কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কৰি-কাটি খাkori-kati khaVerb-Trans.
শ্ৰম কৰি উপাৰ্জন কৰ ৷
To earn livelihood by doing hard labour
- কৰুkaruVerb
কৰাঁ (অনুজ্ঞা)।
- কৰ্korVerb-Trans.
কোনো কাম সাধন কৰা
to materialize an action
- কৰ্কশভাৱেkor.kox.bha.beAdverb
কঠুৱা ভাষাৰে অথবা নম্ৰতা প্ৰকাশ নকৰাকৈ
in a discourteous or impolite manner
- কৰ্কৰণি, কৰ্ কৰণিIntransitive verb; Noun
কৰ্কৰ শব্দ কৰা কাৰ্য্য
the act of making biting sound
- কৰ্ণগোচৰkor.no.go`.sorVerbal Adj.
শ্ৰৱণেন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰা
detected or perceived by the sense of hearing
- কৰ্ণগোচৰ কৰ্kor.no.go`.sor korVerb-Trans.
কোনো এক বিষয়ত সম্যক ধাৰণা দিয়া ৷
To give or impart knowledge of a fact or circumstance to someone.
- কৰ্ণপাত কৰ্kor.no.pat korVerb-Intran.
Pay close attention to; give heed to
- কৰ্তন কৰ্kor.ton korVerb-Trans.
to penetrate with or as if with a sharp-edged instrument or object; to lower, reduce, diminish, or curtail
- কৰ্তৃত্বহীনkor.tri.two.hinVerbal Adj.
কোনো কৰ্তৃত্ব বা অধিকাৰ নথকা, অথবা আনুষ্ঠানিকভাৱে অধিকাৰ সাব্যস্ত নকৰা
not endowed with authority or official permission
- কৰ্ত্তৃত্ব দেkort.tri.two deVerb-Trans.
আনৰ হৈ কোনো কাম কৰিবলৈ স্বীকৃতি দে
To give authority to a person to act for others
- কৰ্ত্তৃত্বহীনkor.tri.two.hinVerbal Adj.
কোনো কৰ্তৃত্ব বা অধিকাৰ নথকা, অথবা আনুষ্ঠানিকভাৱে অধিকাৰ সাব্যস্ত নকৰা
not endowed with authority or official permission
- কৰ্ফাল খাkor.phal khaVerb-Intran.
এঠাইত পিছল খাই আন ঠাইত উফৰি পৰ
To fall downwards, often hitting the ground several times but usually without serious injury.
- কৰ্মবশতঃVerbal Noun
কাম অনুসৰি বা কামৰ কাৰণে
in accordance with work
- কৰ্মব্যস্তkor.mo.byos.toVerbal Adj.
কোনো কাম বা বিষয়ত মনোযোগ দি থকা |
To occupy the attention or efforts of (a person or persons).
- কৰ্ম্মকৰ্ত্তাkor.mo.kor.taVerbal Adj.
প্ৰকৃত কাম কৰোঁতা, যি প্ৰকৃততে কোনো কাম সম্পন্ন কৰে।
the real worker, who actually carries something into effect.
- কৰ্ম্মগতkor.mo.gotVerbal Adj.
নিজৰ কামৰ ফলস্বৰূপে লাভ কৰা বা ঘটা
earned or attained as a result of own acts
- কৰ্হাkarhāTransitive verb
খেতিৰ্ নিমিত্তে প্ৰথম বাৰ হাল বা; শস্য কৰিবৰ নিমিত্তে কেইবাবাৰো হাল বাব লাগে; যেনে-কৰ্হা, সমাৰ বা, মৈয়া, কঠীয়া-তোলা কৰ্; বোকা দি
to plough for the first time; to do the first ploughing
- ক’তko’’tAdverb
কোনো ঘটনা বা বস্তুৰ অৱস্থিতি জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ।
an interrogative adverb to ask in or at what place.
- ক’তনোko``t.no`Adverb
কোনো ঘটনা বা বস্তুৰ অৱস্থিতি জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ।
an interrogative adverb to ask in or at what place.