কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মনে-মুখেmane-mukheAdverb
মনেৰে আৰু মুখেৰে; ইচ্ছাৰে আৰু কাৰ্য্য বা কথাৰে; পেটে-সমন্বিতে
sincerely
- মনোনিবেশ কৰ্mo.no`.ni.bex korVerb-Trans.
to give attention to a particular topic
- মনোনিৱেশmo.no`.ni.bexVerbal Noun
কিবা জানিবলৈ একাগ্ৰভাৱে মন দিয়া কাৰ্য্য|
A general interest that leads people to want to know more.
- মনোনীত কৰ্mo.no`.nit korVerb-Trans.
কাৰোবাক কিবা গুৰুত্বপূৰ্ণ কাম, কমিটি, আদিত অন্তভূক্ত কৰিবলৈ বা কিবা পুৰষ্কাৰ আদিৰ বাবে বিবেচনা কৰিবলৈ আন কোনোবাই আনুষ্ঠানিক ভাৱে নামলোৱা বা পৰামৰ্শ দিয়া৷
to propose or formally suggest that somebody should be chosen for a committee, responsible task or a prize etc.
- মনোবাঞ্ছিতmo.no`.ban.sitVerbal Adj.
মনেৰে বৰকৈ আশা কৰা।
strongly desired.
- মনোযোগেৰেmo.no`.jo`.ge.reAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- মনোৰঞ্জন কৰ্mo.no`.ron.jon korVerb-Trans.
কৰ্ম বা পৰিৱেশনাৰে দৰ্শকক আমোদ দে
To amuse an audience by performance
- মনোৰোগীmo.no`.ro`.giVerbal Adj.
মানসিক ৰোগৰ দ্বাৰা আক্ৰান্ত
affected with psychopathy or mental disorder
- মন্তব্য দেmon.to.byo deVerb-Trans.
কোনো বিষয়ৰ সম্পৰ্কে মত ব্যক্ত কৰ্
To give one's judgement on something
- মন্ত্ৰ ফুকাmon.tro phu.kaVerb-Intran.
লোকক শুনাই সুৰ লগাই পুথি, প্ৰাৰ্থনা আদি পাঠ কৰ্ ৷
To sing in a rhythmic manner as in the case of prayer.
- মন্ত্ৰ মাত্mon.tro matVerb-Intran.
লোকক শুনাই সুৰ লগাই পুথি, প্ৰাৰ্থনা আদি পাঠ কৰ্ ৷
To sing in a rhythmic manner as in the case of prayer.
- মন্ত্ৰ-গ্ৰহণmon.tro-gro.honVerbal Noun
ধৰ্মত আনুষ্ঠানিক ভাৱে ভৰ্ত্তিকৰণ বা আনুষ্ঠানিক ধৰ্ম গ্ৰহণ
formal admission or acceptance into a religion
- মন্ত্ৰপুতmon.tro.pu.toVerbal Adj.
মন্ত্ৰোচ্চাৰণৰ দ্বাৰা পৱিত্ৰ কৰা।
sanctified by incantation or mantra.
- মন্ত্ৰমুগ্ধ কৰ্mon.tro.mug.dho hoVerb-Trans.
অতিশয় আকৰ্ষিত কৰ্
to get attracted by charm or by the performance
- মন্থনmon.thonVerbal Noun
(গাখীৰ বা দৈ) ঘুঁটি বা লৰাই মাখন প্ৰস্তুত কৰা কাৰ্য্য।
the act of agitating (milk or curd) in order to make into butter.
- মন্থৰmon.thorVerbal Adj.
প্ৰয়োজনতকৈ বেছি সময় লাগি কাম সমাধা কৰা অথবা এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ প্ৰয়োজনতকৈ বেছি সময় লগা |
Taking relatively long time to do a thing
- মন্থৰণmon.tho.ronVerbal Noun
গতিবেগ কম হৈ যোৱা পৰিঘটনা৷
The rate of change of decrease of velocity with time
- মন্দমন্দmon.do.mon.doAdverb
গতানুগতিক বেগতকৈ কিছু কম বেগেৰে বা ধীৰ গতিৰে লৰচৰ কৰা বা আগুৱাই যোৱা
moving or proceeding with little or less than usual speed or velocity
- মনৰ জোৰmo.nor jo`rVerbal Noun
যি ইচ্ছা তাকে কৰিব পৰা ক্ষমতা
the power of doing according to wish
- মলঙাmalaṅāTransitive verb
ভেঁকুৰা
to cause to be musty