কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰান্ধ্Verb-Trans.
খোৱা বস্তু মছলা, নিমখ আদিৰ সৈতে জুইত গৰম কৰি খাবলৈ উপযোগী কৰি তোলা কাৰ্য৷
To preparing food by heating with species, salt, and other conditioners.
- ৰামটাঙোনram.ta.ngo`nVerbal Noun
বৰ বেছিকৈ কৰা প্ৰহাৰ বা মাৰ-পিট
very severe beating
- ৰাশিকৃতra.xi.kri.toVerbal Adj.
যাক দ’ম কৰি থোৱা হৈছে
arranged as a heap or stack
- ৰাষ্ট্ৰ হras.tro hoVerb-Trans.
এঠাইৰ পৰা সিঠাই বা এজনৰ পৰা আনজনলৈ কথা বা কোবো বস্তু যোৱা
(a news) to pass from place to place, from person to person
- ৰাষ্ট্ৰীয়কৰণ কৰ্ras.tri.yo.ko.ron korVerb-Trans.
ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ অধীন কৰ্
Put under control of nation
- ৰাসায়নিক অভিযন্তাra.xa.yo.nik o.bhi.jon.taVerbal Noun
Person who deals with the technology of large-scale chemical production and the manufacture of products through chemical processes.
- ৰাহত-ৰাহতকৈrāhata-rāhatakaiAdverb
স্পষ্টভাবে আৰু শঙ্কা নকৰাকৈ।
- ৰায় দেray deVerb-Trans.
কোনো বিষয়ৰ সম্পৰ্কে মত ব্যক্ত কৰ্
To give one's judgement on something
- ৰায়দান কৰ্rai.dan korVerb-Trans.
বিচাৰ কৰাৰ পাছত মাতামত দিয়া কাৰ্য্য।
to give judgment.
- ৰাৱনাrao`.naVerbal Noun
এঠাইৰ পৰা আন ঠাইলৈ যোৱা কাৰ্য্য|
A trip with visits to various places of interest for business, pleasure, or instruction
- ৰিগিংri.gingVerbal Noun
প্ৰতাৰণা, জালিয়াতি আদিৰ জড়িয়তে অবৈধ্যভাৱে নিজৰ পছন্দৰ প্ৰাৰ্থীক নিৰ্বাচনত জয়লাভ কৰিবলৈ চেষ্টা কৰা কাৰ্য৷
Illegal interfering in the counting of votes in an election. Acts of fraud tend to involve affecting vote counts to bring about a desired election outcome, whether by increasing the vote share of the favored candidate.
- ৰিঙাAdverb
চিয়ঁৰি মাৎ
to call out loudly
- ৰিঙিয়াAdverb
চিয়ঁৰি মাৎ
to call out loudly
- ৰিঙ্গ পাড়্ring.go parVerb-Intran.
মাটিত গা লগাই পলু বা বিছাৰ দৰে বগাই যা; কেঁচুৱাৰ নিচিনাকৈ
to move in a prone position with the body resting on or close to the ground, as a worm or caterpillar, or on the hands and knees, as a young child
- ৰিজনি দেri.jo.ni deVerb-Trans.
দুই বা ততোধিক বস্তুৰ মাজত থকা সাদৃশ্য বা বৈসাদৃশ্য পৰীক্ষা কৰ্
to examine the similarities or dissimilarities of two or more things
- ৰিজাrijāTransitive verb
তুলনা কৰ্
to compare
- ৰিণি-ৰিণিriṇi-riṇiAdverb
অলপ অলপকৈ; অস্পষ্ট বা অসম্পূৰ্ণৰূপে (দূৰৈৰ বস্ত্ত দেখাত বা শুনাত)
indistinctly or imperfectly (seen or heard)
- ৰিণিকি-ৰিণিকিriṇiki-riṇikiAdverb
অলপ অলপকৈ; অস্পষ্ট বা অসম্পূৰ্ণৰূপে (দূৰৈৰ বস্ত্ত দেখাত বা শুনাত)
indistinctly or imperfectly (seen or heard)
- ৰিফুri.phuVerbal Noun
বেজী-সূতাৰে ফটা কাপোৰ মিহিকৈ বটা কাৰ্য্য |
The act of mending a hole in a garment with crossing threads.
- ৰিব্ৰিবাribribāIntransitive verb
লাহে লাহে ৰ; মৱদু আৰু শীতলভাবে চল্ (বতাহ)
to blow gently, as wind