কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাঁতিয়ে কাষেda~.ti.ye ka.xeAdverb
কাৰোবাৰ বা কিহবাৰ কাষত (থকা, যোৱা)৷
(to do /stay) next to or in contact with something/somebody.
- দাঁতিয়ে-কাষৰেda~.ti.ye-ka.xo.reAdverb
কাৰোবাৰ বা কিহবাৰ কাষত (থকা, যোৱা)৷
(to do /stay) next to or in contact with something/somebody.
- দাংdāmTransitive verb
তোল্; থিয় কৰ; ওপৰলৈ তোল্; তুলি ধৰ্
to raise
- দাং খোৱাdang kho.waVerbal Adj.
শুই থকা, বহা বা আঁঠু কঢ়া অৱস্থাৰ পৰা উলম্ব অৱস্থালৈ অহা
to get up from a lying, sitting, or kneeling posture; assume an upright position
- দাউৰdāuraIntransitive verb
লৰ মাৰ্
to run
- দাও দাওকৈdāo, dāokaiAdverb
তীব্ৰ গতিৰে; বেগেৰে
with great speed or vehemence
- দাখিল কৰ্da.khil korVerb-Trans.
কাৰোবাক কোনো বস্তু আনুষ্ঠানিকভাৱে দে যাতে তেওঁলোকে এই বিষয়ে কোনো সিদ্ধান্ত ল’ব পাৰে
to formally give something to someone so that they can make a decision about it
- দাখিল কৰ্Verb-Trans.
সঠিক কৰ্তৃপক্ষৰ ওচৰত (অভিযোগ, আহ্বান, দাবী ইত্যাদি) উপস্থাপন কৰ্
present (a complaint, appeal, claim, etc.) formally to the proper authorities.
- দাঠি কVerb-Trans.
স্পষ্টকৈ বা জোৰ দি ক বা ঘোষণা কৰ্।
To declare or state clearly.
- দান কৰ্Verb-Trans.
to give (money or goods) for a good cause, for example to a charity.
- দাপdapVerb-Trans.
ভুল দেখুৱাই খঙেৰে কিবা কাম নকৰিবলৈ সকিয়াই দিয়া।
To counsel against wrong practices; to cation or advise; to warn against danger or an offense.
- দাপ্dāpTransitive verb
ডাবি দি; ভয় দেখুবা; দমাই ৰাখ্; শাসন কৰ্
to reprove; to control
- দাফিয়াda.phi.yaVerb-Intran.
(ওখ গছৰ পৰা ফল পাৰিবলৈ) গছৰ ডাল, বাঁহ বা কাঠৰ সৰু টুকুৰা ওপৰলৈ মাৰি পঠা
to throw a twig to get a fruit fall on the ground from a tree
- দাবী কৰ্da.bi korVerb-Trans.
জোৰ দি অনুৰোধ কৰ্; অধিকাৰ আদি লাগে বুলি ক৷
to request with urgency or peremptorily; to assert or maintain as a fact, or one's right
- দাব্dābIntransitive verb
তললৈ বহি যা; ভিৰ খা
to sink down
- দাম-দৰ কৰ্dam-dor korVerb-Trans.
কিনা-বেচাৰ বাবে বস্তুৰ মূল্য বা অন্য চৰ্ত্তৰ বিষয়ে আলোচনা কৰ্
Discuss the terms of a sale persistently
- দাহ কৰ্dah korVerb-Trans.
জুই লগাই ভস্ম কৰ্ ৷
Destroy by fire undergoing combustion.
- দায় সাৰ্day xarVerb-Intran.
কোনো বিষয়ৰ পৰা দায়িত্ব এৰি চলাৰ চেষ্টা কৰ্।
to avoid something unpleasant, especially a moral or legal obligation.
- দায়গ্ৰস্তday.gros.toVerbal Adj.
কাৰোবাৰ অনুকুলে কোনো কৰ্ত্তব্য সমাপন কৰাৰ দায়িত্ব থকা
burdened with obligations
- দায়িত্ব আৰোপ কৰ্da.yit.two a.ro`p korVerb-Trans.
কাৰোবাৰ ওপৰত কোনো কামৰ দায়িত্ব দিয়া।
To specify tasks or duties.