কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সমান্তৰ প্ৰগতিxo.man.tor pro.go.tiAbstract Noun
কিছুমান সংখ্যাৰ এটা অনুক্ৰম৷ ইয়াৰ প্ৰতিটো সংখ্যা পূৰ্বৱৰ্তী সংখ্যাটোৰ লগত এটা সাধাৰণ অন্তৰ যোগ কৰি পোৱা যায়৷
An arithmetic series is the sum of a sequence in which each term is computed from the previous one by adding (or subtracting) a constant
- সমান্তৰ মধ্যকxo.man.tor mo.dhyokAbstract Noun
the central tendency of a collection of numbers taken as the sum of the numbers divided by the size of the collection
- সমান্তৰ মাধ্যx.man.tor ma.dhyoAbstract Noun
the central tendency of a collection of numbers taken as the sum of the numbers divided by the size of the collection
- সমান্তৰকxo.man.to.rokMaterial Noun
সমান্তৰাল পোহৰ পাবলৈ বৰ্ণালীবীক্ষণ যন্ত্ৰ আদিত ব্যৱহৃত সজুঁলি৷
a equipment used in spectrometer to obtain parallel rays.
- সমান্তৰাল ক্ষেত্ৰxo.man.to.ral khyet.roProper Noun
এক চতুৰ্ভূজ যাৰ বিপৰীত বাহু দুটা সমান আৰু সমান্তৰাল হয় |
A figure having four sides, with the opposite sides set apart at an equal distance and of equal length.
- সমাপতিsamāpatiNoun
সমাপ্তি।
- সমাপনsamāpanaNoun
সম্পন্নকৰণ; সমাপ্ত বা সমাধা কৰা কাৰ্য্য
completion
- সমাপ্তিxo.map.tiAbstract Noun
যিটো সময়ত কোনো চলি থকা ক্ৰিয়া, ঘটনা বা প্ৰক্ৰিয়া বন্ধ হয় বা সম্পূৰ্ণ হয়৷
The point in time when an action, an event, or a phenomenon ceases or is completed.
- সমাবেশsamābeśaNoun
একেলগ কৰা কাৰ্য্য; . বিণ. সমাবিষ্ট।
act of putting together
- সমাবৰ্তনsamābartanaNoun
পুৰণি কালত, ব্ৰহ্মচৰ্য্যৰ শেষত গৱহস্হাশ্ৰমত প্ৰবেশ
- সমাবৰ্ত্তনsamābarttanaNoun
পুৰণি কালত, ব্ৰহ্মচৰ্য্যৰ শেষত গৱহস্হাশ্ৰমত প্ৰবেশ
- সমাযোজনVerbal Noun
খাপ খুৱাই লোৱা কাৰ্য্য; কোনো নিৰ্দিষ্ট অৱস্থা, স্থান বা উদ্দেশ্যৰ সৈতে খাপ খুৱাই লোৱা
the act of adjusting; adaptation to a particular condition, position, or purpose
- সমালোচকxo.ma.lo’.so.naCommon Noun
যি ব্যক্তিয়ে আন কাৰোবাৰ কামৰ দোষ, গুণ আদিৰ বিচাৰ কৰি নিজৰ ভাৱ প্ৰকাশ কৰে৷
One who forms and expresses judgments of the merits, faults, value, or truth of a matter
- সমালোচনsamālocanaNoun
সমালোচনা কৰা কাৰ্য্য
act of observing or remarking; act of riticising
- সমালোচনাsamālocanāNoun
ভালকৈ কৰা আলোচনা বা বিচাৰ; পৰামৰ্শ; আলচ; বিবেচনা; . বি. সমালোচন; বিণ. সমা- লোচিত; বিণ. সমালোচনী সক. ধা সমালোচনা কৰ।
criticism; consideration; review; consultation
- সমাশোধনxo.ma.xo`.dhonVerbal Noun
এখন ঠাইৰ সকলো বেংকৰ প্ৰতিনিধি লগ হৈ চেক্ সমূহ আদান প্ৰদান কৰা কাৰ্য্য৷
The Process of exchange of cheques among different banks as in each banks cheques of other banks are also deposited, so, in order to clear the payment clearing is done.
- সমাসsamāsaNoun
ব্যাকৰণত দুই বা ততোধিক পদৰ মাজৰ বিভক্তি লোপ কৰি এক পদ কৰা কাৰ্য্য; . সমাস-চিন বি. সমাস বা দুই পদ সংযুক্ত কৰাত শব্দ দুটাৰ মাজত দিয়া "-" চিন
a grammatical mode of forming compound word ; a hyphen between-two words compounded
- সমাসোক্তিAbstract Noun
অপ্ৰাসংগিক বিষয়ৰ গুণ বা ধৰ্ম প্ৰাসংগিক বিষয়ত আৰোপ কৰা অৰ্থালংকাৰ
a rhetoric device in which the quality of one thing is transferred to another
- সমাহাৰsamāhāraNoun; Adjective
চুম্বক; সংক্ষেপ; ; ব্যাকৰণৰ সমাস-বিশেষ; যেনে-"সমাহাৰ দ্বন্দ সমাস"
abridged ; abbreviated
- সমাহৰণxo.ma.ho.ronAbstract Noun
এটা বস্তুৰ একেলগে সকলো অংশ, যাতে প্ৰতিটো অংশ কেৱল বস্তুটোৰ সৈতে তাৰ সম্পৰ্কৰ বাবেহে বিবেচনা কৰা হয় ৷
all the parts of a thing taken together, so that each part is considered only in relation to the whole