কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সংগতিxong.go.tiVerbal Noun
দুটা বা ততোধিক বস্তৰ, ঘটনা অথবা মানুহৰ মাজত থকা সম্পৰ্ক|
A relation between things or events (as in the case of one causing the other or sharing features with it).
- সংগতিহীনতাxong.go.ti.hi.no.taAbstract Noun
আচৰণ বা গুণৰ ক্ষেত্ৰত একে হৈ নথকা।
not staying the same in behaviour or quality.
- সংগমxong.gomVerbal Noun
পুৰুষ আৰু মহিলাৰ মাজত যৌন ক্ৰিয়া; যৌন সন্তুষ্টি নোহোৱা পৰ্য্যন্ত পুৰুষৰ যৌনাঙ্গ স্ত্ৰীৰ যোনিৰ ভিতৰলৈ সুমাই দি উত্তেজিত কৰা কাৰ্য্য।
The act of sexual procreation between a man and a woman; the man's penis is inserted into the woman's vagina and excited until orgasm and ejaculation occur.
- সংগীxong.giCommon Noun
একেলগে থকা বা ফুৰা ব্যক্তিসকল ৷
a friend,colleague or a companion
- সংগীতsaṅgītaNoun
সঙ্গীত; গান; নাম
music; a song
- সংগীত পৰিৱেশনxong.git po.ri.we.xonVerbal Noun
এজন বা কেইবাজনো লগ হৈ গীত, বাদ্য বা নৃত্যৰ (একেলগে বা বেলেগে বেলেগে) ৰাজহুৱা পৰিৱেশন কৰা৷
a public performance of music by one person or a group.
- সংগীত-পৰিচালকxong.git po.ri.sa.lokCommon Noun
নাটক, বোলছবি আদিত কি, কেনেকুৱা ধৰণৰ সংগীত ক’ত, কেনেকৈ ব্যৱহাৰ হ’ব, (কোনে গীত গাব), আৱহ সংগীতৰ ব্যৱহাৰ কেনেকুৱা হ’ব আদি আৰু অন্যান্য আনুসাংগিক বিষয় ঠিৰাং আৰু পৰিচালনা কৰা ব্যক্তি৷
a person who decides and manages music in a play, movie etc.
- সংগীতজ্ঞCommon Noun
সঙ্গীতৰ ক্ষেত্ৰত বিশেষ ব্যুৎপত্তি থকা ব্যক্তি
one who is skilled in music
- সংগীতবিজ্ঞানxong.git.bi.gyanAbstract Noun
সংগীতৰ ইতিহাস, তাত্বিক আৰু ব্যৱহাৰিক দিশ সমূহৰ অধ্যয়ণ
the study of the history, theory and practical aspects of music
- সংগীতবিদ্যাxong.git.bi.dyaAbstract Noun
সংগীতৰ ইতিহাস, তাত্বিক আৰু ব্যৱহাৰিক দিশ সমূহৰ অধ্যয়ণ
the study of the history, theory and practical aspects of music
- সংগীতশাস্ত্ৰxong.git.xas.troAbstract Noun
সংগীতৰ ইতিহাস, তাত্বিক আৰু ব্যৱহাৰিক দিশ সমূহৰ অধ্যয়ণ
the study of the history, theory and practical aspects of music
- সংগীতানুষ্ঠানxong.gi.ta.nus.thanAbstract Noun
সংগীত আৰু/বা বাদ্যযন্ত্ৰৰ ৰাজহুৱা পৰিৱেশন৷
A performance of music by players or singers not involving theatrical staging.
- সংগীতালেখ্যxong.gi.ta.le.khyoProper Noun
সঙ্গীতপ্ৰধান নাটক, ভাওনা অথবা অভিনয় আদি ।
A drama set to music; consists of singing with orchestral accompaniment and an orchestral overture and interludes.
- সংগীহীনতাxong.gi.hi.no.taAbstract Noun
অকলশৰীয়া অৱস্থা।
state of being lonely.
- সংগোপনsaṅgopanaNoun
ভালকৈ লুকোবা কাৰ্য্য
the act of concealing
- সংগ্লোজনVerbal Noun
বিভিন্ন সৰু-ডাঙৰ, ভিন ভিন ৰং বা গুণ সম্পন্ন বস্তু একগোট হোৱা প্ৰক্ৰিয়া
a jumbled cluster or mass of varied parts.
- সংগ্ৰথনxong.gro.thonMaterial Noun
শিল, বালি, পানী আৰু চিমেণ্ট মিহলাই প্ৰস্তুত কৰা নিৰ্মাণ সামগ্ৰী৷
An artificial, stone like material used for various structural purposes, made by mixing cement and various aggregates, as sand, pebbles, gravel, or shale, with water and allowing the mixture to harden.
- সংগ্ৰহsaṅgrahaNoun
একত্ৰীকৰণ; একে ঠাই কৰা কাৰ্য্য
collection; compilation
- সংগ্ৰহকাৰীCommon Noun
সংগ্ৰহ কৰা লোক৷
one who collects something.
- সংগ্ৰহশালাMaterial Noun
যত পুৰণি আৰু আপুৰুগীয়া বস্তুসমূহ সংগ্ৰহ কৰি ৰখা হয়।
A place where rare and old things of various interest are kept.