কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিজস্বতাni.jo.swo.taAbstract Noun
কোনো আকৃতি বা গঢ় যি সঠিকভাৱে চিনাক্তকৰণত সহায় কৰিব পাৰে৷ এটা সুনিৰ্দিষ্ট চিহ্ন৷
A feature that helps to identify, tell apart, or describe recognizably; a distinguishing mark or trait.
- নিজান ঠাইNoun
lonely place
- নিজান-ফাটকnijāna-phāṭakaNoun
নিৰ্জ্জন বা আন কয়দী নথকা কোঠাত দিয়া ফাটক
solitary confinement
- নিজানন্দnijānandaNoun
সৰ্ব্বোত্কৱষ্ট; বৈকুণ্ঠ
the highest paradise
- নিজামnijāmaNoun
শাসনকৰ্ত্তা
a ruler
- নিজেni.jePronoun
বক্তাজনে তেওঁকে/তাইকে (নিজকে) বুজোৱা শব্দ|
refers to the speaker himself/herself.
- নিজেইPronoun
নিজকে নিজে কিবা ক্ৰিয়া কৰা বুজাবলৈ ব্যৱহাৰ কৰা শব্দ
referring to action taken on self.
- নিজৰণিNoun
কোনো বস্ত্তৰপৰা নিগৰি ওলোবা পানী
water oozing out of something
- নিজৰাNoun
পৰ্ব্বতৰপৰা অলপীয়াকৈ বৈ অহা পানী
water flowing from a hill or mountain in a small stream
- নিজৰি-কাপnijari-kāpaNoun
ছিবাহী সুমুবাই ল'ব পৰা কলম
fountain-pen
- নিঝৰাNoun
পৰ্ব্বতৰপৰা অলপীয়াকৈ বৈ অহা পানী
water flowing from a hill or mountain in a small stream
- নিটলniṭalaNoun
নিজম; নিৰল; একেবাৰে লৰচৰ নকৰাকৈ নিস্তব্ধ হৈ থকা অবস্হা
deep silence
- নিটালniṭālaNoun
নিজম; নিৰল; একেবাৰে লৰচৰ নকৰাকৈ নিস্তব্ধ হৈ থকা অবস্হা
deep silence
- নিতnitaNoun
নিত্য; সত্য, যেনে-"যতয়ে অনিতঃ নিত সম ভাসতঃ ঐছন চাতুৰী হৰি তোই" (বৰগীত)।
- নিত-বাটnita-bāṭaNoun
চলিত নিয়ম
prevalent rule
- নিতম্বnitambaNoun
পাছফালে কঁকালৰ তলৰ দুই তপিনাৰ মাজৰ ভাগ; পিঠিফালে কঁকালৰ তলৰ অংশ (বিশেষকৈ তিৰোতাৰ)
the buttocks
- নিতম্বিনীNoun
বহল আৰু সুন্দৰ নিতম্ব থকা তিৰোতা
a woman with big hips
- নিতলস্থMaterial Noun
জৈৱ-ভৌগোলিক অঞ্চল যিয়ে হ্ৰদ, সাগৰ বা সাগৰৰ তলৰ অংশ আৰু পাৰৰ উপকূলীয় আৰু অতিশিশয় অঞ্চল অন্তৰ্ভুক্ত কৰে৷
the biogeographic region that includes the bottom of a lake, sea, or ocean, and the littoral and supralittoral zones of the shore.
- নিত্য-সমাসNoun
এবিধ সমাস; যেনে-দেশান্তৰ (অন্য দেশ)
a form of compounding words in grammer
- নিত্যক্ৰমnityakramaNoun
দিনৌ কৰিব লগীয়া কাম; দৈনিক কাৰ্য্য-তালিকা
routine