কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হুৰা-মূৰাhu.ra.mu.raAbstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- হুৰামূৰাhurāmūrāNoun
বহুলোকে কৰা হাই-কাজিয়া বা গণ্ডগোল
a noisy affray; a tumult
- হুৰামূৰিhurāmūriNoun
বহুলোকে কৰা হাই-কাজিয়া বা গণ্ডগোল
a noisy affray; a tumult
- হুৰাহুৰিhurāhuriNoun
বহুলোকে কৰা হাই-কাজিয়া বা গণ্ডগোল
a noisy affray; a tumult
- হুৰুপীhurupīNoun
এবিধ বাওধান
a kind of paddy
- হুৰুমhu.rumCommon Noun
বৰা ধানৰ পৰা কৰা জলপান৷ ইয়াক ক’লা বৰা, ঘিউ বৰা, পাখি বৰা নাইবা ৰঙা বৰা চাউলৰ পৰা তৈয়াৰ কৰা হয়৷ হুৰুম বনাবলৈ চাউলখিনি তিনি-চাৰি দিনমান পানীত তিয়াই ৰখা হয় আৰু তাৰ পিচত ইয়াক ভজা হয়৷ ভজা চাউলখিনিক আকৌ ঢেঁকীত খুন্দি চালনিৰে চালি আকৌ বালিৰ লগত ভাজি হুৰুম বনোৱা হয়৷ ইয়াক দৈ, গৰম গাখীৰ, চেনি বা গুড়ৰ লগত পৰিবেশন কৰা হয।
a kind of Assamese tiffin made from Bora rice (a kind of glutinous rice). It is prepared from Kola bora, Ghiu bora, Pakhi bora or Ronga bora (varieties of Bora rice). The rice is soaked for three to four days and then it is fried. The fried rice is pounded in dheki, a homemade wooden mill in Assam to pound grains, and sifted to dehusk. Now the pounded and dehusked rice is again fried in hot sand and thus Hurum is prepared. It is served with curd, hot milk, yogurt, sugar or jaggery.
- হুৰুমাhu.ru.maCommon Noun
জুলীয়া গুড়ৰ তলত পৰি থকা চেনিৰ দৰে গোট বান্ধি থকা অৱশিষ্টখিনি
the sugar like crystals settled at the bottom of molasses
- হুৰুস্hu.ruxAbstract Noun
কোনো ডাঙৰ বস্তু পৰোঁতে হোৱাৰ নিচিনা শব্দ।
an imitative sound used to express the noise caused by something falling heavily, a dull sound, as of a heavy blow or fall.
- হুৰ্বলhurbalaNoun
বলেৰে টানি আঁজুৰি কামত নিযুক্তীকৰণ; ইচ্ছাৰ বিৰোধী কাম কৰিবলৈ কৰা বল
coercion; compulsion
- হুৰ্ব্বলhurbbalaNoun
বলেৰে টানি আঁজুৰি কামত নিযুক্তীকৰণ; ইচ্ছাৰ বিৰোধী কাম কৰিবলৈ কৰা বল
coercion; compulsion
- হুৰ্মংহনNoun
মান-হানি
defamation
- হুৰ্মতhurmataNoun
ইজ্জত; ইজ্জত-হানি; যেনে-'হুৰ্ম্মতৰ দাৰী'।
- হুৰ্ম্মতhurmmataNoun
ইজ্জত; ইজ্জত-হানি; যেনে-'হুৰ্ম্মতৰ দাৰী'।
- হুৰ্মৎhurmatNoun
মৰ্য্যাদা; মান; সম্ভ্ৰম
honour; dignity
- হুৰ্হুৰণিNoun
হুৰ্হুৰ্ কৰা কাৰ্য্য।
- হুৱা-দুৱাhu.wa-du.waAbstract Noun
সহজে সমাধা কৰিব বা পৰিত্ৰাণ পাব নোৱাৰা কোনো অস্থিৰ পৰিস্থিতি।
An unstable situation which is difficult to resolve.
- হূনhūnaNoun
প্ৰাচীন ভাৰতৰ উত্তৰ-পশ্চিম দিশেদি প্ৰবেশ কৰি ভাৰতত ৰাজ্য স্হাপন কৰা এটা জাতি
the Huns who invaded India in the early centuries of the Christian era
- হূলhūlaNoun
সৰু কাঁইট বা জোঙা বস্ত্ত
small thorn or pointed thing
- হূৰৱhri.robCommon Noun
কুকুৰ আৰু কুকুৰনেচীয়া বাঘৰ বংশধৰ, ভাল্পেচ আৰু আন সম্পৰ্কীয় প্ৰজাতিৰ অন্তৰ্গত এবিধ মাংসাহাৰী জন্তু, যাৰ কাণ দুখন থিয়, মুখখন জোঙা আৰু এডাল দীঘল ঘন নোমযুক্ত নেজ আছে৷
a carnivorous mammal of the genus Vulpes and related genera, related to the dogs and wolves and characteristically having upright ears, a pointed snout, and a long bushy tail.
- হৃদপিণ্ডhrid.pin.doMaterial Noun
ছন্দোময় সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা তেজৰ সঞ্চালন চলাই ৰখা ফোপোলা মঙহাল অঙ্গ
Hollow muscular organ maintaining the circulation of blood by rythmic contraction and dilation