কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ল’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- লব্ধlabdhaAdjective
লাভ কৰা; পোবা
got
- লব্ধপ্ৰতিষ্ঠlob.dho.pro.tis.thoProper Adj.
বহুলোকে জনা আৰু সন্মান কৰা
Widely known and esteemed
- লভ্যlabhyaAdjective
পাব লগীয়া; পোবাৰ যোগ্য
fit to be gained
- লম্পটlampaṭaNoun
পৰ-স্ত্ৰীত আসক্ত মানুহ
a libertine
- লম্বাlambāAdjective
দীঘল
long
- লম্বিতAdjective
ওলমি থকা
hanging down
- লম্ভাlambhāAdjective
অতিৰঞ্জিত; মনে সজা, মিছাই যোৰা দিয়া; যেনে-'এক ভাগ সঁচা মাত্ৰ দশ ভাগ লম্ভা' (মা. ক., কিষ্কিন্ধ্যাকাণ্ড)
fabricated
- লম্লমীয়াlamlamīẏāAdjective
লমাৰ দৰে ওলমি থক্
hanging down like a bunch
- ললাকলাlalākalāAdjective
বৰ ভাগৰ লগা; দুখ ভাগৰত শক্তিহীন হোবা; শ্ৰান্ত
exhausted; fatigued
- ললাটীAdjective
কপালত থকা দুখ ভোগ কৰা (জীব)
suffering according to destiny
- ললিতlalitaAdjective
মনোৰম; সুন্দৰ; সুকোমল
beautiful; tender
- লহংlahamAdjective
ঘঁঘৰা, কঁকালৰপৰা ভৰিলৈ ওলমি পৰা স্ত্ৰী- পৰিধান
a skirt
- লহং-পহংProper Adj.
having the correct shape and size
- লহঙাlahaṅāAdjective
ঘঁঘৰা, কঁকালৰপৰা ভৰিলৈ ওলমি পৰা স্ত্ৰী- পৰিধান
a skirt
- লহপহীয়াAdjective
শ্ৰী ধৰা; ডাল পাতেৰে শুবনী হৈ বঢ়া
thriving; growing luxuriantly
- লহ্লহীয়াAdjective
লহপহীয়।
- লহৰ-পহৰProper Adj.
কিছু শকত আৰু প্ৰায় গোলযেন হৈ পৰা মানুহ বা আন জীৱৰ শৰীৰ
of a human being or an animal having a soft, round and slightly fat body
- লাং টোকোনাlang to’.ko’.naProper Adj.
যাৰ টকা-পইচা আৰু সম্পত্তি নাই
one who lacks money and wealth
- লাং লাং থাং থাংlām, lām, thām, thāmAdjective
অ'ত ত'ত পৰি থকা; বিশৱঙ্খলা; সিঁচৰতি
confused; scattered
- লাং-লাং থাং-থাংlang-lang thang-thangProper Adj.
কোনো পৰিকল্পনা নোহোৱা, চাৰিওফালে অ’ত-ত’ত পৰি থকা
with no particular order or plan; not organized well