কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভূ-বিজ্ঞানbhu-bi.gyanAbstract Noun
পৃথিৱীৰ গতিশীলতা আৰু ভৌতিক ইতিহাস, ইয়াক গঠিত কৰা শিলাখণ্ড, আৰু পৃথিৱীত ঘটি থকা বা আগেয়ে ঘটা বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিৱৰ্ত্তনৰ বিষয়ে চৰ্চ্চা কৰা বিজ্ঞানৰ এক ভাগ
the science that deals with the dynamics and physical history of the earth, the rocks of which it is composed, and the physical, chemical, and biological changes that the earth has undergone or is undergoing.
- ভূ-বিজ্ঞানীbhu-big.gya.niCommon Noun
যি ভূতত্ত্ব অধ্যয়ন কৰে
one who studies geology
- ভূ-ভাৰস্তbhu-bha.ros.toAbstract Noun
ভাৰতকে লৈ সমগ্ৰ পৃথিৱী৷
entire world including India.
- ভূঁইbhūm̐iNoun
মাটি; . b >2/b>। খেতি; কৱষি; যেনে-"গাঁও-ভূঁই নাইকিয়া দেশ"
land; ground ; cultivation
- ভূঁই-কোমোৰাbhūm̐i-komorāNoun
"পতালী কোমোৰা" চোবাঁ।
- ভূঁই-জালুকbhu~i-ja.lukCommon Noun
জলা সোৱাদ বিশিষ্ট এবিধ মছলা জাতীয় খাদ্য।
a spice with a strong and hot flavor
- ভূঁই-থোৰাbhūm̐i-thorāNoun
মাটি ফুটি ওলোবা শকত গাজ বা ঢোপাকলি
a large and stout sprout from the ground
- ভূঁই-লতাbhu~i-lo.taCommon Noun
কেঁচুবোৰ বলয়ী (এনিলিডা) বৰ্গৰ বৃহৎ প্ৰজাতি অলিগ’কেটাৰ সাধাৰণ নাম । কেঁচুবোৰে মাটিত গাত সান্দি অক্সিজেন জোগান ধৰাৰ উপৰিও ইহঁতৰ মল (কেঁচুমটা) এবিধ উত্তম সাৰ ।সমগ্ৰ পৃথিৱীত প্ৰায় ৩,০০০ বিধ কেঁচু আছে । এই মেৰুদণ্ডহীন প্ৰাণীবোৰ মুগা অথবা ৰঙা হয় আৰু শৰীৰটো কোমল । কেঁচুবোৰ কেই ইঞ্চিমানৰ পৰা ২২ ফুটতকৈও অধিক দীঘল হোৱা দেখা যায় । আটাইতকৈ দীঘল কেঁচুবিধ দক্ষিণ আফ্ৰিকা আৰু অস্ট্ৰেলিয়াত পোৱা যায় ।মাটি আৰু মাটিত থকা জৈৱ পদাৰ্থ কেঁচুবোৰৰ সাধাৰণ খাদ্য । মুখত ওঠ সদৃশ (প্ৰস্টমিয়ান) মাংসপেশী থাকে আৰু ইয়াৰ সহায়ত পোহৰ আৰু স্পন্দন অনুভৱ কৰে । দেহত থকা প্ৰায়বোৰ বলয়তে সূক্ষ্ম সূক্ষ্ম নোম থাকে ।কেঁচুবোৰ উওভয়লিঙ্গী হলেও ইহতৰ প্ৰজননৰবাবে দুদাল কেঁচুৰ প্ৰয়োজন হয় । কেঁচুৰ জননাংগটো দেহটোৰ শকত অংশ খিনিত থাকে । আজিকালি কেঁচুসাৰ এবিধ জনপ্ৰিয় জৈৱিক সাৰ হিচাপে পৰিগনিত হৈছে ।
Earthworm is the usual name for the largest members of Oligochaeta in the phylum Annelida. Earthworms (also called nightcrawlers) are very important animals that aerate the soil with their burrowing action and enrich the soil with their waste products (called wormcast). There are over 3,000 species of earthworms around the world. These invertebrates (animals without a backbone) range in color from brown to to red, and most have a soft body. Earthworms range in size from a few inches long to over 22 feet long. The largest earthworms live in South Africa and Australia. Earthworms eat soil and the organic material in it - like insect parts and bacteria. The mouth is covered by a flap (called the prostomium) which helps the earthworm sense light and vibrations. Tiny bristles (called setae) are on most segments of the earthworm's body. Although each earthworm is hermaphroditic (having both male and female reproductive systems), it takes two worms to mate and reproduce. The reproductive organs are in the clitellum (the enlarged segments in the middle of an earthworm). The clitellum later forms a cocoon which protects the developing eggs.
- ভূঁইকঁপbhūm̐ikam̐paNoun
পৱথিবীৰ কোনো এভাগৰ কঁপনি; ভূমিকম্প
earthquake
- ভূঁইচম্পাbhu~i.som.paCommon Noun
আয়ুৰ্বেদিক আৰু আধুনিক চিকিৎসা বিজ্ঞানত ব্যৱহৃত বহু ঔষধত প্ৰয়োগ কৰা এবিধ মচলা-জাতীয় উদ্ভিদ।
a spicy plant having many medicinal uses in Ayurvedic and allopathic medicinal systems.
- ভূঁইলতাbhūm̐ilatāNoun
কেঁচু
an earthworm
- ভূঁইৰোৱাbhu~i.ro`.waVerbal Noun
আগতে প্ৰস্তুত কৰা বোকা মাটিত কঠিয়া ৰোৱা কাৰ্য৷
Planting rice plant in a pre-preared muddy field.
- ভূঁহুৰbhūm̐huraNoun
ভেৰণি।
- ভূকম্পbhu.kom.poAbstract Noun
ভূগৰ্ভৰ প্ৰাকৃতিক বলৰ প্ৰভাৱত হোৱা পৃথিৱীৰ জোঁকাৰণি।
shaking of the earth by underground natural forces.
- ভূকম্পনbhu.kom.ponAbstract Noun
ভূগৰ্ভৰ প্ৰাকৃতিক বলৰ প্ৰভাৱত হোৱা পৃথিৱীৰ জোঁকাৰণি।
shaking of the earth by underground natural forces.
- ভূকাম্পিক সবলীকৰণbhu.kam.pik xo.bo.li.ko.ronAbstract Noun
Strengthening existing (buildings, other) structures) for Earthquake Resistance
- ভূখণ্ডbhu.khon.doMaterial Noun
এক বিশেষ কোনো এক ভৌগোলিক এলেকা।
A tract of land,a particular geographic area; a region esp. as considered with reference to its natural features, military advantages, etc.
- ভূগোলNoun
ভূমণ্ডল; পৱথিবী
the Earth
- ভূগোলকbhu.go`.lokMaterial Noun
পৃথিৱীৰ আৰ্হি মেপ থকা এটা গোলাকাৰ নক্সা বা বস্তু৷
A round model of the world; which a map (especially of the earth) is represented.
- ভূগোলবিদbhu.go`l.bidCommon Noun
যি ভূগোল অধ্যয়ন কৰে
one who studies geography