কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভুৰbhuraNoun
মাটিমাহ আদি শস্যৰ পাত খাই নষ্ট কৰা এবিধ সৰু বিছাৰ নিচিনা পোক
caterpillar injurious to crop
- ভুৰাbhurāNoun
গাত সেক দিবলৈ বন্ধা চাউল, ছাই, বালি আদি তপত বস্ত্তৰ টোপোলা
a bundle of hot rice, sand, etc. used for fomentation
- ভুৰা-বৰাbhu.ra-bo.raCommon Noun
পূৰ্ণবয়স্ক মতা অথবা পেটুৱা বৰা গাহৰি।
an adult male or pot-bellied wild-boar.
- ভুৰাবৰাbhurābarāNoun
মতা বা পেটুবা গাহৰি
a male wild boar or a big-bellied boar
- ভুৰামাছbhurāmāchaNoun
বহুবিধ সৰু মাছৰ সমূহ
small fishes of many kinds taken collectively
- ভুৰুংbhurumNoun
সৰু চৰাই মাটিৰপৰা উৰা মাৰোঁতে হোবা শব্দ
an imitative word used to express the sound like that produced by the flight of small birds
- ভুৰুকাbhurukāNoun
এবিধ মুখ-বহল, পেট-ডাঙৰ, চাপৰ চূণ থোবা মাটিৰ টেকেলি
an earthen limepot
- ভুৱনbhu.bonAbstract Noun
যিকোনো ঠাইতে থকা সকলোবোৰ
everything that exists anywhere
- ভুৱনমোহনbhu.bon.mo’.honProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- ভুৱনেশ্বৰbhu.bo.nes.worAbstract Noun
বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe
- ভুৱনেশ্বৰীbhu.bo.nes.wo.riProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- ভূbhūNoun
সম্বাদ; বাতৰি
information
- ভূ-অভিলেখAbstract Noun
চৰকাৰী বন্দৱস্তি মাটিৰ কাগজ-পত্ৰ
government settlement land papers
- ভূ-কম্প লেখন যন্ত্ৰbhu.kom.po le.kha.n jon.troMaterial Noun
ভূমিকম্পৰ তীব্ৰতা, দিশ আৰু কম্পনৰ সময়ৰ দীৰ্ঘতা জোখা যন্ত্ৰ৷ যেনে, "ভূ-কম্প লেখন যন্ত্ৰটোৱে বৰ ডাঙৰ ভূমিকম্প এটা লিপিবদ্ধ কৰিলে"৷
A measuring instrument for detecting and measuring the intensity and direction and duration of movements of the ground (as an earthquake). e.g., "The seismograph showed a sharp spike in response to the earthquake"
- ভূ-গোলাৰ্ধbhu-go`.lar.dhoAbstract Noun
বিষুৱ ৰেখাই সমানে দুভাগ কৰা পৃথিৱীৰ দুটা ভাগ
one of the two parts of the earth separated by the equator
- ভূ-চুম্বকীয় অক্ষbhu-sum.bo.ki.yo o.khyoAbstract Noun
পৃথিৱীয়ে এডাল দণ্ড চুম্বকৰ দৰে আচৰণ কৰে, যাৰ মেৰু কেইটা ভৌগোলিক উত্তৰ আৰু দক্ষিণ মেৰুৰ ওচৰত অৱস্থিত ৷ এই কাল্পনিক চুম্বকৰ মেৰু দুটা সংযোগী ৰেখাদালকে ভূ-চুম্বকীয় অক্ষ বোলা হয় ৷
The earth acts like a huge bar magnet whose poles lie close to the north and south geographic poles. The straight line between the poles of this imaginary magnet is called the `geomagnetic axis`.
- ভূ-পদাৰ্থবিজ্ঞানbhu-po.dar.tho.big.gyanAbstract Noun
the branch of geology that deals with the physics of the earth and its atmosphere, including oceanography, seismology, volcanology, and geomagnetism
- ভূ-পুত্ৰীbhu-put.riProper Noun
মিথিলাৰ ৰজা জনকৰ (তোলনীয়া)জীয়েক আৰু ৰামচন্দ্ৰৰ ভাৰ্যা৷ জনক ৰজাই নাঙলৰ সীৰলুত সীতাক লাভ কৰে৷
Sita is the wife of Rama the principal characters in the Ramayana, Sita was a foundling, discovered in a furrow in a ploughed field, and for that reason is regarded as a daughter of Bhudevi, the Goddess Mother Earth. She was found and adopted by Janaka, king of Mithila.
- ভূ-পৰিধিbhū-paridhiNoun
"বিষুব ৰেখা" চোবাঁ।
- ভূ-পৰ্যটনbhu-por.jo.tonAbstract Noun
কোনো এক অঞ্চলৰ পৰিবেশতন্ত্ৰৰ বিভিন্ন দিশৰ লগতে ইয়াৰ ভৌগোলিক, ভূতাত্বিক আৰু ভূ-আকৃতিগত বৈশিষ্টৰ অধ্যয়ণ আৰু সংৰক্ষণৰ লগতে স্থলদৃশ্য, জীৱাশ্ম, শিল, মণিক আদি প্ৰাকৃতিক সম্পদৰ বিষয়ে জ্ঞান আহৰণক সামৰি লোৱা পৰিবেশানুকুল পৰ্যটনৰ এটা অংশ৷
a branch of ecotourism that studies geographical, geomorphological, geological aspects of an area in addition to other features of ecotourism.