কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ড’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ডাঁৰণNoun
ডঁৰ লোবা কাৰ্য্য; অৰ্থদণ্ড কৰা কাৰ্য্য
the act of fining
- ডাঁৰাḍām̐rāNoun
ধাৰা; পানী যোবা বাট; সুঁতি
a channel
- ডাঁৰিḍām̐riNoun
বৰশী বোবা আগ-চিয়াঁ দীঘল মাৰি বা শলি
a fishing rod
- ডাঁৰিকিḍām̐rikiNoun
গছৰ গুটি পৰা, পাত কটা আদি কাম কৰা দীঘল মাৰি; সৰা
a long pole
- ডাঁৰিকীḍām̐rikīNoun
গছৰ গুটি পৰা, পাত কটা আদি কাম কৰা দীঘল মাৰি; সৰা
a long pole
- ডাংḍāmNoun
টাঙন; গোটা দীঘল মাৰি
a bar; a thick stick or staft
- ডাং-জাপিḍām-jāpiNoun
ডাং বা ধৰি ল'বলৈ নাল থকা, টুপ নোহোবা জাপি
a flat jāpi without the crown with a handle affixed in the middle
- ডাং-জালীḍām-jālīNoun
গোট গোট জালী নেবান্ধি এডাল ডাঙতে সৰহকৈ বান্ধি দিয়া মুগাৰ জালী।
- ডাংকোপdang.ko`pAbstract Noun
অহঙ্কাৰ কৰি নিজৰ বিষয়ে কোৱা বৰ বৰ কথা |
Praise of ones own advantages; speaking of yourself in superlatives.
- ডাংবৰলাdang.bo.ro.laCommon Noun
কেতিয়াও বিয়া নোহোৱা মতা মানুহ ৷
Man who has never been married.
- ডাইনḍāinaNoun
সোঁফাল; যেনে-"মৈন্দ দ্বিবিদঃ ৰাখন্ত বলতঃ নীলৰ ডাইন বাম" (মা. ক., লঙ্কাকাণ্ড)।
- ডাইনা-পালীḍāinā-pālīNoun
যিজনে দোহাৰত ওজাই লগাই দিয়া গীত গায় আৰু ওজাৰ পদবিলাকৰ অৰ্থ ভাঙি দিয়ে
a chorus singer explaining the meaning of songs
- ডাইনিং হলMaterial Noun
সাধাৰণতে স্কুল, বিশ্ববিদ্যালয় বা বৃহৎ সংস্থাৰ দৰে প্ৰতিষ্ঠানত পোৱা এটা সাম্প্ৰদায়িক স্থান, য’ত মানুহে একেলগে খাদ্য গ্ৰহণ কৰিবলৈ গোট খায়৷ ই প্ৰায়ে ব্যক্তিৰ এটা দলক খাদ্য সেৱা প্ৰদানৰ বাবে কেন্দ্ৰীয় স্থান হিচাপে কাম কৰে, ব্ৰেকফাষ্ট, লাঞ্চ বা ডিনাৰৰ বাবে বিভিন্ন ধৰণৰ খাদ্যৰ বিকল্প আগবঢ়ায়৷
A communal space typically found in institutions like schools, universities, or large organizations, where people gather to have meals together. It often serves as a central location for providing food services to a group of individuals, offering a variety of food options for breakfast, lunch, or dinner.
- ডাইনীḍāinīNoun
এজাতি ভূতুনী
a female spirit
- ডাইনী জামুdai.ni ja.muCommon Noun
দ ঠাইত হোৱা এবিধ মজলীয়া আকাৰৰ জোপোহা গছ, প্ৰায় ৫-৮ মিটাৰ ওখ; থোপা-থোপে লগা ইয়াৰ গুটি ঔষধত ব্যৱহৃত হয় ৷
an evergreen tree of moderate size; 5-8 m tall with rough fissured dark grey bark and with red flowers; scientific name: Barringtonia acutangula
- ডাইন’চৰdaiCommon Noun
পৃথিৱীত বহু কোটি বছৰৰ পূৰ্বে বিচৰণ কৰা ডাঙৰ আকাৰৰ সৰীসৃপজাতীয় প্ৰাণী৷
Dinosaurs were the dominant vertebrate animals of terrestrial ecosystems for over 160 million years, from the late Triassic period (about 230 million years ago) until the end of the Cretaceous period (65 million years ago), when most of them became extinct in the Cretaceous–Tertiary extinction event.
- ডাইবেটিচdai.be.tisProper Noun
এটা বংশোদ্ভৱ বেমাৰ, সাধাৰণতে তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি যায়, ঘনাই প্ৰস্ৰাৱ হয় আৰু শৰীৰত পানীৰ পৰিমাণ কমি যোৱাৰ ফলত অধিক পিয়াহ লাগে ৷
a polygenic disease characterized by abnormally high glucose levels in the blood; any of several metabolic disorders marked by excessive urination and persistent thirst.
- ডাউকḍāukaNoun
ঘৰ-শালিকাতকৈ কিছু ডাঙৰ, ক'লা বৰণৰ, দীঘল ডিঙি আৰু ঠেঙৰ এবিধ পানীত চৰি ফুৰা চৰাই
the water hen or the moor hen
- ডাউকীdau.kiProper Noun
ভাৰত পাকিস্থান সীমান্তত থকা মেঘালয়ৰ এখন সৰু চহৰ৷ ইয়াতেই দুখন পাহাৰৰ মাজত থকা দলঙে দুয়ো দেশক সংযোগ কৰিছে৷
Dawki is a town in Jaintia Hills district, Meghalaya, India. It is located at 25°11`0``N 92°1`0``E. It is on the border of India Bangladesh.Dawki-Tamabil is one of the few road border crossings between India and Bangladesh.
- ডাউনলোডVerbal Noun
ইন্টাৰনেটৰ পৰা কোনো বস্তু, ফাইল, তথ্য নিজৰ কম্পিউটাৰলৈ অনা কাৰ্য্য
the act or process of downloading data from one computer system to another, typically over the Internet.