কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিউট্ৰিন’niu.tri.no``Material Noun
মৌলিক কণা৷ অন্য মৌলিক কণাৰ সৈতে বৰ দুৰ্বলভাৱে ক্ৰিয়া কৰে৷
An elementary particle with half-integer spin, that interacts only via the weak subatomic force and gravity. The mass of the neutrino is tiny compared to other subatomic particles.
- নিউমনিয়াniu.mo.ni.yaAbstract Noun
যি কোনো প্ৰমেহৰ বাবে হাওঁফাঁওৰ স্বাভাৱিক কলাকোষৰ ঘনীভৱন হোৱা অৱস্থা৷
Inflamation of lung
- নিউমোনিয়াniumoniẏāNoun
হাঁও-ফাঁওৰ প্ৰদাহ।
- নিঋতিnir̥tiNoun
মৱত্যু আৰু সংহাৰৰ দেবী; নৈঋত দিশৰ অধিষ্ঠাত্ৰী দেবী।
- নিক`টিনিক এছিডMaterial Noun
ভিটামিন-বি কমপ্লেক্সৰ এটা উপাদান এক প্ৰকাৰৰ স্ফটিকীয় এচিড, যিটো সতেজ মাংস, ঈষ্ট (এককোষী ভেঁকুৰ) আদিত পোৱা যায়
a crystalline acid, that is a component of the vitamin-B complex, found in fresh meat, yeast etc.
- নিকটnikaṭaNoun
ওচৰ; সমীপ
a nearby place; vicinity
- নিকট দৃষ্টিni.kot dris.tiAbstract Noun
দূৰৰ পৰা চকুত আহি পৰা পোহৰ ৰেটিনাত পৰাৰ সলনি ৰেটিনাৰ সন্মুখত পৰাৰ কাৰণে দূৰৰ বস্তু ভালকৈ নেদেখি কেৱল ওচৰৰ বস্তু দেখা পোৱা চকুৰ এক বিকাৰ
a condition of the eye in which parallel rays are focused in front of the retina, objects being seen distinctly only when near to the eye
- নিকটতাni.ko.to.taAbstract Noun
কম দূৰত থকা অৱস্থা
The state being in a short distance apart
- নিকটত্বni.ko.to.twoAbstract Noun
কম দূৰত থকা অৱস্থা
The state being in a short distance apart
- নিকটাত্মীয়ni.ko.tat.mi.yoPronoun
তেজৰ সম্বন্ধ থকা ব্যক্তিক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ
a term used to describe blood relatives
- নিকটিনni.ko.tinMaterial Noun
ধপাতত থকা উপক্ষাৰ, ধপাত সেৱনৰ আসক্তিৰ মূল কাৰক।
alkaloid present in tobacco, the main factor responsible for the dependence-forming properties of tobacco smoking / chewing.
- নিকটৱৰ্তিতাni.ko.to.bor.ti.taAbstract Noun
কম দূৰত থকা অৱস্থা
The state being in a short distance apart
- নিকষnikaṣaNoun
কষটি; কষটি-শিলা
touchstone
- নিকষাnikaṣāNoun
ৰাবণৰ মাক
the mother of Rāvaṇa
- নিকাnikāNoun
মুছলমানৰ বিবাহ-ৰীতি
the marriage rite of Muhammedans
- নিকা-সংহতিnikā-saṃhatiNoun
কমলাবাৰী, বৰপেটা আদি সত্ৰৰ নিয়ম-কাৰণ-মতে চলা মহাপুৰুষীয়া সম্প্ৰদায়।
- নিকাসংহতিni.ka.xong.ho.tiAbstract Noun
শংকৰদেৱৰ মৃত্যুৰ পাছত, বৈষ্ণৱ ধৰ্ম্ম ব্ৰহ্মসংহতি,পুৰুষসংহতি, কালসংহতি আৰু নিকাসংহতি এই চাৰি ভাগত বিভক্ত হৈছিল৷ দামোদৰৰ মত হ`ল ব্ৰহ্মসংহতি , শংকৰৰ মত পুৰুষসংহতি, গোপাল দেৱৰ আৰু অনিৰুদ্ধদেৱৰ কালসংহতি আৰু মাধৱৰ নিকাসংহতিl
After Srimanta Sankardev, Baishavism in Assam breaks down to 4 sects. Brahma-sanghati by Damodardev, Kalsanghati by Gopaldev and Aniruddhadev, Nikasanghati by Madhavdev and Purushsanghati by Sankardev himself.
- নিকাহni.kahAbstract Noun
ন্যায়িক প্ৰক্ৰিয়া, ধৰ্মীয় অনুষ্ঠান আদিৰ যোগেদি এজন পুৰুষ আৰু এগৰাকী নাৰীয়ে স্বামী-স্ত্ৰী ৰূপে জীৱন কটোৱাৰ সিদ্ধান্ত ৰূপায়িত কৰাৰ বাবে পতা এক সামাজিক অনুষ্ঠান
the social institution under which a man and woman establish their decision to live as husband and wife by legal commitments, religious ceremonies, etc.
- নিকায়nikāẏaNoun
সমধৰ্ম্মবিশিষ্ট ব্যক্তিৰ সমূহ; সমাজ
body
- নিকাৰnikāraNoun
দুঃখ; জীয়াতু; যন্ত্ৰণা
distress; suffering