কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বহাগুbahāguNoun
বহাগত ওপজা মুনিহৰ নাম
the name sometimes given to a man born in the month of Bahāg (Vaiśākha)
- বহাৰীbahārīNoun
বোবাৰী; যেনে-"সাফল বহাৰী পাইলো পুত্ৰৰ সদৱশ" (ৰুক্মিণীহৰণ)
daughter-in-law
- বহি-ৰজাbahi-rajāNoun
কাৰ্য্যতঃ নহ'লেও ন্যায়তঃ ৰজা।
- বহিঃ গ্ৰহbo.hih gro.hoMaterial Noun
সৌৰজগতৰ বাহিৰৰ, কোনো নক্ষত্ৰ সাপেক্ষে প্ৰদক্ষিণ কৰা গ্ৰহ৷
An exoplanet or extrasolar planet is a planet that orbits a star other than the Sun.
- বহিঃ বিভাগMaterial Noun
A department in a hospital where patient are treated without hospitalization
- বহিঃজগতৰ প্ৰাণীbo.hih.jo.go.tor pra.niCommon Noun
পৃথিৱী ভিন্ন আন গ্ৰহৰ জীৱ
- বহিঃপ্ৰকাশbo.hih.pro.kaxAbstract Noun
কথা, কলা, সঙ্গীত বা ভঙ্গীৰ জৰিয়তে কিবা বুজোৱা বা প্ৰকাশ কৰা কাৰ্য্য।
The act of expressing, conveying, or representing in words, art, music, or movement; a manifestation.
- বহিঃপৰিক্ৰমাbo.hih.po.ri.kro.maAbstract Noun
আনদেশৰ সৈতে জড়িত বা কৰিবলগীয়া কাম-কাজ, বিষয়৷
(of a country)subjects and issues dealing with other countries, e.g. Ministry of External Affairs.
- বহিঃশুষ্মনbo.hih.xus.monMaterial Noun
কোনো ইন্ধন বা অন্য বস্তু জ্বলালে অক্সিজেন বা অম্লজানৰ সৈতে মিলিত হৈ ঘটা এক অৱস্থা, প্ৰক্ৰিয়া বা দহন, যাৰ ফলত পোহৰ, তাপ আৰু শিখা উত্পন্ন হয় ৷
a state, process, or instance of combustion in which fuel or other material is ignited and combined with oxygen, giving off light, heat, and flame
- বহিখোৱাbo.hi.kho’.waProper Adj.
কাম কৰিবলৈ এলাহ কৰা বা কাম কৰিব নিবিছৰা
disinclined to work
- বহিত্ৰbo.hit.roMaterial Noun
নাওঁ চলাবৰ বাবে ব্যবহাৰ কৰা কাঠেৰে বনোৱা এবিধ সজুলি ।
Instrument for rowing boat.
- বহিত্ৰ যানMaterial Noun
যন্ত্ৰচালিত স্থল পথত চলাব পৰা বাহন।
A road vehicle powered by an engine.
- বহিনাইbahināiNoun
বৈনাই।
- বহিনীNoun
ভনী
sister
- বহিষ্কাৰbo.his.kar.Verbal Noun
বাহিৰ কৰি দিয়া কাৰ্য্য বা অৱস্থা
the act of expelling or the state of being expelled.
- বহিষ্কৰণbo.hi.sko.ronVerbal Noun
বাহিৰ কৰি দিয়া কাৰ্য্য বা অৱস্থা
the act of expelling or the state of being expelled.
- বহিৰজাbo``.hi.ro.jaCommon Noun
পাটত বহি থকা প্ৰকৃত ৰজা।
the real king who is on the throne.
- বহিৰাগমনNoun
বাহিৰৰপৰা অহা কাৰ্য্য।
- বহিৰাবৰণbahirābaraṇaNoun
বাহিৰৰ ঢাকনি।
- বহিৰিন্দ্ৰিয়bahirindriẏaNoun
দেহৰ বাহিৰত থকা কৰ্ম্মেন্দ্ৰিয় আৰু জ্ঞানেন্দ্ৰিয় (চকু, কাণ, হাত, ভৰি আদি)
an external organ of sense or action