কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভুজীয়াbhujīẏāNoun
বুটৰ গুড়ি, ময়দা, লোণ, জালুক একেলগে পানীত গুলি ফুটা থকা হেতাৰে চেকি ঘিউত ভাজি কৰা খাদ্য বস্ত্ত
a kind of sweetmeat
- ভুঞ্জনbhun.jonAbstract Noun
সন্তোষ আৰু আনন্দেৰে কৰা কোনো বস্তুৰ দখল, ব্যৱহাৰ বা অধিকাৰ
the possession, use, or occupancy of anything with satisfaction or pleasure
- ভুটীয়াbhuṭīẏāNoun
ভোটৰ দেশত থকা বা উৎপন্ন হোবা
born produced or living in Bhutan
- ভুটুকbhuṭukaNoun
বাঁহৰ চুঙাত গুটি সুমাই মৰা হিলৈ
a kind of bamboo air gun
- ভুনভুননিbhun.bhu.no.niAbstract Noun
মৌমাখিয়ে পাখিদুখন কোবাই সৃষ্টি কৰা শব্দ
the act of a bee making a droning sound on its wings
- ভুনিbhuniNoun
ডাঙৰ-বহল চুৰিয়া; যেনে-"হিঙ্গুলীয়া ভুনিখান নীলবৰ্ণ পাৰি" (শঙ্কৰ-চৰিত)।
- ভুন্ভুনাbhunbhunāNoun
মাখি আদিৰ সৰু শব্দ
an imitative word used to express the buzzing of flies or bees
- ভুবbhubaNoun
চেলাউৰি; যেনে-"যুগল ভুবে জানিবা বান্দী" (ডাক-চৰিত)।
- ভুবনbhubanaNoun
জগত; ব্ৰহ্মাণ্ড
the world
- ভুবলোকbhubalokaNoun
ভুৰ্ভুবঃ স্বঃ এই তিনি লোকৰ মধ্যম লোক; আকাশমণ্ডল
the region between the earth and the heaven; the atmosphere
- ভুবাbhubāNoun
ফাঁকি; প্ৰবঞ্চনা
deceit; pretence
- ভুবুৰিbhuburiNoun
নোম, কেশ; যেনে-"ৰাঘবৰ বৈৰ আজি নিদলি পেলাওঁ। লাঞ্জে বান্ধি সাগৰত ভুবুৰি পকাওঁ" (মা. ক., সুন্দৰাকাণ্ড)
the hair of the body
- ভুবুৰ্Material Noun
a small ball of fibers that forms on a piece of cloth
- ভুমিকাbhu.mi.kaAbstract Noun
কিতাপ বা লেখাৰ আৰম্ভণিতে কৰা পৰিচয়সূচক মন্তব্য।
introductory remarks at the beginning of a book or writing.
- ভুমুকbhumukaNoun
"ভুমুক" (চোবাঁ)।
- ভুমুকিbhu.mu.kiVerbal Noun
অতি কম সময়ৰ কাৰণে দেখা দিয়া কাৰ্য ৷
a momentary or slight appearance.
- ভুলbhulaNoun
পাহৰণ; ভ্ৰম
forgetfulness
- ভুল সংশোধকProper Noun
ব্যক্তি, যাৰ কাম সমল প্ৰকাশৰ আগতে বানান আৰু আনুসাংঙ্গিক ভুল শুধৰণি কৰা
a person whose job is to check text for errors before it is published
- ভুল-চুকAbstract Noun
শুদ্ধতা বা সঠিকতাৰ পৰা আঁতৰি যোৱা; যি মিছা তাক বিশ্বাস কৰা অৱস্থা
a deviation from accuracy or correctness; the condition of believing what is not true
- ভুল-ভ্ৰান্তিAbstract Noun
শুদ্ধতা বা সঠিকতাৰ পৰা আঁতৰি যোৱা; যি মিছা তাক বিশ্বাস কৰা অৱস্থা
a deviation from accuracy or correctness; the condition of believing what is not true