কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- প্ৰমোদিতAdjective
হৰ্ষিত; আনন্দিত।
- প্ৰযুক্তprayuktaAdjective
যিটো প্ৰয়োগ কৰা হৈছে
applied
- প্ৰযুক্তি-প্ৰখৰpro.juk.ti-pro.khorProper Adj.
প্ৰযুক্তিবিদ্যা, বিশেষকৈ তথ্য-প্ৰযুক্তিত অতিপাট ৰাপ থকা আৰু জ্ঞান থকা
Proficient and keenly interested in the use of technology, especially computers
- প্ৰযুক্তিগতProper Adj.
প্ৰযুক্তি বিষয়ক
related to technology
- প্ৰযুতpro.jutVerbal Adj.
দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|
Having a link between two or more systems, persons, objects, events etc.
- প্ৰযোজ্যprayojyaAdjective
যাক প্ৰয়োগ কৰা হয়; যাৰ হতুবাই কোনো কাম কৰোবা হয়; (ব্যাকৰণ) নিজন্ত ক্ৰিয়াৰ অনিজ অবস্হাৰ কৰ্ত্তা।
- প্ৰলম্বpralambaAdjective
দীঘল
long
- প্ৰলম্বিতpralambitaAdjective
দীঘল; ওলমি থকা; প্ৰলম্ব; যেনে-"প্ৰলম্বিত বাহু মত্ত গজৰ সমান" (মা. ক., অযোধ্যাকাণ্ড)।
- প্ৰলুব্ধpralubdhaAdjective
অতিশয় লোভী।
- প্ৰলোভিতpro.lo`.bhi.toProper Adj.
ইন্দ্ৰিয় সুখ বা অন্য যিকোনো সোৱাদ বস্তুলৈ বৰকৈ লোভ কৰা৷
Fond of dainty things or sensual pleasure.
- প্ৰলয়ংকাৰীpro.loyong.ka.riProper Adj.
ধ্বংস বা বিনাশ কৰাৰ ক্ষমতা বা প্ৰৱণতা থকা
able to or having the intention to render useless or destroy.
- প্ৰলয়কাৰীpro.loy.ka.riProper Adj.
ধ্বংস বা বিনাশ কৰাৰ ক্ষমতা বা প্ৰৱণতা থকা
able to or having the intention to render useless or destroy.
- প্ৰলয়ঙ্কৰpro.lo.yong.korProper Adj.
ধ্বংস বা বিনাশ কৰাৰ ক্ষমতা বা প্ৰৱণতা থকা
able to or having the intention to render useless or destroy.
- প্ৰলয়ঙ্কৰ,-ৰীpralaẏaṅkara,-rīAdjective
প্ৰলয়কাৰী; ভয়ানক।
- প্ৰলয়ঙ্কৰীpro.lo.yong.ko.riProper Adj.
ধ্বংস বা বিনাশ কৰাৰ ক্ষমতা বা প্ৰৱণতা থকা
able to or having the intention to render useless or destroy.
- প্ৰশংসনীয়pro.xong.xo.ni.yoProper Adj.
যি প্ৰশংসা কৰাৰ যোগ্য
Something that deserves admiration
- প্ৰশংসাপূৰ্ণpro.xong.xa.pur.noProper Adj.
কোনোবা কাৰোবাৰ/কিহবাৰ প্ৰতি কৃতজ্ঞ হোৱা; আনন্দ বা তৃপ্তি পাই অথবা সন্মতি জনাই কৰা প্ৰশংসা৷
feeling or showing that one is thankful/grateful for somebody/something; showing appreciation,pleasure or enjoyment.
- প্ৰশংসিতAdjective
শলাগ পোবা।
- প্ৰশমিতpro.xo.mi.toProper Adj.
কোনো উপায়ে প্ৰভাৱ হ্ৰাস কৰা
effect reduced by some means
- প্ৰশস্তpraśastaAdjective
উত্তম; শ্ৰেষ্ঠ; বিশিষ্ট
superior; excellent; best