কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কথা ৰাখ্Verb-Intran.
আগতে কৰা প্ৰতিজ্ঞা অনুসৰি কোনো কাম বা প্ৰতিশ্ৰুতি সম্পন্ন কৰা
to carry out certain task or obligations as per a promise previously made
- কথা-বতৰা পাতko.tha-bo.to.ra patVerb-Trans.
দুই বা ততোধিক ব্যক্তিৰ মাজত পৰস্পৰে মৌখিকভাৱে সংযোগ কৰ্
to verbally communicate interactively between two or more persons
- কথা-বন্ধেAdverb
(পু. অ.) কথাৰ আকাৰে; গদ্য- ৰচনা-ৰূপে।
in the form of prose composition
- কথান্তৰVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- কথায় কথায়Adverb
কথাই পতি; প্ৰতি কথাতে
at every word
- কথাৰ চলVerbal Adj.
কথা-বতৰাৰ মাজত কোনো বিষয় উত্থাপন কৰাৰ সুযোগ বা সুবিধা
the chance or opportunity to introduce a topic in the course of conversation
- কথাৰ মহলাko.thar mo.ho.laVerbal Noun
জনা শুনা কাৰোবাৰ লগত ঘৰুৱা কথা পতা বা পাতলীয়া, সৰস কথাৰে মেল মৰা
an informal,friendly conversation with people you know well.
- কথিkathiAdverb
ক'ত; কোন ঠাইত
where
- কথিকাko.thi.kaVerbal Noun
এক অনানুষ্ঠানিক বক্তৃতা বা ভাষণ
an informal speech or lecture
- কদাচkadācaAdverb
কদাপি; কেতিয়াও; কোনো কালতো
ever; even at any time
- কদাচিত্ko.da.sitAdverb
কোনো এক অনিৰ্দিষ্ট সময়ত ৷
At an indefinite or unstated time in future.
- কদাচিৎko.da.sitAdverb
কেতিয়াও নোহোৱা বুজাবলৈ ব্যৱহাৰ হয়, সদায় নেতিবাচক অৰ্থত ব্যৱহাৰ হয় |
Not ever; at no time in the past or future and it is always used in negation.
- কদাপিkadāpiAdverb
কদাচ; কেতিয়াও; কোনো কালতো; কোনো সময়তো
ever; at any time even
- কদৰ্থkadarthaNoun
বেয়া বা ভুল অৰ্থ
bad or wrong meaning
- কনকননিkon.ko.no.niVerbal Adj.
টকা বা অলংকাৰৰ দৰে শব্দ কৰা ।
ringing sounds as a small bell.
- কন্দা-কটা কৰ্kon.da-ko.ta korVerb-Intran.
To shed tears from the eye by spontaneous emotions.
- কন্দুবাkandubāTransitive verb
বেজাৰ বা বিৰক্তি লগাই কান্দিবলৈ দি; ক্ৰন্দন কৰা
to cauṣe to cry or weep
- কন্দুৱাVerb-Trans.
To make someone cry.
- কপজপাkop.jo.paVerb-Intran.
পানীত ডুবাৰ পৰা বাচিবলৈ হাত-মূৰ জোঁকাৰি উঠিবলৈ চেষ্টা কৰ্
to struggle to get out of water to avoid drowning
- কপাল ফুট্ko.pal phutVerb-Intran.
দুৰ্ভাগ্য উপস্থিত হ
to be unfortunate; to suffer from bad fortune