কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কলকণ্ঠko.lo.kon.thoAbstract Noun
শুৱলা, সুমধুৰ মাত বা শব্দ
sweet melodious voice or sound
- কলকলনিkol.ko.lo.niAbstract Noun
সৰু চৰাইৰ শুৱলা মাত
continuous sound of birds
- কলকল্লোলAbstract Noun
পানীৰ কুলু-কুলু শব্দ
murmuring sound of water
- কলকাতাkol.ka.taProper Noun
ভাৰতৰ এখন প্ৰধান মহানগৰ৷ ই পশ্চিম বংগৰ ৰাজধানী৷
A major city of metropolitan of India, the capital of the state of West Bengal.
- কলখাৰkalakhāraNoun
ভীম বা চপা আঠীয়া কলৰ শুকান বৌখা বা মধুনা পুৰি কৰা ছাই
the ashes of dried bark, root, etc., of the plantain tree
- কলগছkol.gosCommon Noun
মুছা প্ৰজাতিৰ অন্তৰ্গত গা-গছৰ একেবাৰে প্ৰান্তত ডাঙৰ আকাৰৰ পাত থকা আৰু দীঘলীয়া ফলৰ থোক ধৰা, উষ্ণ-মণ্ডলীয় এবিধ উদ্ভিদ
any of several tropical and subtropical treelike herbs of the genus Musa having a terminal crown of large entire leaves and usually bearing hanging clusters of elongated fruits
- কলগানkol.ganMaterial Noun
বাণীবদ্ধ গীত বা কথা বজাব পৰা যন্ত্ৰ৷ ১৮৭০ - ১৯৮০ ইং চনলৈ এই যন্ত্ৰবিধ বহুলভাৱে ব্যৱহৃত হৈছিল৷ ইয়াতে এটা বিশেষ পিন/বেজীৰ সহায়ত এখন চুম্বকীয় কাঁহীত খোদিত কৰি ৰখা শব্দবোৰ বজোৱা হয়৷
An antique record player; the sound of the vibrating needle is amplified acoustically. It is known to be the first device for recording and replaying sound. It was the most common device for playing recorded sound from the 1870s through the 1980s.
- কলগাড়ীkol.ga.riProper Noun
লোৰ পটিৰ ওপৰেৰে চলা, বহুতো ডবা থকা এক গণ-যাতায়ত ব্যৱস্থা৷
a mass transport system with a number of boggies that runs on a steel track.
- কলগ্ৰহkalagrahaNoun
গলগ্ৰহ; ডাঙৰ আহুকাল
an insurmountable difficulty
- কলঘোষkol.gho’xCommon Noun
a member of the cuckoo order of birds, the Cuculiformes, which also includes such birds as the roadrunners, the anis, and couas. It is found from southern Asia, China, and into Australia. Like many cuckoos, it lays its eggs in other birds' nests.
- কলঘৰkol.ghorMaterial Noun
কোনো বস্তু তৈয়াৰ বা নিৰ্মাণ কৰা ঘৰ
a building where sth is manufactured / built
- কলঙ্কkalaṅkaNoun
চেকা; দাগ
spot; stain
- কলচিkalaciNoun
ধুনীয়া সৰু কলহ; বিয়াৰ-পানী তোলা ঘট
a small water-jar
- কলচীkalacīNoun
ধুনীয়া সৰু কলহ; বিয়াৰ-পানী তোলা ঘট
a small water-jar
- কলচী উদ্ভিদkol.si ud.bhidCommon Noun
প্ৰাকৃতিক ভাৱে নাইট্ৰ’জেন অভাৱ হোৱা ঠাইত পোৱা এবিধ মাংসহাৰী উদ্ভিদ | বিশেষ ভাৱে ৰূপান্তৰ হোৱা কলচী আকৃতিৰ পাতৰ ভিতৰত পোক পৰুৱা আৱদ্ধ কৰি কলচীৰ ভিতৰত থকা পাচক ৰসেৰে তাক হজম কৰি নাইট্ৰ’জেনৰ অভাৱ দূৰ কৰে |
The Pitcher-plant is a carnivorous plant, a meat eater. Carnivorous plants usually live in nitrogen poor soils. They have 'learned' to augment the inadequate nitrogen available in the soil by capturing and consuming insects. The inside of the tubular shaped leaf is lined with downward pointing hairs. These hairs block an insect from climbing up the tube and escaping. The fluid in the bottom of the tube contains digestive juices that will consume the insect prey.
- কলছিkalachiNoun
ধুনীয়া সৰু কলহ; বিয়াৰ-পানী তোলা ঘট
a small water-jar
- কলছিপNoun
টানোতে মাছৰ কল ছিগি যোবা বৰশীৰ ছিপ।
- কলছীkalachīNoun
ধুনীয়া সৰু কলহ; বিয়াৰ-পানী তোলা ঘট
a small water-jar
- কলঞ্জkalañjaNoun
বিহ-কাঁড়েৰে বধ কৰা জন্ত্ত
an animal killed with a poisoned arrow
- কলঠিkalaṭhiNoun
কোলঠি।