কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভূপেনbhu.penCommon Noun
এখন সাৰ্বভৌম ৰাজ্যৰ পুৰুষ শাসনকৰ্ত্তা
a male sovereign ruler of a kingdom
- ভূপেন হাজৰিকাbhu.pen ha.jo.ri.kaProper Noun
সংগীতজ্ঞ, শিল্পী ভূপেন হাজৰিকাৰ জন্ম হয় ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে৷ তেওঁ ‘দাদা চাহেব ফাল্কে’ বঁটা (১৯৯২) পোৱা প্ৰথম অসমীয়া ব্যক্তি৷ ১৯৩৯ চনত কলকাতা অনাতাঁৰ কেন্দ্ৰৰ যোগেদি প্ৰথম গীত প্ৰচাৰ কৰা ড: হাজৰিকা ১৯৭৭ চনত ‘পদ্মশ্ৰী’ আৰু ২০০১ চনত ‘পদ্মভূষণ’ সন্মানেৰে বিভূষিত হয়৷ ১৯৮৭ চনত ‘শংকৰদেৱ বঁটা’ আৰু ২০০০ চনত সন্মানীয় ‘লতা মংগেশকাৰ বঁটা’ও লাভ কৰে৷ তেখেতে ১৯৯৩ চনত অসম সাহিত্য সভাৰ সভাপতিও হয়৷ অসমীয়া, হিন্দী আদি ভাষাত অসংখ্য গীত ৰচনা কৰাৰ লগতে সুৰ প্ৰদান কৰা হাজৰিকাই কেইবাখনো চলচ্চিত্ৰ নিৰ্মাণ আৰু পৰিচালনা কৰে৷ শেহতীয়াভাৱে ২০০৯ চনত অসম চৰকাৰে প্ৰথমবাৰৰ বাবে ‘অসম ৰত্ন’ সন্মানেৰে তেখেতক সন্মানিত কৰাৰ লগতে ‘কেবিনেট’ মৰ্য্যাদাও প্ৰদান কৰে৷২০১১ চনৰ ৫ নৱেম্বৰ তাৰিখে ৮৫ বছৰ বয়সত তেখেতৰ দেহাৱসান ঘটে৷
A legendary singer of Assam. He is known for his wonderful crisp voice and flawless diction, as a lyricist, he is known for poetic compositions and parables that touch on a wide range of themes-ranging from the erotic to social and political commentary, and as a composer for his use of folk music with a touch of the contemporary.He was born on September 8, 1926 in Sadiya, Assam. He earned a doctorate from Columbia University, New York for his dissertation titled, Proposals for preparing India`s basic education to use audio-visual techniques in adult education. He won the prestigious Dadasaheb Phalke award in 1992 for his lifelong contribution to Indian cinema.He breathed his last on November 5, 2011 at the age of 85 years.
- ভূবনbhu.bonMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- ভূবনেশ্বৰbhu.bo.ne.sworProper Noun
উড়িষ্যাৰ ৰাজধানী
Bhubaneswar, also spelt Bhubaneshwar Bhuban?swara, is the capital of the Indian state of Odisha, formerly known as Orissa.
- ভূবলোকbhūbalokaNoun
গন্ধৰ্ব্ব থকা স্বৰ্গ; যেনে-"গন্ধৰ্ব্ব ভূলোকৰ ভূবলোক হুইব স্হিতি" (অনাদিপাতন)
the world lying between the Earth and the heavens peopled by the Gandharvas
- ভূবিদbhu.bidCommon Noun
যি ভূতত্ত্ব অধ্যয়ন কৰে
one who studies geology
- ভূবীক্ষণbhu.bi.khyonMaterial Noun
পৃথিৱী পৃষ্ঠত থকা দূৰৰ বস্তু চাবলৈ ব্যৱহাৰ কৰা দূৰবীক্ষণ যন্ত্ৰ বিশেষ, যত প্ৰতিবিম্বটো ওলোটা নহয়৷
a telescope used for observing terrestrial objects, which gives an image that is not inverted.
- ভূভৃত্bhu.bhritMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- ভূমbhūmaNoun
"গিদ-কুমলি" চোবাঁ।
- ভূমণ্ডলbhūmaṇḍalaNoun
পৱথিবী
the globe
- ভূমথোৰীয়াbhūmathorīẏāNoun
এবিধ কাঠ-ফুলা।
- ভূমধ্যসাগৰbhu.mo.dhyo.xa.gorProper Noun
ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰা আটলান্টিকৰ সৈতে সংযুক্ত প্ৰায় চৌদিশে মাটিৰে ঘেৰা এখন সাগৰ৷
The Mediterranean Sea is a sea connected to the Atlantic Ocean surrounded by the Mediterranean region and almost completely enclosed by land: on the north by Southern Europe and Anatolia, on the south by North Africa, and on the east by the Levant. The sea is sometimes considered a part of the Atlantic Ocean, although it is usually identified as a completely separate body of water.
- ভূমিbhūmiNoun
মাটি
land; ground
- ভূমিকম্পbhūmikampaNoun
ভূঁইকঁপ।
- ভূমিকম্প বিজ্ঞানbhu.mi.kom.po bi.gyanAbstract Noun
ভূমিকম্পৰ উত্পত্তি-ক্ৰিয়া আদিৰ অধ্যয়ন কৰা বিজ্ঞানৰ শাখা৷ যেনে, "ভূমিকম্প বিজ্ঞানৰ গুৰুত্ব দিনে দিনে বাঢ়ি গৈছে"৷
The branch of geology that studies earthquakes. e.g., "Seismology is a very important branch of geology".
- ভূমিকম্প লেখন যন্ত্ৰbhu.mi.kom.po le.kha.n jon.troMaterial Noun
ভূমিকম্পৰ তীব্ৰতা, দিশ আৰু কম্পনৰ সময়ৰ দীৰ্ঘতা জোখা যন্ত্ৰ৷ যেনে, "ভূ-কম্প লেখন যন্ত্ৰটোৱে বৰ ডাঙৰ ভূমিকম্প এটা লিপিবদ্ধ কৰিলে"৷
A measuring instrument for detecting and measuring the intensity and direction and duration of movements of the ground (as an earthquake). e.g., "The seismograph showed a sharp spike in response to the earthquake"
- ভূমিকম্পবিদbhu.mi.kom.po.bidCommon Noun
ভূমিকম্পৰ বিষয়ে অধ্যয়ন কৰা ভূতত্ববিদ৷ যেনে, "ভূমিকম্পবিদসকলে ২০১১ চনৰ ছেপ্তেম্বৰ মাহত ভাৰতৰ চিকিম আৰু উত্তৰ-পূৱ অঞ্চলত অহা ভূমিকম্পটোৰ বিষয়ে অধ্যয়ন কৰি আছে"৷
A geophysicist who studies earthquakes and the mechanical characteristics of the Earth. e.g., "The seismologists are studying the earthquake that hit Sikkim and Northeast India in September 2011".
- ভূমিকাbhūmikāNoun
পুথিৰ পাতনি; মুখ-পাত; আৰম্ভণি; উপক্ৰমণিকা
an introduction; preface
- ভূমিচম্পাbhūmicampāNoun
এবিধ ফুল
a kind of grassy plant and its flower; kaepferia rotunds
- ভূমিচালbhūmicālaNoun
ভূঁইকঁপ; যেনে-"কটকৰ গিৰে আতি যাই ভূমিচাল" (ৰুক্মিণীহৰণ)
earthquake