কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আঁহām̐haNoun
মঙহ বা গছৰ ছাল বা ফল আদিৰ ভিতৰত থকা অতি মিহি সূতাৰ নিচিনা বস্ত্ত
fibre
- আঁহ-পাহNoun
শৰীৰৰ সিৰ আৰু তাৰ জোৰা বা গাঁঠি; যেনে,-তবেছি খোজ কাঢ়িলে শৰীৰৰ আঁহ- পাহ মুকলি হয়
nerves and muscles
- আঁহতām̐hataNoun
এবিধ অতি ডাঙৰ গছ
the peepul; ficus religiosa
- আঁহত গছa~.hot gosProper Noun
হিন্দু জাতিৰ বাবে এবিধ পৱিত্ৰ গছ| বিশাল আকৃ্তি আৰু পৰিসৰৰ বাবে এই গছবিধ বিশেষভাৱে পৰিচিত| বৌদ্ধধৰ্মীসকলেও আঁহত গছক পৱিত্ৰ গছ বুলি কয়|
Fig tree of India noted for great size and longevity; lacks the prop roots of the banyan; regarded as sacred by Buddhists and Hindus.
- আঁৰām̐raNoun
যি কোনো এটা বস্ত্ত যি আন এটা বস্ত্ত নেদেখাকৈ ৰাখে
a screen that which hides anything
- আঁৰ পৰ্বতProper Noun
ব্ৰহ্মপুত্ৰত উত্তৰ গুৱাহাটীৰ ওচৰত শিলাময় নদী দ্বীপ।অশ্বক্লান্ত মন্দিৰৰ ওচৰত থকা শ্ৰীকৃষ্ণ পদশিলাৰ পৰা আঁৰ পৰ্বতে কৰ্মনাশা শিলটো আঁৰ কৰে বা ঢাকি ধৰে৷
A small river island in Brahmaputra near North Guwahati. Found in Indian mythology.
- আঁৰ-কাপোৰNoun
বেৰৰ সলনি ব্যবহাৰ কৰা ডাঙৰ-দীঘল কাপোৰ; আঁৰ দিয়া কাপোৰ
a large screen of cloth
- আঁৰ-বেৰNoun
আবৰণ; ঢাকনি
a screen
- আঁৰকাপোৰar.ka.po’rMaterial Noun
দৰ্শনত বাধা দিয়া প্ৰতিবন্ধক|
barrier to block view.
- আঁৰলām̐ralaNoun
আঁৰ; ঢাকনি; নেদেখাঠাই
a retired place
- আঁৰল ঠাইa~.rol thaiAbstract Noun
কোনো কোঠা, পথাৰ বা অঞ্চলৰ এফালৰ সৰু অংশ৷
a corner, a secluded place
- আঁৰালām̐rālaNoun
আঁৰ; ঢাকনি; নেদেখাঠাই
a retired place
- আঁৰিām̐riNoun
গাত বাকলি নথকা গোটা-সজীয়া এবিধ ডাঙৰ তেলী মাছ
a kind of fish; Macrones aor
- আঁৱৰিa~.wo.riProper Noun
a disorder of the nervous system, characterized either by mild, episodic loss of attention or sleepiness (petit mal) or by severe convulsions with loss of consciousness (grand mal).
- আঁৱৰীয়াa~.wo.ri.yaProper Noun
a disorder of the nervous system, characterized either by mild, episodic loss of attention or sleepiness (petit mal) or by severe convulsions with loss of consciousness (grand mal).
- আংগামীang.ga.miCommon Noun
নগাসকলৰ উল্লেখযোগ্য জনগোষ্ঠী।
A major tribe of Naga society.
- আংগি-ভংগিang.gi-bhong.giAbstract Noun
কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।
a movement of part of body to express an idea or meaning.
- আংগিকবাদAbstract Noun
বাহ্যিক ৰূপৰ ওপৰত গুৰুত্ব দিয়া
an emphasis on the outward form or appearance
- আংগিনাang.gi.naMaterial Noun
ঘৰৰ আগফালে অথবা পিছফালে থকা মুকলি কিন্তু সমান ঠাই|
An area wholly or partly surrounded by walls or buildings.
- আংঠিāṇṭhiNoun
দুই ফুবাবলৈ আঙঠা ৰখা কেৰাহীৰ নিচিনা লোৰ সঁজুলি।