীkastūrīNoun
গান্ধকলাই; এবিধ পছৰ তলপেট বা নাইৰপৰা উৎপন্ন হোবা সুগন্ধি বস্ত্ত
musk
- কস্তূৰী-পহুkos.tu.ri-po.huCommon Noun
মস্কাচ প্ৰজাতিৰ অন্তৰ্গত এজাতি সৰু পহু, যাৰ পূৰ্ণবয়স্ক মতাবোৰৰ গন্ধ-যুক্ত জুলীয়া পদাৰ্থ প্ৰস্তুত কৰা এক গ্ৰন্থি থাকে৷ এই গন্ধযুক্ত পদাৰ্থৰ দ্বাৰা সিহঁতে যৌন সঙ্গমৰ বাবে মাইকী পহুক আকৰ্ষণ কৰে৷
small, true deer-like animals belonging to the genus Moschus, the adult males of which possess a musk gland that secrete a scented fluid used to attract mates.
- কস্তূৰী-মৃগkos.tu.ri-mri.goCommon Noun
মস্কাচ প্ৰজাতিৰ অন্তৰ্গত এজাতি সৰু পহু, যাৰ পূৰ্ণবয়স্ক মতাবোৰৰ গন্ধ-যুক্ত জুলীয়া পদাৰ্থ প্ৰস্তুত কৰা এক গ্ৰন্থি থাকে৷ এই গন্ধযুক্ত পদাৰ্থৰ দ্বাৰা সিহঁতে যৌন সঙ্গমৰ বাবে মাইকী পহুক আকৰ্ষণ কৰে৷
small, true deer-like animals belonging to the genus Moschus, the adult males of which possess a musk gland that secrete a scented fluid used to attract mates.
- কস্ত্তৰীkasttarīNoun
গান্ধকলাই; এবিধ পছৰ তলপেট বা নাইৰপৰা উৎপন্ন হোবা সুগন্ধি বস্ত্ত
musk
- কস্ত্তৰী-পহুNoun
গান্ধ-পহু; এবিধ পৰ্ব্বতত থকা পহু
the musk-deer; Moschus mochiferus
- কহkahaNoun
কথ; কোবাথ; সূতা বা কাপোৰত ভালকৈ বোল ধৰিবৰ কাৰণে তাত আগেয়ে লগোবা ঈষৎ ৰঙচীয়া ৰং; ধাতুত অম্ল লাগি হোবা ৰং
decoction; a mordant; metal stain
- কহনNoun
কোবা কাৰ্য্য; উল্লেখ; বৰ্ণনা
mention; description
- কহন-বহনkahana-bahanaNoun
কথন-মথন; কোবা-মেলা; আলোচনা
conversing or discussing about a subject
- কহনাkahanāNoun
কথা; কথা কওঁতা; যেনে-কহনা আছে, বহনা নাই।
- কহন্তাkahantāNoun
কওঁতা
speaker; narrator
- কহানkahānaNoun
উক্তি; কাৰো সম্পৰ্কে আন কোবা কথা।
- কহিkahiNoun
কোন ঠাই।
- কহিনুৰko.hi.nurProper Noun
এটুকুৰা বিখ্যাত, ঐতিহাসিক হীৰা৷ বৰ্তমান ২১.৬ গ্ৰাম(১০৫ কেৰেট) ওজনৰ এই হীৰাখণ্ডই এসময়ত বিশ্বৰ বৃহত্তম হীৰা হিচাপে স্বীকৃতি লাভ কৰিছিল৷কহিনুৰক প্ৰথমে কʼত পোৱা গৈছিল,সেই সম্পৰ্কে বহু কাহিনী আৰু কিংবদন্তি থাকিলেও ঐতিহাসিক প্ৰমাণৰ মতে অন্ধ্ৰপ্ৰদেশৰ গোলকুণ্ডাত ইয়াৰ প্ৰথম উল্লেখ পোৱা যায়৷
A 106 carats diamond which was once the largest diamond in the world. Previously, it has belonged to various rulers in India; today it lies in the hands of the British royal family and is part of the Crown Jewels.Legend says that the diamond is 5000 years old and was referred to in Sanskrit writings as the Syamantaka jewel.But the first document that attests the existence of the Koh-I-Noor dates back to 1526 when the Indian conqueror Babur had it in his possession. He mentioned that the diamond was owned by the Raja of Gwalior in the 13th century.
- কহিবkahibaNoun
খৈৰ জাতিৰ এবিধ গছ
Bridelia retusa
- কহিমাProper Noun
নগালেণ্ডৰ ৰাজধানী
Capital of state of Nagaland in India