কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিস্ময়াৱিষ্টbis.mo.ya.wis.toProper Adj.
বিস্ময়ত অভিভুত হোৱা, আচৰিত হোৱা|
Filled with the emotional impact of overwhelming surprise or shock.
- বিস্মৱতbismawataAdjective
পাহৰি যোবা
forgotten
- বিহতাbihatāAdjective
বিবাহিত; বিয়া-কৰা; . "বিহতা স্বামীত কেনে ভেলি নিকাৰুণী" (মা. ক., অযোধ্যাকাণ্ড)।
married
- বিহিতbihitaAdjective
উচিত; উপযুক্ত
proper
- বিহুৱাbi.hu.waProper Adj.
বিহু সম্পৰ্কীয় বা বিহুৰ সৈতে জৰিত
relating to bihu or associated with bihu
- বিহ্বলbihbalaAdjective
ভয়, শোক, দুখ আদিৰে অতিশয় পীড়িত বা আতুৰ
overwhelmed with grief, pain or fear
- বিড়ম্বিতbi.rom.bi.toProper Adj.
যাক প্ৰতাৰণা কৰা হৈছে তেনে ৷
Someone who has been mislead.
- বিয়জুবাbiẏajubāAdjective
সুত দিব লগা (ধাৰৰ টকা)
bearing interest
- বিয়জুৱাbi.yo.ju.waProper Adj.
পাছত ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত কাৰোবাৰ পৰা কোনো বস্তু বা ধন লোৱা ব্যক্তি
Someone who receives something or money on the promise to return it or its equivalent.
- বিয়া-কৰোৱাbi.ya-ko.ro`.waProper Adj.
বিয়া কৰোৱা মানুহ
Refers to a man who is married
- বিয়াগোমbiẏāgomaAdjective
বৰ ডাঙৰ
very large
- বিয়াতাbi.ya.taProper Adj.
বিয়া কৰোৱা মানুহ
Refers to a man who is married
- বিয়াপকbiẏāpakaAdjective
ব্যাপক; ব্যাপ্ত
announced; published; spread
- বিয়াপক্তbiẏāpaktaAdjective
ব্যাপক; ব্যাপ্ত
announced; published; spread
- বিয়ামোহbiẏāmohaAdjective
মুগ্ধ; হতজ্ঞান
amazed
- বিৰ দি
আঙুলিৰে ফালি বাট উলিয়া (ওকণি ধৰিবলে)
to part, as hair, as catch lice
- বিৰংসুbi.rong.xuProper Adj.
কামভাৱত প্ৰবলভাৱে আসক্ত।
inclined to, characterized by, or inciting to lust or lechery.
- বিৰক্তbiraktaAdjective
আসক্তি নথকা; বৰ ইচ্ছা নথকা
void of attachment for anything
- বিৰক্তিকৰbi.rok.ti.korProper Adj.
যি কাৰোবাৰ কামত বাৰে-বাৰে বাধা দি শান্তি, জিৰণি বা মৌনতা ভঙ্গ কৰে
sth that breaks the rest, calm or quiet by repeatedly inferering one's actions
- বিৰচিতbi.ro.si.toVerbal Adj.
গদ্য, পদ্য, বা কোনো পুথি লিখা কাৰ্য্য; গীত অথৱা সংগীত ৰচনা কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়
produced by writing, composing (Specially used for music, literature etc.)