কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হুঁচিয়াৰিhu~.siya.riAbstract Noun
সম্ভাৱ্য বিপদ সম্পৰ্কে সজাগতা
the state of being alert against a possible danger
- হুঁচ্hu~sAbstract Noun
শৰীৰৰ যিকোনো এক গুণ (দৰ্শন, শ্ৰৱণ, ঘ্ৰাণ, স্বাদ বা স্পৰ্শ), যাৰ দ্বাৰা ইন্দ্ৰিয় জাগৃত হয়।
any of bodily faculties (of sight, hearing, smell, taste, touch)by which sensation is roused.
- হুঁচৰিhum̐cariNoun
বহাগৰ বিহুৰ কেইদিনত ঢোল, পেঁপা, তাল আদি বজাই নাচ-বাগ কৰি ফুৰা মানুহৰ জুম
a party of singers and dancers going about from house to house on the Bahāg Bihu days
- হুঁচৰি গাNoun
হুঁচৰিয়াৰ হুঁচৰি গোবা মানুহ; বিণ. হুঁচৰি- গোবা।
- হুঁছhum̐chaNoun
চেতনা; গম; জ্ঞান
sense; consciousness
- হুঁটাই-টাইhum̐ṭāi-ṭāiNoun
কোনো কাৰ্য্যৰ নিমিত্তে লৰালৰি; খৰ-ধৰ; আতাই- তাই
restless haste or hurry
- হুংকাৰhung.karAbstract Noun
বাঘ বা সিংহৰ চিয়ঁৰ।
loud cries of tigers or lions.
- হুই-হাইhui-hāiNoun
চিয়ঁৰ-বাখৰ; গোলমাল
hew and cry; commotion
- হুইপhu.ipAbstract Noun
কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সদস্যই নিৰ্বাচনৰ সময়ত বাধ্যতামূলকভাৱে উপস্থিত থাকি সেই পাৰ্টিৰ সদস্যকে ভোট দিবলৈ জাৰী কৰা এক আদেশ৷
a written order demanding that party members be present in parliament when there is to be an important vote or demanding that they vote in a particular way.
- হুইহিhuihiNoun
হঠাতে খোবা ভয় বা চঁকি উঠা অবস্হা
state of being seized by sudden terror; excitement
- হুকMaterial Noun
দুৱাৰ খিৰিকি বন্ধ কৰিবলৈ লগোৱা সৰু শলখা ।
Angled piece of rod used to secure or lock a door or window to its frame
- হুকিhukiNoun
বৰকৈ মৰা ভেকাহি; ডাঙৰকৈ দিয়া ডাবি
curt and angry words uttered very loudly in order to intimidate
- হুকিয়া-হুকিNoun
কেইবাজনৰো ভিতৰত পৰস্পৰ ডবিয়া-ডবি কৰা কাৰ্য্য
act of scolding one another
- হুকুমhukumaNoun
আজ্ঞা; আদেশ; অনুমতি
an order; a command; permission
- হুকুমনামাNoun
আজ্ঞা-পত্ৰ
a written order; a warrant
- হুকুমাhukumāNoun
ঠুহাৰ আকৱতিৰ কিন্ত্ত বৰ ডাঙৰ মাছ ধৰা যতন।
- হুকুমা-টেঙাhu.ku.ma-te.ngaCommon Noun
সেউজীয় বা হালধীয়া ৰঙৰ এবিধ টেঙা জাতীয় ফল৷
It is a citrus fruit of pale green to yellow when ripe, larger than a grapefruit. It's pulp tastes sweet when ripe and has thick spongy rind.
- হুগলীhug.liProper Noun
পশ্চিম বংগত গংগাৰ সূঁতিটোৰ নাম হুগলী৷ ফাৰাক্কাৰ ওচৰত গংগা দুভাগ হৈছে, এভাগ হুগলী(ভাগীৰথী-হুগলী) নামেৰে দক্ষিণলৈ বৈ গৈছে, আনভাগ পদ্মা নামেৰে বাংলাদেশত সোমাইছে৷
(traditionally called `Ganga`) An approximately 260 kilometres (160 mi) long tributary of the Ganges River in West Bengal, India.
- হুঙ্কাৰhuṅkāraNoun
গোজৰণি
act of roaring
- হুজhujaNoun
জুম পাতি বা বহুত গোট খাই থকা অনেক লোক; সমদল
a multitude; a crowd or train of persons