কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘শ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- শুকটিśukaṭiNoun
শুকান মাছ
dried fish
- শুকটীMaterial Noun
আঞ্জা খাবৰ উপযোগী শুকান মৰা পাত
Dry leaves of certain herbs suitable for making curry sauce
- শুকতিśukatiNoun
শুকান মাছ
dried fish
- শুকতৰাxuk.to.raProper Noun
সৌৰজগতৰ দ্বিতীয় গ্রহ যাক গধুলী আৰু পুৱাৰ সময়ত পশ্চিম আকাশত উজ্জলকৈ দেখা যায়
the planet second in order from the sun
- শুকদেবśukadebaNoun
ব্যাস মুনিৰ পুত্ৰ [এওঁ পৰীক্ষিত ৰজাক ভাগবত শুনাইছিল।]
the son of Vyāsa
- শুকদেৱxuk.debProper Noun
শুকদেৱ বেদ-প্ৰণেতা ব্যাস মুনিৰ পুত্ৰ আছিল৷ তেওঁ অতি বিদ্বান শাস্ত্ৰজ্ঞ পণ্ডিত আছিল আৰু ৰজা পৰীক্ষিতক ভাগৱত শুনাইছিল৷
Shuk was the son of sage Vyasa, who was the writer of the Vedas. He was a great scholar and recited Bhagawata in front of king Parikshit.
- শুকনিśukaniNoun
শুকাই যাবলৈ ধৰা; ৰস কৰি যোবা
the act of drying up or healing
- শুকলতিśukalatiNoun
প্ৰায় ক'লা বৰণীয়া পাত আৰু গছেৰে এবিধ লতা- চানেকীয়া বন-শাক [পাতবিলাক প্ৰায় লফা শাকৰ নিচিনা; গা শুকাবলৈ, বিশেষকৈ চেৰাশালিত পৰা তিৰোতাক, ইয়াক পাতত দি বা আঞ্জা কৰি খুবায়।]
a kind of pot-herb
- শুকান বৰফxu.kan bo.rophMaterial Noun
গোটা অৱস্থাত থকা কাৰ্বন ডাই-অক্সাইড৷
solidified carbon dioxide; dry ice sublimates at -78.5 C and is used mainly as a refrigerant.
- শুকান মাছxu.kan masMaterial Noun
নভজাকৈ ৰদত বা স্বাভাবিক পৰিৱেশত শুকুৱাই থোৱা মাছ।
dry fish or fermented fish.
- শুকুলাছদুśukulāchaduNoun
কোনো আচৰিত অস্বাভাবিক বা অমঙ্গলীয়া বস্ত্ত
an unusual or inauspicious thing
- শুকুৰśukuraNoun
শনিবাৰৰ আগদিনা; সপ্তাহৰ ছয় সংখ্যাৰ বাৰ
Friday
- শুকুৰবাৰśukurabāraNoun
শনিবাৰৰ আগদিনা; সপ্তাহৰ ছয় সংখ্যাৰ বাৰ
Friday
- শুক্লধ্বজxuk.lo.dhwojProper Noun
চিলাৰায় বা বীৰ চিলাৰায়ৰ (জন্ম:১৫১০ - মৃত্যু:১৫৭১) প্ৰকৃত নাম আছিল শুক্লধ্বজ৷ তেওঁৰ পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভ্ৰাতৃ ৰজা নৰনাৰায়ণ৷ তেওঁ নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল৷ তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল, সেয়ে তেওঁক চিলাৰায় বুলিও জনা যায়৷
The younger brother of Nara Narayan, the king of the Kamata kingdom in the 16th century. He was Nara Narayan`s commander-in-chief.
- শুক্লাxuk.laProper Noun
হিন্দু বিশ্বাস অনুসৰি জ্ঞান, শিক্ষা, সংগীত আৰু কলাৰ দেৱী৷
Hindu goddess of knowledge, learning, music and all forms of creative art.
- শুক্লেশ্বৰxuk.les.sworProper Noun
A Shiva Temple located near Panbazar locality on the bank of the River Brahmaputra.The present temple was constructed by the Ahom King Pramatta Singha (C1720AD).
- শুক্ৰśukraNoun
ভৱগু মুনিৰ পুতেক-দৈত্য-গুৰু
the preceptor of the Asuras
- শুক্ৰ গ্ৰহxuk.ro grohProper Noun
সৌৰজগতৰ দ্বিতীয় গ্রহ যাক গধুলী আৰু পুৱাৰ সময়ত পশ্চিম আকাশত উজ্জলকৈ দেখা যায়
the planet second in order from the sun
- শুক্ৰধানীNoun
শুক্ৰধানী
শুক্ৰধানী
- শুক্ৰবাৰxu.kro.barProper Noun
সপ্তাহৰ ষষ্ঠ দিন |
The sixth day of the week; the fifth working day.