কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বাঁহপাতীbām̐hapātīNoun
পুঠি মাছৰ নিচিনা বাকলি থকা, বগা, চেপেটা, মূৰটো অলপ ভাঁজ লোবা এবিধ সৰু মাছ
a kind of small fish; Chela bacaila
- বাঁহফুলba~h.fulMaterial Noun
বাঁহফুল বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ এটা ভয়ানক সমস্যা৷ সাধাৰণতে চেপ্তেম্বৰ-অক্টোবৰ মাহত দক্ষিণ-পশ্চিম মৌচুমি বায়ুৰ পিছতে এই বাঁহফুল ফুলিবলৈ আৰম্ভ কৰে৷ বাঁহফুলাক দুৰ্ভিক্ষৰ আগজাননী বুলি বিশ্বাস কৰা হয়৷ তাৰ মূলতে হ’ল বাঁহফুল ভক্ষণ কৰি এন্দুৰ, নিগনি, চিকা আদিৰ দ্ৰুত বংশবৃদ্ধি ঘটে আৰু সেইবোৰেই খেতিপথাৰ, ভঁৰালৰ শস্য খায় শেষ কৰে৷ সাধাৰণতে বাঁহগছত ফুল ফুলাৰ পিছতে বাঁহজোপাৰ মৃত্যু হয়৷
bamboo flowers is a dreadful problem especially of NE India. Flowering of bamboo begins in September-October just after the South-West monsoon. When a bamboo flowers, as most of us know, it is in danger of dying. In local lore, when the bamboo flower ‘the rats feed on the flowers and seeds of the dying bamboo tree which activates a rapid birth rate among the rodents, which leads to the huge rat population feeding on agricultural crops in the fields and granaries and causing famine. Scientifically speaking the odd phenomena of bamboo flowering, is termed 'gregarious bamboo flowering' because the bamboo clumps flower all at the same time only once in the plants' lifetime. The reasons behind this strange occurrence are that bamboo plants die after flowering.
- বাঁহলাঙিbām̐halāṅiNoun
এবিধ লাঙি জাল।
- বাঁহাৰbām̐hāraNoun
জন্ত্তৰ ফাটক ঘৰ
a cattle pound
- বাঁহীbām̐hīNoun
বিন্ধা থকা মুখেৰে বজোবা সৰু গোটা বাঁহৰ বাদ্য
a flute
- বাঁহীবাদকba~.hi.ba.dokCommon Noun
বাঁহী বজোৱা ব্যক্তি ৷
a person who plays the flute.
- বাঁয়াbām̐ẏāNoun
দুটা তবলাৰ বাঁও ফালৰটো; ডুগি।
- বাঁৰীbām̐rīNoun
বিধবা তিৰোতা
a widow
- বাং-পিটাbām-piṭāNoun
শব্দ উঠাকৈ কৰা মাৰ-কিল; ডাঙৰ পিটন
a severe beating
- বাংককুবাbāṅkakubāNoun
এবিধ বাওধান
a species of bao paddy
- বাংকাbang.kaMaterial Noun
বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা দুই মূৰত খোপ বা খাঁজ কটা ফলা বাঁহৰে বনোৱা এবিধ যতন ৷
A split piece of bamboo having both the ends blunt, like a knob; which is used in carrying milk gallons etc. on the shoulder.
- বাংকেকbāṅkekaNoun
কেৰ্কেটুবা জাতিৰ আৰু তাৰ সমান এবিধ জন্ত্ত [ই এজোপা গছৰপৰা আনজোপা গছলৈ বৰ দীঘল জাপ মাৰিব পাৰে; তাকে মানুহে উৰি যোবা বোলে। প্ৰবাদ আছে যে পূৰ্ব্ব জনমত ই মানুহ আছিল; ৰজাৰ কৰ নিদি পলাই ফুৰাৰ বাবে শাপত এনে ৰূপ ধৰিলে। এবাৰ খোজ কাঢ়ে, এবাৰ উৰে, এই বাবে চৰাই আৰু পছবিলাকে ইয়াক এঘৰীয়া কৰিলে।]
a species of squirrle
- বাংকৰাbāṅkarāNoun
কেইবাবিধো পাচলি মিহলাই বন্ধা
a hotch- potch
- বাংগালোৰbang.ga.lo`rProper Noun
দক্ষিণ ভাৰতৰ এখন মহানগৰ৷ বিশ্বৰ তথ্য-প্ৰযুক্তিত এই মহানগৰৰ বিশেষ নাম আছে৷
The city in South India. Capital of the Indian state of Karnataka and considered to be the IT hub of India.
- বাংঙনাCommon Noun
এছিয়া মহাদেশৰ বিভিন্ন প্ৰান্তত উপলভ্য বেগুণীয়া ৰঙৰ এবিধ পাচলি।
A purple colored vegetable grown in many parts of Asia. botanical name Solanum melongena.
- বাংলাbang.laCommon Noun
1. a native or an inhabitant of Bangladesh, West Bengal or who speaks Bengali as first language
- বাংলাদেশbang.la.dexProper Noun
ভাৰতবৰ্ষৰ পূব প্ৰান্তত অৱস্থিত এখন স্বাধীন দেশ৷
An independent country to the East of India.
- বাংলাদেশীbang.la.de.xiCommon Noun
বাংলা দেশত বসবাস কৰা লোক ৷
A native or inhabitant of Bangladesh.
- বাংশbāṃśaNoun
বাঁহ
bamboo
- বাংশীbāṃśīNoun
বাঁহী; মুৰুলী
a flute