কল্কী
kalkī
অৰ্থ
1.
হিন্দুবিলাকৰ বিশ্বাসমতে বিষ্ণুৰ দশম বা শেষ অবতাৰ [ভাগবত পৰাণৰ দ্বাদশ স্কন্ধমতে সম্বল নামৰ এখন প্ৰসিদ্ধ গাঁবত আৰু তাৰ বিষ্ণুযশ নামৰ এজন বামুণৰ ঘৰত কলিযুগৰ অন্তত কল্কিৰ জন্ম হ'ব। কল্কিয়ে দেবদত্ত নামৰ এটা মহা বলবন্ত ঘোঁৰাত উঠি তৰোবালেৰে পৱথিবীৰ সমস্ত অত্যাচাৰী লোকবিলাকক কাটি-মাৰি নাশ কৰিব; তাৰ পাছে আকৌ সত্যযুগৰ আৰম্ভ হ'ব।]।
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ