কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কমৰবন্ধনীko.mor.bon.dho.niMaterial Noun
সোণ অথবা ৰূপেৰে তৈয়াৰী কঁকালত পিন্ধা হাৰ৷
a chain made of gold or silver used as a girdle or ornament.
- কমৰবন্ধাMaterial Noun
কঁকালত পিন্ধা কাপোৰ খহি নপৰিবলৈ কঁকালত গোঁজা মাৰি সুমুওৱা অংশ
that part of a cloth which is tucked up about the hips to fasten it
- কমৰেডCommon Noun
একেলগে কাম কৰোঁতা ৷
An associate one works with
- কলkala
বৌখাৰে গা ঢকা আৰু বৌখাৰ আগত বৰ বহল- দীঘল পাত মেলা এবিধ গছ আৰু তাৰ ফল; [ইয়াৰ অনেক উপজাতি আছে; যেনে- আঠীয়া বা ভীম কল, চঁপাআঠীয়া, কেতেকী-সোন্দা, গোবিন্দ-তুলসী, চেনি-চম্পা, জবকা-দৰীয়া, জাতি, জাহাজী, পূৰা, দিগ্-যোবা, বগী-মনোহৰ, বৰত-মণি, শিমলু- মনোহৰ, মালভোগ, সোন্দা, হাতী-দঁতীয়া, ইত্যাদি]
banana or plantain; Musa sapiontum
- কল ফুলkol phulMaterial Noun
কলগছৰ ফুল| বহুতো অঞ্চলত ইয়াক খাদ্য হিচাপে খোৱা হয়| অসমত সাধাৰণতে ভীমকলৰ কলডিলক সকলোতকৈ উপাদেয় বুলি ভবা হয়|
Deep red colored flower of a banana plant. It is eaten as food in many parts of the world including Assam.
- কল-কণ্ঠkala-kaṇṭhaNoun
অস্পষ্ট মধুৰ শব্দ; সুবলা সুৰ।
- কল-কব্জাkol-kob.jaMaterial Noun
যন্ত্ৰ-কল আৰু অন্যান্য সা-সৰঞ্জাম ।
tools and instruments.
- কল-কাৰখানাkol-kar.kha.naMaterial Noun
কোনো বস্তু তৈয়াৰ বা নিৰ্মাণ কৰা ঘৰ
a building where sth is manufactured / built
- কল-কৌশলAbstract Noun
বিজ্ঞানৰ সূত্ৰসমূহ উদ্যোগ আদিত ব্যৱসায়িক লক্ষ্যত প্ৰয়োগ কৰা।
The application of science, especially to industrial or commercial objectives.
- কল-খোবা ধাতুNoun
কল খাই উঠা বা ডাঙৰ হোবা জীব।
- কল-চোঁচনিkala-com̐caniNoun
কল-পটুবা চুঁচি তাৰপৰা উলিওবা আঁহ; কল- পটুবাৰ আঁহ
fibre of the sheath of plantain tree
- কল-ঠৰুৱাkol-tho.ru.waMaterial Noun
কলপাতৰ মজৰ ডাঠ অংশ৷
The inner thick part of a banana leaf.
- কল-ডিলNoun
কল-গছৰ ফুলৰ কলি বা ভঁৰাল
the spadix of a plantain tree
- কল-নাওNoun
কলেৰে চলোবা নাও; জাহাজ
ship; a steamer
- কল-হংসkala-haṃsaNoun
ৰাজহাঁহ বা তেনে জাতিৰ পানীত থকা চৰাই; যেনে-"কলহংস ৰাব কাঞ্চি নূপুৰৰ নাদ। বদন-কমল তোৰ দেখন্তে আহ্লাদ" (মা. ক. অযোধ্যাকাণ্ড)
a gander
- কলংko.longProper Noun
ব্ৰহ্মপুত্ৰ নদৰ পৰা উত্পতি হোৱা নগাঁও জিলাৰ এটা সুঁতি ৷
A tributary of the Nagaon district which is originated from the Brahmaputra river.
- কলংকko.long.koAbstract Noun
লজ্জাজনক, অপৰাধমূলক বা হিংসামূলক কাৰ্য্যকলাপৰ পৰিণতিত হোৱা অতি বেয়া খ্যাতি, জনৰোষ বা তীব্ৰ নিন্দা।
extremely bad reputation, public reproach, or strong condemnation as the result of a shameful, criminal, or outrageous act.
- কলংকঘko.long.koghCommon Noun
ডিঙিত কেশৰ থকা এবিধ শক্তিশালী মাংসভোজী বনৰীয়া জন্তু
a powerful carnivorous wild animal with a hairy neck.
- কলংগাko.long.gaProper Noun
বৰাক দক্ষিণ-অসমৰ কাছাৰ অঞ্চলৰ এখন নদী| ই পশ্চিমৰ মণিপুৰ-পার্ৱত্য-অঞ্চলৰ পৰা উত্পন্ন হৈ লখিপুৰৰ ওচৰত সমভূমিত আহি পৰিছে| তাৰ পিচত কাছাৰ-অঞ্চলেদি প্রবাহিত হৈ বদৰপুৰ চহৰৰ ওচৰত দুই ধাৰাত বিভক্ত হৈ কৰিমগঞ্জ জিলাত প্রবেশ কৰিছে| দুই ধাৰাৰ নাম সুৰমা আৰু কুশিয়াৰা| শিলচৰ বৰাকৰ পাৰত অৱস্থিত বিখ্যাত চহৰ|
Barak is the river of Cachar. It rises in the Manipur Hills and enter the plains near Lakhipur. Then It flows through Cachar and near Badarpur city it biurcate into the Surma and Kushiyara river. Silchar is situated beside Barak.
- কলক-বানkalaka-bānaNoun
এবিধ সাঁফৰ থকা বান-বাটি
a cup with a foot and a cover