কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জলসিক্তjo.lo.xit.toVerbal Adj.
পানী বা কোনো জুলীয়া পদাৰ্থ লাগি থকা ।
Covered or soaked with a liquid, such as water
- জলা-কলা কৰ্jo.la-ko.la korVerb-Trans.
কাৰোবাৰ কামত বাৰম্বাৰ বাধা জন্মাই শান্তি ভংগ কৰ্
to break the rest, calm or quiet by repeatedly interfering one`s actions
- জলাঞ্জলি দেjo.lan.jo.li deVerb-Trans.
মূল্যবান বা ইপ্সিত কোনো বস্তু সমৰ্পণ কৰা বা এৰি দিয়া।
to surrender something prized or desirable.
- জলাতকjo.la.tokVerbal Adj.
পানীৰ তলত ভালকৈ বুৰা বা তল যোৱা ।
Something which have been immersed thoroughly or going into the deep of water.
- জলে দিVerb-Trans.
জুই লগাই ভস্ম কৰ্ ৷
Destroy by fire undergoing combustion.
- জলৌলৌৱাjo.lou.lou.waVerbal Adj.
ফালি-ছিৰি যোৱা (কাপোৰ)
pulled apart or into pieces (as cloth)
- জল্jalIntransitive verb
পোহৰ হ; জিলিক্; জুই লাগ্; পোৰ্
to shine; to blaze; to burn
- জল্জলাjaljalāIntransitive verb
খঙত জলি উঠ্
to be excited with anger
- জল্পতুjalpatuTransitive verb
জপ কৰ্; উচ্চাৰণ কৰ্; যেনে-"সফল জীবন যে জন্ত্ত নিতু জল্পতু ৰাম" (বৰগীত)।
- জল্মলাIntransitive verb
চক্চক্ কৰ; জিলিক্ তিৰবিৰ
to glitter; to sparkle
- জহনি-যোৱাjo.ho.ni-jo`.waVerbal Adj.
জহনি বা হাইজা ৰোগত মৃত্যু হোৱা (গালি পৰা শব্দ)
dying of cholera (abusive words)
- জহনিত-যোৱাjo.ho.nit-jo`.waVerbal Adj.
জহনি বা হাইজা ৰোগত মৃত্যু হোৱা (গালি পৰা শব্দ)
dying of cholera (abusive words)
- জহাjahāIntransitive verb
বিয়প্; জোৰ্; যেনে-"গধূলিকা বেলাঃ তথাতে ৰহিলাঃ সকলে দিশ জহাই" (বঘাসুৰ)।
- জহি যাjo.hi jaVerb-Intran.
জৈবিক ক্ৰিয়াৰ দ্বাৰা নষ্ট হৈ যা৷
to become damaged due to biological degradation
- জহ্jahIntransitive verb
দ্ৰব হ; গেলি পচি যাঃ জহি যা
to be decomposed; to be dissolved; to rot away
- জাঁত কৰেja~t ko.reAdverb
আগতীয়া জাননী নোহোৱাকৈ অনাকাংক্ষিত ভাৱে হোৱা
happening unexpectedly without any prior warning
- জাঁত জাঁত; জাঁত জাঁত কৰি। জাঁত কৰেAdverb
হঠাৎ; চাট কৰে
suddenly
- জাঁপত জাঁপেjām̐pata, jām̐peVerb; Noun
জঁপিয়াই জঁপিয়াই; ডেও দি ডেও দি
advancing forward by leaps
- জাঁবলেjām̐baleAdverb
একেলগে ধৰি টানকৈ; যেনে-"জাঁবলে দুহাতে হৱদয়ত হানে মুঠি" (দশম)। "দুহাতে জবাঁলে ধাকুৰে হিয়া" (কীৰ্ত্তন)।
- জাউৰি পাতিjau.ri pa.tiAdverb
এচামৰ পাছত এচামকৈ
in subsequent batches, one after the other