কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কলিমলko.li.molAbstract Noun
ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।
A transgression of a religious or moral law, especially when deliberate.
- কলিমাkalimāNoun
মুছলমান ধৰ্ম্মৰ মূল মন্ত্ৰ
article of faith
- কলিযুগko.li.jugAbstract Noun
অসততা, কুভ্যাস আদি প্ৰচলিত এটি কাল বা যুগ, সাধাৰণতে বৰ্তমান প্ৰচলিত যুগ বা কালক বুজায়৷
an age or period when immorality, dishonesty etc prevails, specially refers to the modern age.
- কলিয়াবৰko``.li.ya.borProper Noun
নগাঁও জিলাৰ উল্লেখযোগ্য স্থান৷
An important place of Nagaon district of Assam.
- কলীয়াপানীko.liya.pa.niProper Noun
আন্দামান দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত প্ৰদেশ | ব্ৰিটিছ ৰাজত্বৰ সময়ত কাৰাবন্দী সকলক এই দ্বীপত থকা চেলুলাৰ জেইলত নিৰ্বাসন দিয়া হৈছিল | ইয়াক কলীয়াপানী বোলা হৈছিল | আজিৰ সময়ত কোনো বাট-পথ বিছিন্ন দূৰ্গম অঞ্চলক কলীয়াপানী বুলি কোৱা হয় |
Andaman islands is one of the central provinces of India. In the British period, the political prisoners were sent to the cellular jail in Andaman & Nicobar islands, which was not accessible by road.
- কলুষkaluṣaNoun
পাপ; অধৰ্ম্ম; পৰকালত দুখ দিয়া কাম
sin; vice
- কলূkalūNoun
কুঁহিয়াৰ-শাল; কোনো বস্ত্ত চেপি ৰস বা তেল উলিওবা যন্ত্ৰ
a crushing or pressing machine
- কলেক্টৰCommon Noun
কৰ-কাটল আদি সংগ্ৰহ কৰিবলৈ নিযুক্ত চৰকাৰী ব্যক্তি৷
A person employed to collect debts, duties, taxes etc.
- কলেজkalejaNoun
মহাবিদ্যালয়
college
- কলেবৰkalebaraNoun
গা; শৰীৰ; দেহ
the body
- কলেৰাko.le.raAbstract Noun
Infectious often fatal bacterial disease that affects small intestine
- কলেৱৰko.le.borMaterial Noun
জীৱিত বা মৃত, প্ৰাণী বা উদ্ভিদৰ শাৰীৰিক গঠন বা ভৌতিক ৰূপ।
the physical structure and material substance of an animal or plant, living or dead.
- কলৌkalauNoun
দ্বন্দ্ব; খৰিয়াল; বিবাদ
quarrel
- কলৌ-জপৌkalau-japauNoun
কলৰ-জপৰ; বিপদ-গ্ৰস্ত অবস্হা; থান-থিতি নথকা অবস্হা
troublesome state; state of helplessness
- কল্-ঠৰুবাkal-ṭharubāNoun
কলা-ঠৰুবা।
- কল্কkol.koAbstract Noun
ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।
A transgression of a religious or moral law, especially when deliberate.
- কল্কলনিNoun
কল্কল্ কৰা কাৰ্য্য
the act of making the above sound
- কল্কল্kalkalNoun
ল'ৰা বা চৰায়ে প্ৰথমে মাত কাঢ়িবলৈ কৰা অস্পষ্ট শব্দ; অতি বেগেৰে পানী পৰিলে হোবা শব্দ
an imitative word used to express the sound like that of the lisping of a baby, warbling of a bird or murmuring of water
- কল্কিkalkiNoun
হিন্দুবিলাকৰ বিশ্বাসমতে বিষ্ণুৰ দশম বা শেষ অবতাৰ [ভাগবত পৰাণৰ দ্বাদশ স্কন্ধমতে সম্বল নামৰ এখন প্ৰসিদ্ধ গাঁবত আৰু তাৰ বিষ্ণুযশ নামৰ এজন বামুণৰ ঘৰত কলিযুগৰ অন্তত কল্কিৰ জন্ম হ'ব। কল্কিয়ে দেবদত্ত নামৰ এটা মহা বলবন্ত ঘোঁৰাত উঠি তৰোবালেৰে পৱথিবীৰ সমস্ত অত্যাচাৰী লোকবিলাকক কাটি-মাৰি নাশ কৰিব; তাৰ পাছে আকৌ সত্যযুগৰ আৰম্ভ হ'ব।]।
- কল্কীkalkīNoun
হিন্দুবিলাকৰ বিশ্বাসমতে বিষ্ণুৰ দশম বা শেষ অবতাৰ [ভাগবত পৰাণৰ দ্বাদশ স্কন্ধমতে সম্বল নামৰ এখন প্ৰসিদ্ধ গাঁবত আৰু তাৰ বিষ্ণুযশ নামৰ এজন বামুণৰ ঘৰত কলিযুগৰ অন্তত কল্কিৰ জন্ম হ'ব। কল্কিয়ে দেবদত্ত নামৰ এটা মহা বলবন্ত ঘোঁৰাত উঠি তৰোবালেৰে পৱথিবীৰ সমস্ত অত্যাচাৰী লোকবিলাকক কাটি-মাৰি নাশ কৰিব; তাৰ পাছে আকৌ সত্যযুগৰ আৰম্ভ হ'ব।]।